ETV Bharat / state

যুৱতীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ চিকিৎসক অৰূপ দত্ত

author img

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 1:45 PM IST

Lakhimpur Doctor arrested : লখিমপুৰত নিশা আৰক্ষীয়ে এজন চিকিৎসকক গ্ৰেপ্তাৰ কৰে । চিকিৎসকজন হৈছে অৰূপ দত্ত । এগৰাকী যুৱতীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগতে চিকিৎসকজনক গ্ৰেপ্তাৰ কৰা হৈছে ।

Lakhimpur Doctor arrested
গ্ৰেপ্তাৰ চিকিৎসক অৰূপ দত্ত
গ্ৰেপ্তাৰ চিকিৎসক অৰূপ দত্ত

লখিমপুৰ, ২৪ ফেব্ৰুৱাৰী : লখিমপুৰত সৃষ্টি হৈছে এক হুলস্থূলীয়া পৰিৱেশৰ ৷ কিয়নো লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এজন চিকিৎসক । গ্ৰেপ্তাৰ হোৱা চিকিৎসকজনৰ নাম অৰূপ দত্ত ৷ এগৰাকী যুৱতীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্তাপন হৈছে চিকিৎসক অৰূপ দত্তৰ বিৰুদ্ধে । কিন্তু এই কথা নস্যাৎ কৰিছে অভিযুক্ত চিকিৎসক দত্তৰ লগতে হাস্পতালখনত কৰ্মৰত অন্যান্য কৰ্মচাৰী, নাৰ্ছ আৰু ৰোগীৰ আত্মীয়ই ৷

তথ্য অনুসৰি, অভনীশ হস্পিতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰ (Avaneesh hospital & Research Center) ৰ স্বত্বাধিকাৰী হৈছে প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাঃ অৰূপ দত্ত । ডাঃ অৰূপ দত্তৰ চিকিৎসালয়ত কৰ্ম কৰাৰ হেতুকে সাক্ষাৎকাৰ দিবলৈ গৈছিল এগৰাকী যুৱতীয়ে ৷

তেতিয়াই হাস্পতালতে যুৱতীগৰাকীক গোপন স্থানত স্পৰ্শ কৰে ডাঃ অৰূপ দত্তই ৷ এই অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে ৷ এই অভিযোগৰ ভিত্তিতেই উত্তৰ লখিমপুৰ থানাৰ আৰক্ষীয়ে চিকিৎসক অৰূপ দত্তক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

সম্প্ৰতি লখিমপুৰ সদৰ আৰক্ষীয়ে সোধ-পোছা অব্যাহত ৰাখিছে অভিযুক্ত চিকিৎসকজনক । চিকিৎসক দত্তৰ বিৰুদ্ধে সদৰ থানাত ৪৩/২০২৪ নম্বৰৰ ৩৫৪A/৩৭৬/৫১১ ধাৰাত এক গোচৰ পঞ্জীয়ন কৰা হৈছে । আনকি আৰক্ষীয়ে চিকিৎসক দত্তক দণ্ডাধীশৰ আগত হাজিৰ কৰি জেল হাজোতলৈ পঠোৱাৰ প্ৰস্তুতি কৰিছে ।

ইফালে এই ঘটনাক ষড়যন্ত্ৰ বুলি আখ্যা দিছে অভিযুক্ত চিকিৎসক অৰূপ দত্তৰ মাতৃ আৰু পত্নীয়ে । অভিযোগকাৰী যুৱতীগৰাকীয়ে কাৰোবাৰ প্ৰৰোচনাত পৰি এই কাম কৰা বুলি অভিযুক্তৰ আত্মীয়ই উল্লেক কৰে৷ লগতে হাস্পতালখনত কৰ্মৰত একাংশ কৰ্মচাৰীয়েও এই ঘটনাক নুই কৰিছে ।

তেওঁলোকে উল্লেখ কৰা মতে, কেৱল হাস্পতালৰ কৰ্মচাৰীকেই নহয় ৰোগীকো চিকিৎসক অৰূপ দত্তই ভাল ব্যৱহাৰ কৰে ৷ অৱশ্যে আৰক্ষীৰ তদন্তৰ অন্ততহে সকলো তথ্য পোহৰলৈ আহিব ৷

লগতে পঢ়ক : ধৰ্ষণকাৰী প্ৰধান শিক্ষকক ২১ বছৰৰ সশ্ৰম কাৰাদণ্ড, 10 হাজাৰ টকাৰ জৰিমনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.