ETV Bharat / state

সজাগতাৰ অভাৱ-নাই চিকিৎসক : কলেৰাৰ সংক্ৰমণ ৰোধ হ'ব কেনেকৈ ? - Cholera cases in Assam - CHOLERA CASES IN ASSAM

Cholera cases in Assam: ডিব্ৰুগড় জিলাৰ বিভিন্ন চাহ বাগিচাত কলেৰা আৰু ডায়েৰিয়াৰ সংক্ৰমণে উদ্বেগৰ সৃষ্টি কৰিছে । প্ৰতিদিনে সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি হৈছে । সজাগতাৰ অভাৱৰ লগতে চিকিৎসক নথকাৰ বাবে স্বাস্থ্য বিভাগৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানে দেখা দিছে ।

Cholera cases in Assam
সজাগতাৰ অভাৱ, নাই চিকিৎসক; কলেৰাৰ সংক্ৰমণ ৰোধ হ'ব কেনেকৈ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 7:40 PM IST

মৰাণ,১৫ জুন : ডিব্ৰুগড় জিলাৰ কেইবাখনো চাহ বাগিচাত কলেৰা আৰু ডায়েৰিয়াই ভয়ংকৰ ৰূপ লৈছে । বাগিচা এলেকাত এজনৰ পাচত আন এজন লোক আক্ৰান্ত হৈছে । বিশেষকৈ জিলাখনৰ চাহ বাগিচা অঞ্চলত এই ৰোগৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে । কেৱল এয়াই নহয়, এই পৰ্যন্ত ৪ গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে । জিলাখনৰ নাহৰকটীয়াৰ জয়পুৰ চাহ বাগিচাতে প্ৰায় ৮০ গৰাকী লোক কলেৰা আৰু ডায়েৰিয়াত আক্ৰান্ত হৈছে । এনে পৰিস্থিতিত স্বাস্থ্য বিভাগত হাহাকাৰ লাগিছে ।

সজাগতাৰ অভাৱ, নাই চিকিৎসক; কলেৰাৰ সংক্ৰমণ ৰোধ হ'ব কেনেকৈ (ETV Bharat)

শুকুৰবাৰে ডিব্ৰুগড় ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কলেৰা ৰোগীৰ মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাত উদ্বেগ প্ৰকাশ কৰিছিল । আনকি স্বাস্থ্য বিভাগৰ তৎপৰতাত ৪-৫ দিনৰ ভিতৰত ডিব্ৰুগড়ত কলেৰা নিয়ন্ত্ৰণলৈ আহিব বুলিও তেওঁ আশ্বাস প্ৰদান কৰিছিল । এইক্ষেত্ৰত স্বাস্থ্য বিভাগক তৎপৰতাৰে কাম কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে ।

ইয়াৰ মাজতে শুকুৰবাৰে সন্ধিয়া ডায়েৰিয়াত পুনৰ দুজন শ্ৰমিক আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে । লগতে শনিবাৰেও পুৱা পুনৰ তিনিজন শ্ৰমিক ডায়েৰিয়াত আক্ৰান্ত হৈছে । আক্ৰান্ত শ্ৰমিককেইজনক জয়পুৰ চাহ বাগিচাৰ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে । উল্লেখ্য যে ওড়িশাৰ পৰা অহা এজন লোক ডায়েৰিয়াত আক্ৰান্ত হৈ মৃত্যুমখত পৰাৰ পিচতে অঞ্চলটোত ৭৫ গৰাকী শ্ৰমিক ডায়েৰিয়া সংক্ৰমিত হৈছিল আৰু চাহ বাগিচাখনত ডায়েৰিয়া তথা কলেৰাই ভয়ংকৰ ৰূপ ধাৰণ কৰে । অন্যান্য চাহ বাগিচালৈও ইয়াৰ সংক্ৰমণৰ আশংকা কৰা হৈছে ।

কিন্তু এতিয়া চাহ বাগিচা অঞ্চলৰ ৰাইজ সজাগ হোৱা নাই । চাহ বাগিচাৰ শ্ৰমিক লাইনসমূহৰ কদৰ্যময় পৰিৱেশে এইসমূহ ৰোগৰ কাৰক হ'ব পাৰে বুলিও বহুতে দাবী কৰিছে । একাংশ সচেতন লোকে সন্দেহ কৰা মতে কদৰ্যময় নলা-নৰ্দমা, বিশুদ্ধ খোৱাপানীৰ অভাৱ তথা অনাময় আঁচনিৰ অভাৱত মুকলি ঠাইতে মল-মূত্ৰ ত্যাগ কৰা বাবেই এই ৰোগে বাগিচাখনত ভয়াৱহ ৰূপ লৈছে ।

জানিব পৰা মতে নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত জয়পুৰ চাহ বাগিচাৰ উপৰিও উমাতাৰা, ডিচাম, তিনিআলি, হাপজান, নামচাং, সত্যনাৰায়ণ, বালিমৰা, কঠালনিকে আদি কৰি প্ৰায় ১০ খনৰো অধিক চাহ বাগিচাত নাই এগৰাকীও চিকিৎসক । ফলত উন্নত চিকিৎসা আৰু স্বাস্থ্য সজাগতাৰ অভাৱৰ বাবে ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণলৈ অহাৰ পৰিৱৰ্তে বৃদ্ধিহে পাইছে । এনে পৰিস্থিতিত মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে স্বাস্থ্য বিভাগৰ তৎপৰতাত ৪-৫ দিনৰ ভিতৰত ডিব্ৰুগড়ত কলেৰা নিয়ন্ত্ৰণলৈ অহাতো সম্ভৱ হ'ব নে সেয়া এক ডাঙৰ প্ৰশ্ন !

লগতে পঢ়ক :হাওৰাত কাম কৰিবলৈ গৈ কিছুলোকে কলেৰাৰ বীজাণু কঢ়িয়াই আনিছে ডিব্ৰুগড়লৈ : মুখ্যমন্ত্ৰী - Cholera Cases in Dibrugarh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.