ETV Bharat / state

আদালতৰ জামিন লৈ ডিফুত উপস্থিত মিলন বুঢ়াগোঁহাই

author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 9:46 PM IST

Assam viral audio case: লাচিত গগৈৰ সৈতে মোৰ কোনো লেনদেন নাই: মিলন বুঢ়াগোঁহাই ৷

lachit gogoi milan buragohain viral audio case suspended atasu leader milan buragohain got anticipatory bail
মিলন বুঢ়াগোঁহাই
মিলন বুঢ়াগোঁহাইৰ ভাষ্য

ডিফু, 15 ফেব্ৰুৱাৰী : এটা ভাইৰেল ফোনকল, দুই নেতাৰ কথা চলিছে কাৰ্বি আংলঙৰ মাজেৰে চুপাৰি ছিণ্ডিকেট কেনেদৰে চলাব পাৰি ৷ আৰু হঠাতে ভাইৰেল সেই ফোনকল ৷ খেলিমেলি হৈ থাকিল সকলো ৷ কোনোবা দলৰ পৰা বহিষ্কাৰ হ’ল, কোনোবাই পদত্যাগ কৰি পলাই যাবলগীয়া হ’ল ৷ গোটেই অসমতে হুলস্থূল লাগি গ’ল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

চুপাৰি ছিণ্ডিকেটৰ প্ৰসংগক কেন্দ্ৰ কৰি কেইমাহমান পূৰ্বে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হোৱা ব্যাপক চাঞ্চল্যৰ লগতে উক্ত বিতৰ্কত নাম সাঙোৰ খাই আটাছুৰ সভাপতিৰ পদ এৰিবলগীয়া হোৱা মিলন বুঢ়াগোঁহাই অৱশেষত সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰি বৃহস্পতিবাৰে উপস্থিত হয় ডিফুত ।

বিগত প্ৰায় ছমাহ কাল আত্মগোপন কৰি থকাৰ অন্তত আজি ডিফু সদৰ থানাত উপস্থিত হয় মিলন বুঢ়াগোঁহাই । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰাক্তন আটাছু নেতাগৰাকীয়ে বিতৰ্কিত অডিঅʼ ক্লিপটোত থকা কণ্ঠ তেওঁৰ নহয় বুলি কৌশলেৰে মন্তব্য কৰে । লগতে, লাচিত গগৈৰ সৈতে কোনো ধৰণৰ ধনৰ লেনদেন হোৱা নাই বুলি দাবী কৰাৰ লগতে লাচিত গগৈ কেৱল তেওঁৰ ভাল বন্ধু বুলিহে আখ্যা দিয়ে ।

উল্লেখ্য যে, চুপাৰি ছিণ্ডিকেটক কেন্দ্ৰ কৰি লাচিত গগৈ আৰু মিলন বুঢ়াগোঁহাইৰ মাজৰ বাৰ্তালাপৰ অডিঅʼ ক্লিপিং সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগতে এই প্ৰসংগত কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষকৰ নামো উল্লেখ হৈছিল । ইয়াৰ পিচতে কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই ডিফু সদৰ থানাত এক গোচৰ পঞ্জীয়ন কৰাৰ পিচৰে পৰাই আত্মগোপন কৰি আছিল তদানীন্তন আটাছুৰ সভাপতি মিলন বুঢ়াগোঁহায়ে । ডিফু আৰক্ষীয়ে এই সন্দৰ্ভত বহিষ্কৃত বিজেপি নেতা লাচিত গগৈ আৰু বোকাজানৰ দুই সাংবাদিককো গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়ক : Viral Audio Case: ভাইৰেল অডিঅ’ কাণ্ডৰ এটা গোচৰত জামিন লাভ প্ৰাক্তন বিজেপি নেতা লাচিত গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.