কোকৰাঝাৰ, ৩০ মাৰ্চ : প্ৰায় ৫ বছৰৰ অন্তত ন্যায় পালে এটা পৰিয়ালে । ধৰ্ষণৰ বলি হোৱা নাবালিকাৰ মুখত আজি সামান্য হাঁহি বিৰিঙিছে । কিয়নো ধৰ্ষণকাৰীক আদালতে ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫০ হাজাৰ টকাৰ জৰিমনা বিহিছে । এই ঘটনা কোকৰাঝাৰ জিলাৰ । কোকৰাঝাৰৰ বিশেষ আদালতে শনিবাৰে পক্সো আইনৰ অধীনত ধৰ্ষণকাৰী হবিবুৰ ৰহমানৰ বিৰুদ্ধে এই শাস্তি ঘোষণা কৰে । আনহাতে জৰিমনা অনাদায়ে পুনৰ এবছৰৰ সাধাৰণ কাৰাদণ্ড খাটিব লাগিব বুলিও বিশেষ আদালতৰ ন্যায়াধীশ জে কোচে ৰায়দানত উল্লেখ কৰিছে ।
- " class="align-text-top noRightClick twitterSection" data="">
গোচৰটো সন্দৰ্ভত চৰকাৰী অধিবক্তা মঞ্জিত কুমাৰ ঘোষে কয় যে ২০১৮ চনৰ ২ আগষ্টত অভিযুক্ত হবিবুৰ ৰহমানে এগৰাকী ১১ বছৰীয়া নাবালিকাক মোবাইল চোৱাৰ প্ৰলোভন দি ৰূমলৈ লৈ গৈছিল আৰু ধৰ্ষণ কৰিছিল । সেই ঘটনা সন্দৰ্ভত নাবালিকাগৰাকীৰ সৈতে খেলি থকা একাংশ সমনীয়াই পৰিয়ালৰ লোকক অৱগত কৰে আৰু লগে লগে পৰিয়ালটোৰ মাজত হাহাকাৰ লাগে ।
পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকসকলে নাবালিকাগৰাকীক উদ্ধাৰ কৰে আৰু কোকৰাঝাৰ জিলাৰ বগৰীবাৰী আৰক্ষী থানাত এটা গোচৰ ৰজু কৰে । সেই গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত হবিবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে । ইফালে বিগত প্ৰায় ৫ বছৰ ধৰি ভুক্তভোগী নাবালিকা আৰু তেওঁৰ পৰিয়ালে দোষীৰ কঠোৰ শাস্তিৰ বাবে অপেক্ষা কৰি আছিল । শনিবাৰে কোকৰাঝাৰৰ বিশেষ আদালতৰ এই ৰায়দানৰ পিচতে ভুক্তভোগী পৰিয়ালটোৱে কিছু সন্তোষ পাইছে । এই ৰায়দানক পৰিয়ালটোৰ লগতে সচেতন ৰাইজেও আদৰণি জনাইছে । আনহাতে সমাজত যাতে এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰো কামনা কৰিছে ।
লগতে পঢ়ক :নিশা শিলচৰৰ সোণাইৰোডত লোমহৰ্ষক হত্যাকাণ্ড - Murder At Silchar