ETV Bharat / state

যোৰহাটৰ আৰক্ষী অধীক্ষক মোহনলাল মীনাক গ্ৰেপ্তাৰৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ - ULFA I GRENADE ATTACK

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 8:27 AM IST

Jorhat Grenade Attack : নিয়াৰ চাৰ্জশ্বীটত নাই যোৰহাটৰ যুৱক দীপাংকৰ গগৈৰ নাম ৷ তাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ যোৰহাটৰ আৰক্ষী অধীক্ষক মোহনলাল মীনাক গ্ৰেপ্তাৰৰ দাবী তোলে সংগঠনটোৱে ৷

ULFA I GRENADE ATTACK
যোৰহাটৰ যুৱক প্ৰয়াত দীপাংকৰ গগৈ (ETV Bharat Assam)

গুৱাহাটী, 27 জুন: 2023 চনৰ 14 ডিচেম্বৰৰ সন্ধিয়া যোৰহাটৰ লিচুবাৰীৰ সেনা ছাউনীত সংঘটিত হৈছিল গ্ৰেণেড বিস্ফোৰণৰ ঘটনা ৷ এই ঘটনাৰ সৈতে জড়িত থকা বুলি অনুমান কৰা হৈছিল আলফা(স্বা) ক ৷ ঘটনা সন্দৰ্ভত মঙলবাৰে নিয়াই আদালতত দাখিল কৰে চাৰ্জশ্বীট ৷

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ (ETV Bharat Assam)

সেইসময়ত যোৰহাট আৰক্ষীয়ে বিস্ফোৰণৰ সৈতে জড়িত থকাৰ সন্দেহত আটক কৰিছিল তিতাবৰৰ বিৰিণাশায়েক গাড়িকুৰি গাঁৱৰ 22 বছৰীয়া যুৱক দীপাংকৰ গগৈক ৷ 21 ডিচেম্বৰৰ পৰা 24 ডিচেম্বৰৰ মাজনিশালৈকে আৰক্ষীয়ে দীপাংকৰ গগৈক নিৰ্যাতন চলোৱাৰ বিৰুদ্ধে উত্থাপিত হৈছিল ভয়ংকৰ অভিযোগ ৷ তাৰপাছতে 25 ডিচেম্বৰৰ পুৱতি নিশা ৰহস্যজনকভাৱে বাসগৃহৰ পিছফালে উদ্ধাৰ হৈছিল দীপাংকৰৰ মৃতদেহ ৷

লগতে পঢ়ক: যোৰহাট গ্ৰেণেড বিস্ফোৰণত জড়িত নাছিল দীপাংকৰ : আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী পৰিয়ালৰ - ULFA I GRENADE ATTACK

ইয়াৰ পাছতেই দীপাংকৰৰ মৃত্যুক কেন্দ্ৰ কৰি তিতাবৰত সাব্যস্ত কৰা হৈছিল ব্যাপক প্ৰতিবাদ ৷ পৰৱৰ্তী সময়ত অসম চৰকাৰে অতিৰিক্ত মুখ্য সচিব কে চি ছামাৰিয়াক এই কাণ্ডৰ তদন্তৰ দায়িত্ব দিছিল যদিও আজিপৰ্যন্ত প্ৰকাশ নাপালে প্ৰতিবেদন ৷

ৰহস্যজনক বিষয় এয়ে যে, শেহতীয়াকৈ নিয়াই আদালতত দাখিল কৰা চাৰ্জশ্বীটত নাই দীপাংকৰ গগৈৰ নাম ৷ এই কথাক কেন্দ্ৰ কৰি পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ এই চাৰ্জশ্বীট যে আঁসোৱাহপূৰ্ণ সেই দাবী উত্থাপন কৰিছে সংগঠনটোৱে ৷

লগতে পঢ়ক: সেনা ছাউনীত আলফা (স্বাধীন)ৰ আক্ৰমণ: পৰেশ বৰুৱাসহ চাৰি অভিযুক্তৰ বিৰুদ্ধে NIA ৰ অভিযোগনামা দাখিল - ULFA I Attack On Army Stations

তদুপৰি যোৰহাট আৰক্ষীয়ে নিজৰ মুখ ঢাকিবলৈকে দীপাংকৰ গগৈক নিৰ্যাতন চলাই হত্যা কৰিলে বুলি অভিযোগ উত্থাপন কৰি তদানীন্তন যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক মোহনলাল মীনাক গ্ৰেপ্তাৰৰ দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ সমান্তৰালকৈ তিতাবৰৰ মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰি আৰু তিতাবৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লক্ষ্মণ কুমাৰ দাসক তৎকালীনভাৱে গ্ৰেপ্তাৰৰ দাবী জনাইছে সংগঠনটোৱে ।

লগতে পঢ়ক: সেনা শিবিৰত সংঘটিত গ্ৰেণেড আক্ৰমণৰ সন্দৰ্ভত পৰেশ বৰুৱাৰ বিৰুদ্ধে NIA ৰ চাৰ্জশ্বীট দাখিল - NIA chargesheets agaisnt ULFA I

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.