ETV Bharat / state

ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধি...জীৱন্ত ৰাস উদযাপন সমিতিলৈ ২৫ হাজাৰ টকাৰ আৰ্থিক অনুদান - ASSAM CABINET DECISIONS

অসম চৰকাৰ কেবিনেট বৈঠকত দেওবাৰে গ্ৰহণ কৰে কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ অহা ফেব্ৰুৱাৰীৰ ভিতৰত ADR পৰীক্ষাৰ ফলাফল ঘোষণাৰ সম্ভাৱনা ৷ চাওক সবিশেষ-

Assam Cabinet decisions
অসম চৰকাৰ কেবিনেট বৈঠক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 27, 2024, 3:43 PM IST

গুৱাহাটী: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত দেওবাৰে দিছপুৰৰ লোক সেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সংবাদমেলত মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু জয়ন্ত মল্লবৰুৱাও উপস্থিত আছিল ।

দেওবাৰে গ্ৰহণ কৰা কেবিনেটৰ সিদ্ধান্তসমূহ হ’ল-

  1. ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে সুখবৰ । বৃদ্ধি পালে মৰগীয়া বানচ (DA)। ৰাজ্যিক কৰ্মচাৰীসকলৰ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধি কৰা হৈছে । দেওবাৰে কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৰ্তমান ৰাজ্যিক কৰ্মচাৰীসকলে ৫০ শতাংশ মৰগীয়া বানচ পাই আছিল, এতিয়া বৃদ্ধি হৈ ৫৩ শতাংশ হ'ল । কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমহাৰত ৰাজ্যিক কৰ্মচাৰীয়ে এতিয়া লাভ কৰিব মৰগীয়া বানচ । এই নতুন DA ডিচেম্বৰৰ দৰমহাত কৰ্মচাৰীসকলে লাভ কৰিব । নতুন DA জুলাইৰ পৰা কাৰ্যকৰী হ'ব আৰু বকেয়া ডিচেম্বৰ মাহৰ পৰা মাৰ্চলৈ চাৰিটা কিস্তিত কৰ্মচাৰীসকলে লাভ কৰিব । আনহাতে দীপাৱলী উপলক্ষে কৰ্মচাৰীসকলক অক্টোবৰ মাহৰ দৰমহা সোমবাৰৰ পৰা দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে ।
  2. আজিৰ কেবিনেটত জীৱন্ত ৰাস অনুষ্ঠিত কৰা উদযাপন সমিতিসমূহক ২৫ হাজাৰ টকাৰ আৰ্থিক অনুদান দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে । মূৰ্তিৰ ৰাস অনুষ্ঠিত কৰাসকলে এই অনুদান লাভ নকৰিব । ৰাজ্যত জীৱন্ত ৰাস অনুষ্ঠিত কৰা প্ৰায় দুই হাজাৰ উদযাপন সমিতি ইয়াৰ দ্বাৰা উপকৃত হ'ব । আনহাতে ৰাস উদযাপনৰ বাবে অনুমতি লাভৰ ক্ষেত্ৰত আৰক্ষী নাইবা প্ৰশাসনক কোনো ধৰণৰ মাচুল দিব নালাগে ।
  3. আসাম টি প্লেনটেচন প্ৰভিডেণ্ট ফাণ্ড আঁচনিখনত আগতে এটা বাধ্যবাধকতা আছিল । কোনো শ্ৰমিক বা কৰ্মচাৰীয়ে ১৫ হাজাৰৰ ওপৰত দৰমহা পালে প্ৰভিডেণ্ট ফাণ্ডৰ ধন তেওঁলোকে Dedact কৰিব নালাগে ৷ দৰমহা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিত এই আঁচনিখনত অসুবিধা নোহোৱাৰ বাবে আজিৰ কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি দৰমহা নাইবা মজুৰি যিয়েই নহওক কিয় শ্ৰমিক-কৰ্মচাৰীসকল প্ৰভিডেণ্ট ফাণ্ডৰ লগত জড়িত হৈ থাকিব ।
  4. আজিৰ কেবিনেটে ৯৭ টা পথ প্ৰকল্প আৰু ৭০ টা মাইনৰ জলসিঞ্চন প্ৰকল্প নাৱাৰ্ডৰ পৰা কৰাৰ বাবে অনুমোদন জনায় ।
  5. লোক নিৰ্মাণ বিভাগত আগতে কাম কৰি থকা কিন্তু এ পি এছ চিত নিৰ্বাচিত নোহোৱা ৩৬ জন সহকাৰী অভিযন্তাক কাম কৰি যোৱাৰ বাবে পুনৰ থ্ৰি-এফত আজিৰ কেবিনেটে নিযুক্তি দিয়ে ।
  6. কেবিনেটৰ সিদ্ধান্ত অনুসৰি নৱনিৰ্মিত তামুলপুৰ জিলাত নিৰ্বাচন বিভাগ গঠন কৰা হয় ।
  7. চৰকাৰৰ বিভিন্ন হাস্পতাল আৰু মেডিকেল কলেজত ঔষধ ক্ৰয় কৰাৰ বাবে ১৭৫ কোটি টকা আজিৰ কেবিনেটত অনুমোদন জনোৱা হয় ।
  8. অসম পুলিচৰ সামগ্ৰিক আন্তঃগাঁঠনি উন্নয়নৰ বাবে চলি থকা মৈত্ৰী আঁচনিৰ বাবে কেবিনেটে ১৫০ কোটি টকা অনুমোদন দিয়ে ।
  9. নুমলীগড় শোধনাগাৰাত চলি থকা প্ৰকল্পটোৰ জৰিয়তে শোধনাগাৰটোৰ শোধন ক্ষমতা ৯ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি পাব । অসম চৰকাৰৰ ইয়াত ২৬ শতাংশ অংশীদাৰিত্ব আছে । এই অংশীদাৰিত্ব বৰ্তাই ৰখাৰ বাবে আজিৰ কেবিনেটে ২০৫ কোটি টকা নুমলীগড় শোধনাগাৰত বিনিয়োগ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে ।
  10. ৰিলায়েন্স বায় এনাৰ্জিৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰাৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায় । গ্ৰীণ এনাৰ্জি উৎপাদনৰ দিশত অধ্যয়ন আৰু সম্ভাৱনীয়তাৰ ক্ষেত্ৰত ৰিলায়েন্সৰ লগত এই চুক্তি কৰা হ'ব ।
  11. অসমৰ ধনুৰ্বিদ জয়ন্ত তালুকদাৰক আজিৰ কেবিনেটে অসম পুলিচত ডি এছ পি চাকৰি প্ৰদানৰ বাবে অনুমোদন দিয়ে ।

ADR পৰীক্ষা আৰু নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্য :

সংবাদমেলত ADR পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "আজি ADR ৰ পৰীক্ষা আজি চলি আছে । আজি এই পৰ্বটোৰ সামৰণি পৰিব । আমি চেষ্টা কৰিম যাতে ফেব্ৰুৱাৰী মাহত দুয়োটা পৰীক্ষাৰ ফলাফল একেলগে দিব পাৰো । ADR ৰ আমি ১০ মে'ত নিযুক্তি দিম । ১০ মে'ত আমি ৩৫ হাজাৰ চাকৰি দিম । ১০ মে'ত চৰকাৰখনৰ চতুৰ্থ বছৰ হ'ব । প্ৰতিশ্ৰুতি অনুসৰি আমি আৰু ১৫ হাজাৰ পদৰ বিজ্ঞাপন সেই সময়ত মুকলি কৰি দিম ।"

লগতে পঢ়ক: ADREৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা; অৱতীৰ্ণ হ'ব ১৩৭৯১৩২ গৰাকী পৰীক্ষাৰ্থী

দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰ শূন্য সহনশীল ! তৎস্বত্বেও ভয় নাই কিয় একাংশ বিষয়া-কৰ্মচাৰীৰ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.