ETV Bharat / state

কাতি বিহুৰ গধূলি মাজুলীৰ আকাশ পোহৰাব আকাশ বন্তিয়ে

Kongali Bihu: মাজুলীৰ শাৰদীয় মুখ্য উৎসৱ হিছে কাতি বিহু ৷ এই বিহুৰ বাবে ব্যস্ত প্ৰতিজন মাজুলীয়াল ৷ আজি মাজুলীৰ আকাশত জ্বলিব আকাশ বন্তি ৷

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Kati Bihu 2024
মাজুলীৰ শাৰদীয় মুখ্য উৎসৱ হিছে কাতি বিহু (ETV Bharat Assam)

মাজুলী, ১৭ অক্টোবৰ : আজি কাতি বা কঙালী বিহু । সেউজী শস্যৰ শ্ৰীবৃদ্ধি কামনাৰে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত আজি চহা অসমীয়াই পালন কৰিব কাতি বিহু । তুলসীৰ তলত চাকি জ্বলাই আবাহন কৰিব মা লক্ষ্মীক ৷ বিহুৰ বাবে ব্যস্ততা বাঢ়িছে ৰাজ্যবাসীৰ ৷

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে মাজুলীতো কাতি বিহু পালন কৰিবলৈ যো-যা চলোৱা হৈছে । মাজুলীত কাতি বিহুটিক শাৰদীয় মুখ্য উৎসৱ হিচাপে গণ্য কৰা হয় । ৰাসোৎসৱ, পালনামৰ দৰেই কাতি বিহু মুখ্য উৎসৱ মাজুলীৰ । কাতি বিহু উপলক্ষে মাজুলীৰ বিশেষ আকৰ্ষণ হৈছে আকাশ বন্তি ।

ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি মাজুলীৰ আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰত আকাশ বন্তি প্ৰজ্বলন কৰা হয় । বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো ঐতিহাসিক আউনীআটী সত্ৰত ৩৭১ বছৰীয়া পৰম্পৰাৰে কাতি বিহু উদযাপন হ’ব । সত্ৰৰ প্ৰতিষ্ঠা কালৰে পৰা চলি অহা এই পৰম্পৰা ৰক্ষা কৰি সত্ৰৰ কীৰ্তন ঘৰৰ নিচেই কাষতে ২১ যোৰা আকাশ বন্তি প্ৰজ্বলন কৰে । গোটেই কাতি মাহটোতে এই ২১ জোৰা আকাশ বন্তি প্ৰজ্বলিত হৈ থাকিব আউনিআটি সত্ৰৰ প্ৰাংগণত ।

লগতে পঢ়ক : কংক্ৰিটৰ মহানগৰীত কাতি বিহু পালনৰ ব্যাপক প্ৰস্তুতি

সত্ৰৰ পৰম্পৰা অনুসৰি গায়ন-বায়ন, ঢুলীয়া-খুলীয়া, ওজাপালি, নটুৱা সংকীৰ্তন আদিৰ মাজেৰে আজি সন্ধিয়া ২১ যোৰ আকাশ বন্তি প্ৰজ্বলন কৰিব । আউনীআটি সত্ৰত পৰম্পৰাগত বৰ্ণাঢ্য কাৰ্যসূচীৰে কাতি বিহু উদযাপন কৰাৰ লগতে মাজুলীৰ ৩৫ খন সত্ৰই নিৰ্দিষ্ট পৰম্পৰা অনুসৰি কাটি বিহু পালন কৰিব । মাজুলীৰ দক্ষিণ পাট সত্ৰত ৭ যোৰা আৰু গড়মূৰ সত্ৰত ৩ যোৰা আকাশ বন্তি আজি সন্ধিয়া প্ৰজ্বলন হ’ব ।

যদিওবা কাতি বিহু কঙালী তথাপিও সত্ৰসমূহত এই বিহুৰ ধৰ্মীয় আধ্যাত্মিকতা বেছি । কাতি মাহতো দামোদৰ মাহ পূণ্যমাহ আৰু এই কাতি মাহত তলত তুলসী ৰোপণ কৰিলে মানৱ জাতীৰ কল্যাণ সাধন হোৱাৰ লগতে ২১ পুৰুষ উদ্ধাৰ হয় বুলি কয় । পৰম ব্ৰহ্মই হৈছে জ্যোতি, এই জ্যোতি প্ৰজ্বলন কৰি আদি ব্যাধি নিস্তাৰ কৰি হৃদয়ৰ আকাশ পোহৰাই তুলিবলৈ প্ৰজ্বলিত হয় বন্তি ।

লগতে পঢ়ক : আজি কাতি বিহু; আপোন পথাৰখনত আকাশ বন্তি জ্বলাবলৈ সাজু ঘৰফলীয়া জাপিসজীয়া গাঁওবাসী

লগতে পঢ়ক : কাতি বিহুৰ বিভিন্ন লোকাচাৰ আৰু অসমৰ কৃষক সমাজত ইয়াৰ তাৎপৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.