ETV Bharat / state

মাদলৰ ছেৱে ছেৱে ঝুমুৰৰ ছন্দত মুখৰ কৰম পূজাৰ থলী - Karam Puja 2024

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2024, 1:32 PM IST

Karam Puja 2024: উখল-মাখল বাগানীয়া মন । কৰম পূজা উপলক্ষে মাদলৰ ছেৱত মুখৰিত আকাশ-বতাহ । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে লখিপুৰ আৰু জোনাইতো উদযাপন কৰা হৈছে কৰম পূজা ।

Karam festival celebrated in different parts of Assam
কৰম গীতত মুখৰিত আকাশ-বতাহ (ETV Bharat Assam)

লখিমপুৰ/জোনাই,১৫ ছেপ্টেম্বৰ: নিশাৰ নীৰৱতা ভেদি গুঞ্জৰিত হ’ল মাদলৰ ধ্বনি । সমানে মন পৰশা কৰম গীতৰ লহৰ । চাহ জনগোষ্ঠীৰ লোকসকলৰ অন্যতম উৎসৱ কৰম পূজা উপলক্ষে মুখৰিত হৈ পৰিছে চাহ জনগোষ্ঠীয় লোক অধ্যুষিত অঞ্চলসমূহ । কৰম পূজা উপলক্ষে গীত গাই মাদলৰ ছেৱে ছেৱে ঝুমুৰ নাচি আত্মহাৰা হৈ পৰিছে চাহ জনগোষ্ঠীৰ লোকসকল ।

মাদলৰ চেৱত, কৰম গীতত মুখৰিত আকাশ-বতাহ (ETV Bharat Assam)

মাদলৰ ধ্বনিত মুখৰিত লখিমপুৰ:

মাদলৰ ধ্বনিৰ সমানে গীতৰ লহৰে ৰজন জনালে লখিমপুৰৰ আকাশ বতাহ । চাহ জনগোষ্ঠী লোকসকলৰ অন্যতম কৰম উৎসৱ উপলক্ষে ওৰে নিশা সৃষ্টি হয় এনে সুমধুৰ পৰিৱেশ । চাহ জনগোষ্ঠীৰ লোক সকলৰ অন্যতম উৎসৱ হল কৰম উৎসৱ । প্ৰকৃতিৰ সৈতে সংপৃক্ত এই উৎসব পালনেৰে প্ৰকৃতি জগতৰ লগতে সমাজ জীৱনৰ শ্ৰীবৃদ্ধি কামনা কৰা হয় । লখিমপুৰত একাধিক বাগিচাৰ ৰাইজৰ সহযোগত চিনাতলীয়া চাহ বাগিচাৰ মাজৰ শিৱ মন্দিৰ প্ৰাংগণত এই উৎসৱ উদযাপন কৰা হয় । অস্থায়ীভাৱে স্থাপন কৰা আখৰাত জনগোষ্ঠীটোৰ পাহানে কৰমৰ তাৎপর্য ব্যাখ্যা কৰে ।

তাৰ পাচতে আৰম্ভ হয় কৰমৰ নৃত্য-গীত । বাগিচাৰ পৰিচালকৰ পৰা দূৰ-দূৰণিৰ বহু অতিথিয়েও এই উৎসৱৰ নান্দনিকতা উপভোগ কৰে । সমবেত হয় কেইবাহেজাৰ লোক । ওৰে নিশা মাদলৰ ছেৱে ছেৱে কৰমৰ গীতৰ লহৰত মুখৰিত হৈ পৰে চৌদিশ ।

জোনাইতো দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কৰম পূজা উদযাপন:

চাহ জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ কৰম পূজা ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ জোনাইতো অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি মহিলা জোনাই শাখাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত দুদিনীয়াকৈ অকলেণ্ড গাঁৱৰ খেলপথাৰত উদযাপন কৰা হয় ।

প্ৰথম দিনা কাৰ্যসূচী হিচাপে পুৱা সংগঠনৰ পতাকা উত্তোলন কৰাৰ লগতে চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আয়োজন কৰে । দ্বিতীয় দিন অৰ্থাৎ দেওবাৰে কৰম পূজা উপলক্ষে পুৱাৰ ভাগত তিনি শতাধিক ৰাইজে এক পৰম্পৰাগত শোভাযাত্ৰা উলিয়াই । লগতে ডেৰ শতাধিক যুৱক-যুৱতীয়ে একে লগে কৰম মণ্ডপত মাদল বজাই ঝুমুৰ নৃত্য পৰিৱেশন কৰি মুখৰিত কৰি তোলে পৰিৱেশ ।

লগতে পঢ়ক: karam sanmilan at Makum : মাকুম কেন্দ্ৰীয় কৰম সন্মিলনত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.