ETV Bharat / state

৩১ অক্টোবৰলৈ গুৱাহাটীৰ পাহাৰ খননত নিষেধাজ্ঞা জিলা প্ৰশাসনৰ - Ban on Illegal Hill Mining

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 3:36 PM IST

Hill Mining in Guwahati : পহিলা মে'ৰ পৰা গুৱাহাটীত খননৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে । জিলা প্ৰশাসনে জাৰি কৰিছে নিষেধাজ্ঞা ৷ এই সময়ছোৱাত কি কি কৰিব নোৱাৰিব, জানিবলৈ পঢ়ক...

Illegal Hill Mining in Guwahati
গুৱাহাটীত পাহাৰ খননত নিষেধাজ্ঞা (ETV BHARAT ASSAM)

গুৱাহাটী, ১৯ মে' : নিঃশেষ হোৱাৰ দিশে গতি কৰিছে গুৱাহাটী মহানগৰীৰ কেইবাখনো পাহাৰ ৷ এই পাহাৰৰ সেউজীয়া বুকুখন যেন উদং হৈ পৰিছে । একাংশ অবিবেচক লোকৰ কাৰ্য তথা নীতি বৰ্হিঃভূতভাৱে চলা খননৰ বাবেই সম্প্ৰতি অস্তিত্বহীন হোৱাৰ উপক্ৰম ঘটিছে পাহাৰৰ ৷ বিগত সময়ত এই অবৈধ খননৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ পিচতো চলিয়েই আছে এই ধ্বংসযজ্ঞ ।

বাৰিষাৰ সময়ত এই খননৰ বাবে হোৱা ভয়ংকৰ ভূমিস্খলনৰ লগতে কৃত্ৰিম বানত বহুতেই হেৰুৱাইছে প্ৰাণ । এনে ঘটনা প্ৰতিৰোধ কৰিবলৈ প্ৰশাসনে পুনৰ জাৰি কৰিছে নিষেধাজ্ঞা । বাৰিষাৰ সময়ছোৱাত গুৱাহাটীত পাহাৰ খননত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে । অকল পাহাৰেই নহয়, জলাশয়, দ' ঠাই পোতা আদিতো নিষেধাজ্ঞা জাৰি কৰা হৈছে । এই সন্দর্ভত কামৰূপ মহানগৰ জিলা আযুক্ত সুমিত সাত্তাৱনে নির্দেশনা জাৰি কৰিছে।

বাৰিষাৰ এই সময়ছোৱাত ৰাজধানী মহানগৰ গুৱাহাটীক সম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰাৰ লক্ষ্যৰে জাৰি কৰা এই নির্দেশনা পহিলা মে'ৰ পৰা প্রযোজ্য হৈছে । অহা ৩১ অক্টোবৰ পর্যন্ত গুৱাহাটীৰ পাহাৰ, জলাশয়, দ' ঠাই আদিত কোনোধৰণৰ খনন কার্য চলাব নোৱাৰিব । এই সময়ছোৱাত পাহাৰ, জলাশয় খনন, মাটিৰে পুতিবও নোৱাৰিব বুলি আযুক্তগৰাকীয়ে নির্দেশনাত উল্লেখ কৰিছে ।

বিশেষকৈ বাৰিষাৰ এই সময়ছোৱাত ৰাজধানী মহানগৰখনক কৃত্রিম বানৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে এনে ব্যৱস্থা গ্রহণ কৰাৰ কথা নির্দেশনাটোত উল্লেখ কৰা হৈছে । উল্লেখ্য় যে পাহাৰ, জলাশয় খননৰ ফলত বৰষুণৰ পানীৰ সৈতে উটি অহা মাটিয়ে বহু সময়ত নলা-নর্দমা বন্ধ কৰাৰ ফলত পানীৰ প্রবাহত বাধাৰ সৃষ্টি হয় ।

এনে বাধাৰ বাবে বৰষুণৰ পানীভাগ ওলাই যাব নোৱাৰি গুৱাহাটীত কৃত্রিম বানৰ সৃষ্টি হয় । সেয়ে নলা-নর্দমা পৰিষ্কাৰ কৰি ৰখাৰ অর্থে এই ব্যৱস্থা লোৱা হৈছে । লগতে পাহাৰীয়া অঞ্চলত যাতে বৰষুণৰ সময়ছোৱাত ভূমিস্খলনৰ ঘটনা সংঘটিত হ'ব নোৱাৰে, সেই বিষয়টোলৈও লক্ষ্য ৰাখি খননত নিষেধাজ্ঞা জাৰি কৰা হৈছে ।

আনকি জিলা আয়ুক্তগৰাকীৰ নির্দেশনাটোত ৰাজহ চক্র বিষয়া, মহানগৰ আৰক্ষী, বন বিভাগ, লোকনির্মাণ, পৰিবহণ, ভূমি সংৰক্ষণ বিভাগ, গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষ, পঞ্চায়তকে ধৰি দায়িত্ববাহী বিভাগসমূহে এই বিষয়টো চোৱা-চিতা কৰিব বুলিও উল্লেখ কৰিছে ।

আনহাতে, পূর্বে অনুমতি প্রদান কৰা সকলো খনন এই নির্দেশনাৰ পিচৰে পৰা বন্ধ কৰিব লাগিব বুলিও উল্লেখ কৰা হৈছে । মুঠতে বাৰিষাৰ এই সময়ছোৱাত কামৰূপ মহানগৰ জিলাৰ অন্তর্গত পাহাৰ, জলাশয়ৰ খনন সম্পূর্ণৰূপে বন্ধ কৰা হৈছে ।

লগতে পঢ়ক:Illegal Hill Mining: অবাধ পাহাৰ খননে দক্ষিণ গৰলীয়া পাহাৰলৈ মাতিছে বিপদ

Miscreants Dig Hills: বন বিভাগৰ ছত্ৰছায়াত সোণাপুৰত পাহাৰ খনন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.