ETV Bharat / state

চৰকাৰী চাকৰিৰ নামত কোন নামিছে ধন সংগ্ৰহত ? - cash for job case in juria

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 4:26 PM IST

Cash for Job : সন্মুখত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ লিখিত পৰীক্ষা । এনে সময়ত পোহৰলৈ আহিছে চাকৰিৰ নামত ধন সংগ্ৰহৰ এক অভিযোগ । কেৱল অভিযোগেই নহয়, চাকৰিৰ নামত ধন লোৱাৰ কিছু তথ্যও আহিছে পোহৰলৈ । কিন্তু কি পদৰ পদত নিযুক্তি দিয়াৰ নামত কোনে সংগ্ৰহ কৰিছে এই ধন ?

Cash for Job in Juria Nagaon
চৰকাৰী চাকৰিৰ নামত কোন নামিছে ধন সংগ্ৰহত ? (ETV Bharat Assam)

নগাঁও, ৯ ছেপ্টেম্বৰ : সম্প্ৰতি অনলাইন ট্রেডিঙৰ নামত কোটি কোটি টকা লুণ্ঠনৰ খবৰে সমগ্ৰ ৰাজ্য জোকাৰি থকাৰ সময়তে পোহৰলৈ আহিছে চৰকাৰী চাকৰি দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগ । এই অভিযোগে এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।

কেৱল অভিযোগেই নহয়, এইবাৰ পোহৰলৈ আহিছে চৰকাৰী চাকৰি দিয়াৰ নামত মোটা অংকৰ ধন সংগ্ৰহ কৰাৰ কিছু তথ্যও । চৰকাৰী চাকৰি দিয়াৰ নামত মুকলিকৈয়ে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী চৰকাৰী শিক্ষকৰ বিৰুদ্ধে ।

চৰকাৰী শিক্ষক দ্বীপজ্যোতি বৰাৰ নামত উঠিছে এই অভিযোগ । নগাঁৱৰ পুৰণিগুদাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তথা জুৰীয়াৰ দ্বীপজ্যোতি বৰাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে । জুৰীয়াৰে এগৰাকী যুৱকে উত্থাপন কৰিছে চৰকাৰী চাকৰিত নিযুক্তি প্ৰদানৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ ।

Cash for Job in Juria Nagaon
অভিযোগকাৰীয়ে প্ৰদান কৰা অনলাইন ধন প্ৰদানৰ প্ৰমাণ (ETV Bharat Assam)

নগাঁৱৰ জুৰীয়া অঞ্চলৰেই আশ্বাদ নামৰ এজন যুৱকে চৰকাৰী বিষয় শিক্ষক দ্বীপজ্যেতি বৰাৰ বিৰুদ্ধে চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন লোৱাৰ অভিযোগ উত্থাপন কৰিছে ।

ইফালে ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ লিখিত পৰীক্ষাৰ দিন-তাৰিখ ঘোষণা কৰাৰ সময়তে চৰকাৰী চাকৰি দিয়াৰ নামত উত্থাপন হোৱা ধন সংগ্ৰহৰ এই অভিযোগে এতিয়া সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ ।

Cash for Job in Juria Nagaon
অভিযুক্তৰ সামাজিক মাধ্যমৰ প্ৰফাইল (ETV Bharat Assam)

অৱশ্যে এই অভিযোগ ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে নহয়, এটা নিৰ্দিষ্ট সহায়ক পদৰ বাবে যুৱকজনৰ পৰা তিনি লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে চৰকাৰী শিক্ষক দ্বীপজ্যোতি বৰাৰ বিৰুদ্ধে।

যুৱকজনে সংবাদ মাধ্যমৰ আগত উত্থাপন কৰা অভিযোগ অনুসৰি, "হয় মোৰ পৰা পইচা লৈছে । তিনি লাখ টকা । তেওঁৰ নাম দ্বীপজ্যোতি বৰা । তেখেত পুৰণিগুদাম হায়াৰ ছেকেণ্ডাৰীৰ ছাবজেক্ট টীচাৰ হয় । ফিজিক্স ডিপাৰ্টমেণ্টৰ তেওঁ । তেওঁৰ ঘৰ জুৰীয়াত । চাকৰি দিম বুলি কৈছিল । ডেমনষ্ট্ৰেটৰ । তিনি লাখ টকা আব্বাৰ ওচৰত খুজিছিল । তাৰ পিছত আব্বাই মোক কল কৰি কৈছিল । মই দি দিছোঁ । তিনি লাখৰ এক লাখ টকা কেছ দিছোঁ । পিচত দুই লাখ টকা একাউণ্টত দিছোঁ । ডেৰ বছৰমান হৈছে দিব ।"

অভিযোগকাৰী আশ্বাদে লগতে কয়, "কিন্তু তেওঁ চাকৰি নিদিলে । পইচা বিচাৰি আছো, কিন্তু ডেট দিয়ে । কয় মাহৰ লাষ্টত আহিবা তেতিয়া দিম । ছানডে যাবলৈ কয়, ঘৰত থাকিম বুলি কয়, কিন্তু নাথাকে ।"

থানাত এজাহাৰ দিয়া প্ৰসংগত অভিযোগকাৰীয়ে কয়, "এতিয়ালৈকে এজাহাৰ দিয়া নাই । এতিয়া দিম । পইচা দিয়া প্ৰুফ আছে । ভিডিঅ' ৰেকৰ্ডিং আছে । ১ লাখ টকা কেছ দিছোঁ, দুই হাজাৰ টকা একাউণ্টত দিছোঁ । তাক টকা খুজিলে দুই হাজাৰ, এক হাজাৰকৈ আঠ হাজাৰমান টকা ঘূৰাই দিছে । চেক এখন দিছিল, চেকটো বাউন্স মাৰিলে । ষ্টেট বেংকৰ চেক দিছিল ।"

উল্লেখ্য যে চাকৰিৰ নামত ধন দিয়াৰ ভিডিঅ'ও মোবাইলত আবদ্ধ কৰি ৰাখিছিল যুৱকজনে । নগদ এক লাখ টকা দিয়াৰ উপৰি অনলাইন লেনদেনৰ জৰিয়তে যুৱকজনৰ পৰা শিক্ষকজনে দুই লাখ টকা লোৱাৰ অভিযোগ । এতিয়া ধনৰ লেনদেনৰ ভিডিঅ'ৰ লগতে অনলাইন লেনদেনৰ তথ্যসহকাৰে শিক্ষকজনৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ সন্মুখত অভিযোগ উত্থাপন কৰিছে চাকৰি বিচাৰি ধন দিয়া যুৱকজনে ।

অৱশ্যে শিক্ষকজনৰ বিৰুদ্ধে যুৱকজনে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত মন্তব্য ল'বলৈ শিক্ষকগৰাকীৰ সৈতে যোগাযোগ কৰিব পৰা নোহোৱাত কোনো মন্তব্য ল'ব পৰা হোৱা নাই । কিন্তু পৰৱৰ্তী সময়ত শিক্ষকগৰাকীয়ে কি মন্তব্য কৰে সেয়া লক্ষণীয় হ'ব ।

আনহাতে, চাকৰিৰ নামত ধন লোৱাৰ অভিযোগত অভিযুক্ত শিক্ষক দ্বীপজ্যোতি বৰাই যি মন্তব্যই নকৰক কিয়, যুৱকজনে উত্থাপন কৰা অভিযোগ আৰু লেনদেনৰ তথ্য পোহৰলৈ অহাৰ পাচত শিক্ষকগৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়াও হ'ব অতিকৈ লক্ষণীয় হ'ব ।

লগতে পঢ়ক :১০০ কোটিৰ ভাইৰেল ফটোৱে কঁপাইছে নামনি অসম - Investment Scam in Assam
লগতে পঢ়ক :বিশাল ফুকনৰ কাৰ্যালয়ৰ ইণ্টেৰিয়’ৰ ডিজাইন কৰি জেৰাৰ সন্মুখীন কৰিশ্মা কাকতি - Bishal Phukan Investment Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.