ETV Bharat / state

ধন লৈ মনে মনে থকাটো জাতীয়তাবাদ নহয় : শৃংখল চলিহা

author img

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 10:23 PM IST

Veer Lachit Sena: সোণাৰিত অনুষ্ঠিত হ’ল বীৰ লাচিত সেনাৰ বৃহৎ যোগদান কাৰ্যসূচী ৷ বিভিন্ন দল-সংগঠনৰ পৰা আহি কেবাশতাধিক যুৱকে সংগঠনটোত যোগদান কৰে ৷ অনুষ্ঠানটোত উপস্থিত থাকি শৃংখল চলিহাই কয় যে কাৰোবাৰ পৰা ধন লৈ মনে মনে থকাটো জাতীয়তাবাদ নহয় ।

Shrinkhal Chaliha
সোণাৰিত বীৰ লাচিত সেনাৰ যোগদান কাৰ্যসূচী

ডিব্ৰুগড়, 18 ফেব্ৰুৱাৰী: বিভিন্নধৰণৰ বিতৰ্কিত মন্তব্য আৰু কৰ্মকাণ্ডৰ বাবে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতা শৃংখল চলিহাই ৷ দেওবাৰে চৰাইদেউ জিলাৰ সোণাৰিত উপস্থিত হৈ বিজেপি চৰকাৰক পুনৰ হুংকাৰ দিয়ে শৃংখল চলিহাই ।

উল্লেখ্য যে চৰাইদেউ জিলাৰ সোণাৰি নগৰত বীৰ লাচিত সেনাৰ বৃহৎ যোগদান কাৰ্যসূচী দেওবাৰে অনুষ্ঠিত হৈছিল । উক্ত অনুষ্ঠানত উপস্থিত থাকে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহা ৷ যোগদান অনুষ্ঠানটোত বিভিন্ন দল-সংগঠনৰ পৰা আহি কেবাশতাধিক যুৱকে আনুষ্ঠানিকভাৱে বীৰ লাচিত সেনাত যোগদান কৰে ।

উক্ত যোগদান কাৰ্যসূচীতে চৰাইদেউ জিলাৰ বিভিন্ন সমস্যাৰ সম্পৰ্কেও আলোচনা কৰা হয় । বিশেষকৈ চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ মূল পথত ই-ৰিক্সা চলাচলত নিষেধাজ্ঞা আৰোপ কৰাৰ বিষয়টো প্ৰধানত আলোচনা কৰা হয় । চৰাইদেউ জিলা প্ৰশাসনে অসমীয়া যুৱকে ই-ৰিক্সা চলাই পৰিয়ালৰ চলাই থকা কাৰ্যক বাধা প্ৰদান কৰাক তীব্ৰ বিৰোধিতা কৰে বীৰ লাচিত সেনাই ।

  • " class="align-text-top noRightClick twitterSection" data="">

জিলা প্ৰশাসনৰ এই কাৰ্যৰ বিৰোধিতাৰে জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰে শৃংখল চলিহাই । ইয়াৰোপৰি বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে এই অনুষ্ঠানতে শৃংখল চলিহাই ৷ চলিহাই কয় যে কাৰোবাৰ পৰা ধন লৈ মনে মনে থকাটো জাতীয়তাবাদ নহয় ।

ক’ৰ্টৰ সন্মুখত ধৰ্ণা দিলেই জাতীয়তাবাদ নচলে বুলি মন্তব্য কৰে শৃংখল চলিহাই । তেওঁ কয় যে যেতিয়ালৈকে সমস্যা সমাধান নহ'ব তেতিয়ালৈকে প্ৰতিবাদ চলিব । চৰকাৰে ভয় ভাবুকিৰে গণতন্ত্ৰ শেষ কৰিব নোৱাৰিব । লগতে মিচিং জনগোষ্ঠীৰ আলি আয়েঃ লিগাঙত কেৱল কেইখনমান জিলা বন্ধ দিয়াৰ বিপৰীতে চট পূজাত ৰাজ্যজুৰি বন্ধ দিয়াটো বীৰ লাচিত সেনাই মানি নলয় বুলিও কয় শৃংখল চলিহাই ।

লগতে পঢ়ক: যোৰহাটত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপনৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.