ETV Bharat / state

বিজেপিৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকাক অৱমাননাৰ অভিযোগ যুৱকৰ : প্ৰতিবাদত বহিল যুৱক - Stop selling Tiranga Protest - STOP SELLING TIRANGA PROTEST

Independence Day 2024: ৰাষ্ট্ৰীয় পতাকাক অসন্মান কৰাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে ৷ ‘Stop selling Tiranga’ শীৰ্ষক শ্ল’গানেৰে যুৱকৰ প্ৰতিবাদ ৷

Stop selling Tiranga
বিজেপিৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকাক অৱমাননাৰ অভিযোগ যুৱকৰ: প্ৰতিবাদত বহিল যুৱক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 10:16 AM IST

ধেমাজি, 3 আগষ্ট: সমাগত স্বাধীনতা দিৱস ৷ দেশবাসীয়ে এইবাৰ পালন কৰিব 78 তম স্বাধীনতা দিৱস ৷ ইয়াকে লৈ দেশবাসীৰ মনত সীমাহীন আনন্দ-উছাহ ৷ বিভিন্নজনে বিভিন্ন ধৰণে আৰম্ভ কৰিছে প্ৰস্তুতি ৷ সমান্তৰালভাৱে ব্যৱসায়ীসকলেও ত্ৰিৰংগা পতাকা বিক্ৰীৰ বাবে সাজু হৈছে ৷

বিজেপিৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকাক অৱমাননাৰ অভিযোগ যুৱকৰ: প্ৰতিবাদত বহিল যুৱক (ETV Bharat Assam)

এই সময়তে ‘Stop selling Tiranga’ শীৰ্ষক শ্ল’গানেৰে এক ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ধেমাজিৰ এজন যুৱকে ৷ যুৱকজনৰ নাম জিতাংক শইকীয়া বুলি জানিব পৰা গৈছে ৷ কৰ্মসূত্ৰে ধেমাজিত বাস কৰে যদিও যুৱকজনৰ প্ৰকৃত ঘৰ লখিমপুৰ জিলাৰ আজাদত ৷ ধেমাজি সদৰৰ কাছাৰী ময়দানৰ মহাত্মা গান্ধীৰ উদ্যানৰ পৰা যুৱকজনে আৰম্ভ কৰিছে এক প্ৰতিবাদ ৷

বিজেপি চৰকাৰে ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি অসন্মান কৰাৰ অভিযোগ তুলিছে যুৱকজনে ৷ যুৱকজনে কয়, ‘‘সন্মান আৰু মৰ্যাদা অটুট ৰাখি ভাৰত চৰকাৰে সকলো নাগৰিকৰ বাবে উপলব্ধ হোৱাৰ ব্যৱস্থা কৰিব লাগে স্বাভিমান আৰু সন্মানৰ প্ৰতীক পতাকাখনক ৷ দেশৰ স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰীয় পতাকাখন যাতে কোনো লোকে য’তে ত’তে সুলভ মূল্যত বিক্ৰীৰ ব্যৱস্থা কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত সমগ্ৰ ৰাজ্যৰ নাগৰিকৰ লগতে দেশবাসীৰ সহযোগিতা কামনা কৰিছো ৷"

Stop selling Tiranga
বিজেপিৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকাক অৱমাননাৰ অভিযোগ যুৱকৰ: প্ৰতিবাদত বহিল যুৱক (ETV Bharat Assam)

তেওঁ জানিব দিয়া মতে, বিগত 2022 চনৰে পৰা ৰাষ্ট্ৰীয় পতাকাখনি মুকলিকৈ বিক্ৰী কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে যুৱকজনে ৷ ৰাষ্ট্ৰীয় পতাকাখনিক অসন্মান কৰাৰ অভিযোগ তুলি পতাকাখনিৰ বিক্ৰী বন্ধ নকৰালৈকে এই প্ৰতিবাদ অবিৰতভাৱে চলি থাকিব বুলি জানিবলৈ দিয়ে যুৱকজনে ৷

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ধেমাজি কাছাৰী ময়দানৰ সন্মুখত আৰু জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত বেনাৰ-পোষ্টাৰ আঁৰি একক প্ৰতিবাদ সাব্যস্ত কৰিছে যুৱকজনে ৷

লগতে পঢ়ক: স্বাধীনতা দিৱস উদযাপনক লৈ নগাঁও জিলা প্ৰশাসনৰ বিশেষ বৈঠক - INDEPENDENCE DAY 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.