ETV Bharat / state

কাজিৰঙাৰ উচ্ছেদকলৈ সোচ্চাৰ কৃষক শ্ৰমিক সংগঠন - Eviction drive in Kaziranga - EVICTION DRIVE IN KAZIRANGA

Five star hotel in Kaziranga : কাজিৰঙাৰ উচ্ছেদকলৈ তীব্ৰ প্ৰতিক্ৰিয়া জীপাল কৃষক শ্ৰমিক সংঘৰ । সম্প্ৰতি কৰ্পৰেট টুৰিজিমে কাজিৰঙাৰ সত্বা নিয়ন্ত্ৰণ কৰাৰ অভিযোগ । এই অভিযোগ উত্থাপন কৰি প্ৰকৃতি সংগঠন আৰণ্যক, ডব্লিউ ডব্লিউ এফ আৰু কৰবেট ফাউণ্ডেশ্যনক তীব্ৰ সমালোচনা জীপাল কৃষক শ্ৰমিক সংঘৰ উপদেষ্টা সোণেশ্বৰ নৰহৰ ।

Jipal Krishak Sramik Sangh reacts to eviction in Kaziranga
কাজিৰঙাৰ উচ্ছেদকলৈ সোচ্চাৰ সংগঠন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 8:54 AM IST

কাজিৰঙা, ৯ জুন : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৃহৎ জৈৱ বৈচিত্ৰৰ সুৰক্ষাৰ স্বাৰ্থত গিজগিজাই থকা তথাকথিত প্ৰকৃতি সংগঠনৰ চকুৰ সন্মুখতেই এইবাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ধ্বংস কৰিবলৈ ওলাইছে কাজিৰঙাত বন্যহস্তীৰ বিচৰণস্থলী আৰু স্থানীয় লোকৰ কৃষিভূমি । যদিও এই প্ৰকৃতি সংগঠনসমূহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰৰ সুৰক্ষা আৰু ইয়াৰ দাঁতিকাষৰীয়া জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ অজুহাতত লাভ কৰি আহিছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বৃহৎ পুঁজি ৷ তাৰ পাচতো কিন্তু তেনেবোৰ প্ৰকৃতিপ্ৰেমী সংগঠনৰ নাকৰ তলতেই কাজিৰঙাত চলি আছে অবাধ প্ৰকৃতি আৰু বন্যজীৱকুলৰ বিচৰণ ক্ষেত্ৰৰ ধ্বংসযজ্ঞ ।

কাজিৰঙাৰ উচ্ছেদকলৈ সোচ্চাৰ সংগঠন (ETV Bharat Assam)

শেহতীয়াকৈ তেনে এক ঘটনায়েই পোহৰলৈ আহিছে কাজিৰঙাত । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু সমীপৰ কাৰ্বি পাহাৰৰ দাঁতিৰ ইনলে পথাৰৰ প্ৰায় ৬০ বিঘাৰো অধিক কৃষিভূমি, যি কাৰ্বি পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ পৰম্পৰাগত হস্তী ক'ৰিডৰ ৷ তাতেই নিৰ্মাণৰ যো-জা চলিছে ব্যক্তিগত খণ্ডৰ "গ্ৰেণ্ড হায়াট পঞ্চতাৰকা হোটেল"ৰ ।

তাৰ প্ৰস্তুতি মৰ্মেই এস্কে'ভেটৰ দি ভাঙি দিয়া হৈছে থলুৱা কৃষকৰ বাসগৃহ ৷ কৃষকৰ অনুপস্থিতিতেই বোকাখাত মহকুমা প্ৰশাসনে তেওঁলোকৰ বাসগৃহ নিৰ্মমভাৱে ভাঙি দিয়ে ৷ এই অভিযোগ উত্থাপন কৰিছে হাতীখলি-ৰঙাজানৰ কৃষকসকলে ।

উল্লেখযোগ্য যে, এই ভূমি অধিগ্ৰহণ সন্দৰ্ভত বোকাখাত মহকুমা প্ৰসাশনে বৰ্তমানলৈকে আইন অনুসৰি যি ৰাজহুৱা শুনানীৰ ব্যৱস্থা কৰিব লাগিছিল তাকো নকৰাৰ অভিযোগ উত্থাপন কৰে কৃষকসকলে । আনহাতে বোকাখাত মহকুমা প্ৰশাসনে দিয়া জাননী সন্দৰ্ভত স্থানীয় কৃষকসকলে মহকুমা প্ৰশাসনক সাক্ষাৎ কৰিবলৈ যাওঁতে এক কৌশলী স্থিতিহে গ্ৰহণ কৰাৰ অভিযোগ উঠিছে বোকাখাত মহকুমা প্ৰশাসনৰ বিৰুদ্ধে ।

উক্ত ইনলে পথাৰৰ বিস্তীৰ্ণ কৃষিপথাৰত বন্যহস্তীৰ লগত সহাৱস্থান কৰি হাতীখলি-ৰঙাজানৰ কৃষকসকলৰ ৪৫ টাৰো অধিক পৰিয়ালৰ প্ৰজন্মৰ পাচত প্ৰজন্মই কৰি আহিছে কৃষিকাৰ্য । তাৰোপৰি ই কৰ্বিপাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ বিচৰণস্থলী হিচাপে পৰিচিত । গতিকে এই ইনলে পথাৰত বিলাসী "গ্ৰেণ্ড হায়াট পঞ্চতাৰকা হোটেল" নিৰ্মাণৰ লগে লগেই হাতীখলি-ৰঙাজানৰ কৃষকসকলে হেৰুৱাব পৈত্তিক ভূমিৰ অধিকাৰ ৷ লগতে বন্যহস্তীকূলে হেৰুৱাব পৰম্পৰাগত বিচৰণস্থলী ।

তেনে প্ৰেক্ষাপটত এই লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জীপাল কৃষক শ্ৰমিক সংঘৰ উপদেষ্টা সোণেশ্বৰ নৰহে আৰু মুখপাত্ৰ প্ৰবীন পেগুয়ে । কাজিৰঙাত বাহৰ পাতি বন্যজীৱৰ সুৰক্ষাৰ লগতে দাঁতিকাষৰীয়া জনসাধাৰণৰ জীৱন-জীৱিকাৰ নিৰাপত্তাৰ কথা কোৱা তথাকথিত প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যক, WWF, কৰবেট ফাউণ্ডেছনক তীব্ৰ সমালোচনা কৰে জীপালৰ উপদেষ্টাগৰাকীয়ে ৷

তেওঁ কয়, "হাতীৰ পৰম্পৰাগত বিচৰণস্থলী আৰু কৃষকৰ কৃষিভূমি চৰকাৰে বলপূৰ্বক হস্তগত কৰি বিলাসী পঞ্চতাৰকা হোটেল কৰ্তৃপক্ষক প্ৰদান কৰিবলৈ লোৱাৰ সময়ত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পুঁজি ব্যৱহাৰ কৰি কাজিৰঙাত কাম কৰি থকা একান্তই প্ৰকৃতিৰ নামত পঞ্জীয়নভুক্ত NGO সকল ক'লৈ গ'ল ?"

বাতানুকুল কোঠাত বহি হাতী-মানুহৰ সংঘাটৰ চেমিনাৰ পাতি ৰাইজক শিক্ষা দিবলৈ তেওঁলোকৰ অধিকাৰ আছেনে ? আনহাতে চৰকাৰৰ implementing agency হিচাপে কাম কৰি থকা আৰণ্যক আৰু বিভব কুমাৰ তালুকদাৰ এতিয়া ক'ত আছে বুলিও প্ৰশ্ন কৰে কৃষক নেতাগৰাকীয়ে । লগতে হাতীঘূলী থকা পথাৰখন বলপূৰ্বক দখল কৰিবলৈ যাওঁতে তেওঁলোকে বৰ্তমানলৈকে কোনো PIL দাখিল নকৰাকলৈও প্ৰশ্ন উত্থাপন কৰে নৰহে ।

ইফালে আৰণ্যক, WWF, কৰবেট ফাউণ্ডেছনকে আদি কৰি কাজিৰঙাত কাম কৰি থকা সকলো NGO ক PIL ৰ যোগেদি উক্ত কৃষিভূমি আৰু হস্তী বিচৰণথলীত চৰকাৰে কৰা বলপূৰ্বক হস্তক্ষেপক বন্ধ কৰিবলৈ দাবী জনাই কৃষক নেতাগৰাকীয়ে অন্যথা তেওঁলোকৰ বিৰুদ্ধেও জীপাল কৃষক শ্ৰমিক সংঘ সোচ্চাৰ হ'ব বুলি সকীয়াই দিয়ে কৃষক নেতাগৰাকীয়ে ।

লগতে পঢ়ক: পঞ্চতাৰকা হোটেলৰ নামত কাজিৰঙাত চলিল উচ্ছেদ - Eviction drive in Kaziranga

চাহ বাগিচা উচ্ছেদৰ বিৰোধিতাৰে কাজিৰঙাত আটছাৰ প্ৰতিবাদ - Five Star Hotel In Kaziranga

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.