ETV Bharat / state

8 আৰু 9 নৱেম্বৰত অনুষ্ঠিত হ’ব জাতিংগা মহোৎসৱ: ঘোষণা দেৱলাল গাৰ্লোচাৰ - Jatinga Festival 2024 - JATINGA FESTIVAL 2024

Jatinga Festival : 8 আৰু 9 নৱেম্বৰত জাতিংগা মহোৎসৱ অনুষ্ঠিত হোৱাৰ লগতে 13, 14 আৰু 15 ডিচেম্বৰত উমৰাংচুত অনুষ্ঠিত হ’ব ফেলকন মহোৎসৱ ৷ আজি ঘোষণা কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই ৷

JATINGA FESTIVAL 2024
জাতিংগা মহোৎসৱ অনুষ্ঠিত কৰাৰ যো-জা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 10:06 PM IST

হাফলং 18 আগষ্ট : 8 আৰু 9 নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব জাতিংগা মহোৎসৱ ৷ এই কথা আজি ঘোষণা কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই ৷ প্ৰতি বছৰ আগষ্ট মাহৰ পৰা জাতিংগালৈ পৰিভ্ৰমী চৰাইৰ আগমন ঘটা আৰম্ভ হয় ৷ এই বছৰো ইতিমধ্যে পৰিভ্ৰমী চৰাই অহা আৰম্ভ হৈছে জাতিংগাত ৷ আনুষ্ঠানিকভাৱে এই পৰিভ্ৰমী চৰাইসমূহক আদৰণি জনোৱাৰ বাবে অনুষ্ঠিত কৰা হয় জাতিংগা মহোৎসৱ ৷

8 নৱেম্বৰৰ পৰা জাতিংগা মহোৎসৱ (ETV Bharat Assam)

এই মহোৎসৱ উদযাপনৰ বাবে শনিবাৰ বিয়লি জাতিংগা মহোৎসৱ কমিটিৰ উদ্যোগত আৰু বন বিভাগৰ সহযোগত এখন সভা আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছা, পৰিষদৰ অধ্যক্ষ মোহিত হোজাইৰ লগতে বন বিভাগৰ শীৰ্ষ বিষয়া ৷ অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছাই কয় যে, জাতিংগালৈ পৰিভ্ৰমী চৰাই অহা আৰম্ভ হৈছে ৷ 8 আৰু 9 নৱেম্বৰত জাতিংগা মহোৎসৱ অনুষ্ঠিত হ’ব আৰু 13, 14 আৰু 15 ডিচেম্বৰত উমৰাংচুত অনুষ্ঠিত হ’ব ফেলকন মহোৎসৱ ৷

তেওঁ কয় যে, এই অনুষ্ঠানটোৱে জাতিংগাৰ প্ৰাকৃতিক আশ্চৰ্যবোৰ সংৰক্ষণ আৰু উদযাপনৰ প্ৰতি আমাৰ সামূহিক দায়বদ্ধতাৰ এক সুন্দৰ প্ৰমাণ দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ এই উৎসৱসমূহ কেৱল আমাৰ চহকী জৈৱ বৈচিত্ৰৰ উদযাপন নহয় বৰঞ্চ সমাজৰ বাবে একত্ৰিত হৈ আমাৰ ভাগ কৰা প্ৰাকৃতিক ঐতিহ্যক সন্মান জনোৱাৰ এক সুযোগ ৷ তেওঁ লগতে কয় যে, সজাগতাৰ অভাৱত পূৰ্বে জাতিংগাত পৰিভ্ৰমী চৰাইক হত্যা কৰা হৈছিল ৷ কিন্তু এতিয়া মানুহৰ মাজতে সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ পিচতে এতিয়া চৰাই হত্যা বন্ধ হৈছে ৷

লগতে পঢ়ক : আজি সংক্ৰান্তি : ৰাজ্যৰ সত্ৰ-নামঘৰত আৰম্ভ ভাদমহীয়া নাম-প্ৰসংগ - Auspicious Bhado month

গাৰ্লোচাই লগতে চৰাইৰ সুৰক্ষাৰ বাবে সজাগতা সৃষ্টি কৰাৰ বাবে পদক্ষেপ লোৱাৰ বাবে বন বিভাগক নিৰ্দেশ দিয়ে ৷ যিহেতু পৰিভ্ৰমী চৰাই অহা আৰম্ভ হৈছে আৰু নৱেম্বৰ মাহলৈ আহি থাকিব, সেয়েহে উচ্চ ক্ষমতা সম্পন্ন হেলজেন লাইট নজ্বলাবৰ বাবে গাঁৱৰ ৰাইজক আহ্বান জনায় দেৱলাল গাৰ্লোচাই ৷ তেওঁ আৰু কয় অসমৰ অন্যতম পাহাৰীয়া জিলাখনত পৰ্যটক অহা ব্যাপক হাৰত বৃদ্ধি হৈছে ৷ বাহিৰৰ পৰা অহা এই পৰ্যটক সকলৰ লগত অতিথি পৰায়ণতা বৰ্তাই ৰাখিব লাগিব ৷ ডিমা হাছাও জিলাত পৰ্যটক আহিলে পাহাৰীয়া জিলাখনত নিযুক্তিৰ পথ প্ৰশস্ত হ’ব আৰু নিবনুৱা সমস্যাৰ সমাধান হ’ব বুলি মন্তব্য কৰে দেৱলাল গাৰ্লোচাই ৷

লগতে পঢ়ক : গোলাঘাটত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় যুৱ আৰু সামাজিক উন্নয়ন সন্মিলন - Social Development Forum

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.