ETV Bharat / state

জাপানীজ এনকেফেলাইটিছৰ সংহাৰ : জি এম চি এইচত বৰ্তমানলৈ মৃত্যু ১৩ জনৰ - Japanese Encephalitis

author img

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 3:45 PM IST

JE Outbreak in Assam : বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্রান্তৰ সংখ্যা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ২২ৰ পৰা ৪৮জনলৈ বৃদ্ধি পাইছে আক্ৰান্ত ৰোগীৰ সংখ্যা। মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৬জনৰ পৰা ১৩জনলৈ বৃদ্ধি ৷

JE Outbreak in Assam
জাপানীজ এনকেফেলাইটিছৰ ভয়াৱহ ৰূপ (Getty Images)

গুৱাহাটী, 24 জুলাই : ৰাজ্যত ভয়াৱহ হাৰত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ ৰোগীৰ সংখ্যা ৷ বলিয়া বানৰ পাচত ভূতৰ ওপৰত দানহ পৰাদি এতিয়া জাপানীজ এনকেফেলাইটিছে ৰাজ্যৰ ঠায়ে ঠায়ে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ ৰাজ্যৰ প্ৰায় কেইখন জিলাতে এতিয়া কণ কণ শিশুৰ পৰা জ্যেষ্ঠ জনলৈকে আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছত ৷ এই ৰোগত আক্ৰান্ত হৈ এতিয়া চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বহুলোক, লগতে মৃত্যু হৈছে কেবাজনো লোকৰ ৷

জাপানীজ এনকেফেলাইটিছৰ ত্ৰাস (ETV Bharat Assam)

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তো বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ভৰ্তি হোৱা ৰোগীৰ সংখ্যা ৷ সমান্তৰালভাৱে বৃদ্ধি পাইছে আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যাও ৷ এসপ্তাহ পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হৈছিল 6 জন ব্যক্তি ৷ কিন্তু এতিয়া সেই সংখ্যা বৃদ্ধি হৈ 13 জন হৈছেগৈ ৷ অৰ্থাৎ এসপ্তাহতে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হৈছে 7 গৰাকীকৈ ব্যক্তিৰ ৷

বিগত 1 এপ্ৰিলৰ পৰা জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ আজি পৰ্যন্ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈছে 48 গৰাকী ৰোগী ৷ আনহাতে বৰ্তমান চিকিৎসাধীন হৈ আছে 24 গৰাকী ৰোগী ৷ ইফালে জাপানীজ এনকেফেলাইটিছৰ সমান্তৰালকৈ বৃদ্ধি পাইছে ডেংগী আৰু মেলেৰিয়াত আক্ৰান্তৰ সংখ্যা ৷ বিগত 1 এপ্ৰিলৰ পৰা আজি পৰ্যন্ত ডেংগীত আক্ৰান্ত হৈ বৰ্তমানলৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈছে 19 গৰাকী লোক ৷ মৃত্যু হৈছে 2 জনৰ ৷ বৰ্তমান চিকিৎসাধীন হৈ আছে 4 গৰাকী লোক ৷

ঠিক তেনেদৰে মেলেৰিয়াত আক্ৰান্ত হৈ ভৰ্তি হৈছে 74 জন লোক ৷ মৃত্যু হৈছে 14 জনৰ ৷ বিগত 1 এপ্ৰিলৰ পৰা আজি পৰ্যন্ত মেলেৰিয়াত আক্ৰান্ত হৈ বৰ্তমানলৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈছে 110 গৰাকী লোক ৷

লগতে পঢ়ক: মৰিগাঁৱত জাপানীজ এনকেফেলাইটিছত শিশুসহ তিনিজনৰ মৃত্য়ু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.