গুৱাহাটী, ২৫ ফেব্ৰুৱাৰী : অসম মুছলমান বিবাহ আৰু বিচ্ছেদ আইনৰ সন্দৰ্ভত অসম চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰিছে জমিয়ত উলেমা-ই-হিন্দে ৷ এই সন্দৰ্ভত আইনৰ দ্বাৰস্থ হ’ব জমিয়ত উলেমা-ই-হিন্দ অসম ৷
উল্লেখ্য যে অসম চৰকাৰৰ কেবিনেটে শুকুৰবাৰে নিশা সিদ্ধান্ত গ্ৰহণ কৰি অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন (১৯৩৫) খাৰিজ কৰাক লৈ সমগ্ৰ দেশৰ লগতে অসমতো প্ৰতিক্ৰিয়া আৰম্ভ হৈছে । সমান্তৰালভাৱে জমিয়ত উলেমা-ই-হিন্দ অসমৰ ৰাজ্যিক অতিৰিক্ত সাধাৰণ সম্পাদক আব্দুল কাদেৰে শনিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
সংবাদ মাধ্যমৰ সন্মুখত উলেমাৰ নেতা আব্দুল কাদেৰে কয় যে অসম কেবিনেটে অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন খাৰিজ কৰাৰ বিৰোধিতা কৰিছে জমিয়ত উলেমা-ই-হিন্দ অসমে । কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে আইনৰ দ্বাৰস্থ হ’ব জমিয়ত উলেমা-ই-হিন্দ অসম ৷
এতিয়ালৈকে তেওঁলোকৰ হাতলৈ চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তসমূহ সম্পূৰ্ণকৈ অহা নাই বুলি সদৰী কৰি আব্দুল কাদেৰে কয় যে তেওঁলোকে আইনৰ সহায় লৈ পৰৱৰ্তী সময়ত পদক্ষেপ গ্ৰহণ কৰিব ৷ অসম কেবিনেটৰ এই সিদ্ধান্তই কাজিসকলক বিলুপ্ত কৰি বাল্য বিবাহ সুচলহে কৰিব বুলি মন্তব্য কৰে জামিয়ত উলেমা-ই-হিন্দ অসমৰ নেতাগৰাকীয়ে ।
ইয়াৰোপৰি জমিয়তৰ নেতাগৰাকীয়ে আশংকা কৰে যে এই সিদ্ধান্তৰ ফলত ৰাজ্যখনত কাজি নোহোৱা হৈ গ’লে স্বয়ম্ভূ কাজিৰ সৃষ্টি হ’ব ৷ যাৰ ফলত বাল্য বিবাহৰ সংখ্যা বাঢ়িবহে ৷ নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব বাল্য বিবাহ ৷ আনহাতে এই আইনখনৰ বাতিলৰ দ্বাৰা মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰিব বুলি অসম চৰকাৰে দাবী কৰিলেও ৰাজ্যিক জমিয়তে এই লৈ শংকা প্ৰকাশ কৰিছে ৷
জমিয়ত উলেমা-ই-হিন্দৰ নেতাগৰাকীয়ে কয় যে অসম মুছলিম বিবাহ আৰু বিচ্ছেদ আইনৰ দ্বাৰা মুছলমান মহিলাসকল সুৰক্ষিত হৈ আছিল ৷ কিন্তু আইনখন খাৰিজকৰণৰ দ্বাৰা মহিলাসকলক বেছি অসুৰক্ষিত কৰা বুলিহে দাবী কৰিছে অসম ৰাজ্যিক জমিয়তৰ নেতা আব্দুল কাদেৰে ।
লগতে পঢ়ক: মুছলমান বিবাহ আৰু বিচ্ছেদ আইন প্ৰত্যাহাৰ কৰি ইউচিচিৰ দিশে এখোজ অসম চৰকাৰৰ