ETV Bharat / state

বিশিষ্ট লেখক-সাংবাদিক পবিত্ৰ বৰালৈ জয়ছিং হাঞ্চে বঁটা - Assam Sahitya Sabha

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 10:39 PM IST

Assam Sahitya Sabha: ঘোষণা কৰা হ'ল অসম সাহিত্য সভাৰ জয়ছিং হাঞ্চে বঁটা । অসম সাহিত্য সভাৰ এটি উল্লেখনীয় বঁটা হিচাপে পৰিগণিত বঁটা এইবাৰ আগবঢ়োৱা হৈছে বিশিষ্ট লেখক-সাংবাদিক পবিত্ৰ বৰালৈ ৷

Jaising Hanse Award to eminent writer-journalist Pabitra Bora
অসম সাহিত্য সভাৰ বঁটা ঘোষণা (ETV Bharat Assam)

ডিফু,৯ জুলাই: অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মা, উপ-সভাপতি ড৹ গিৰিশ সন্দিকৈ, আঞ্চলিক সম্পাদক বিশ্বজ্যোতি হাজৰিকা, জিলা সাহিত্য সভাৰ সভাপতি ভবেন চন্দ্ৰ কোচ প্ৰমুখ্যে সভাৰ বিষয়ববীয়াসকলে মঙলবাৰে ডিফুৰ ৰাংছিনা ভবনত এক সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে ২০২৪ চনৰ জয়ছিং হাঞ্চে বঁটা ৷ অসম সাহিত্য সভাৰ এটি উল্লেখনীয় বঁটা হিচাপে পৰিগণিত বঁটাটো এইবাৰ আগবঢ়োৱা হৈছে বিশিষ্ট লেখক-সাংবাদিক পবিত্ৰ বৰালৈ ৷

সভাৰ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাই কয়, "কাৰ্বি আংলং জিলাৰ বোকাজানত জন্ম গ্ৰহণ কৰা বৰাই জাতীয় জীৱনলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে জয়ছিং হাঞ্চে বঁটাৰ বাবে পবিত্ৰ বৰাৰ নাম বঁটা নিৰ্বাচন সমিতিয়ে মনোনীত কৰিছে ৷ তেওঁৰ দৰে এগৰাকী ব্যক্তিক এই বঁটা দিবলৈ পাই আমি সুখী ৷ বৰাই ৰপান্তৰৰ কথকতা, সমন্বয়ৰ ৰূপকাৰ, ছাংছিং হাঞ্চে জীৱন সুৰভি, লংকাম টেৰণ জীৱন আৰু কৃতি, জনসেৱা জনাৰ্দন, বসন্ত বৈভৱ, কাৰ্বি সাহিত্য-প্ৰতিভাৰ চানেকি, মণিৰাম ইংলেং আদি মৌলিক আৰু সম্পাদিত গ্ৰন্থৰ জড়িয়তে এক সুকীয়া স্থান ইতিমধ্যে দখল কৰিছে ৷"

অসম সাহিত্য সভাই জয়ছিং হাঞ্চে বঁটা প্ৰদান কৰাৰ বাবে ডিফুৰ আঞ্চলিক কাৰ্যলয়ত ২১ জুলাইত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিব বুলি তেওঁ সংবাদমেলত উল্লেখ কৰে ৷ ৰাজ্যৰ বান সমস্যা সন্দৰ্ভত মন্তব্য কৰি প্ৰধান সম্পাদক শৰ্মাই কয় মহানগৰীত ড্ৰেইনত পৰি শিশুৰ মৃত্যু হোৱা ঘটনা প্ৰগতিৰ বাবে দুভাগ্যজনক ৷ বানত বিধ্বস্ত ৰাজ্যৰ জনতাক প্ৰৰ্যাপ্ত সাহায্য দিবৰ বাবে তেওঁ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক দাবী জনায় ৷ লগতে ছাত্ৰই শিক্ষকক হত্যা কৰাৰ দৰে এক পৰিবেশ ৰাজ্যত বিৰাজ কৰাক লৈ উদ্বেগ প্ৰকাশ কৰি সমাজখন আজি কোন দিশে গতি কৰিছে তাক আমি সকলোৱে দৃষ্টি দিয়া উচিত বুলি কয় ৷

আজিৰ সমাজে শিক্ষকক সন্মান নিদিয়ে ধনবান লোককহে বৰপীৰা দিয়ে বুলি উল্লেখ কৰি সততে শিক্ষকক ক্ষমতাত থকাসকলে কৰা তুচ্ছ-তাচ্ছিল্য কৰাৰো তেওঁ বিৰোধিতা কৰে ৷ নতুন শিক্ষানীতিত সকলো ভাষাৰ বিকাশৰ কথা কোৱা হৈছে যদিও ৰাজ্য চৰকাৰে ৰাজ্য ভাষা প্ৰয়োগৰ ক্ষেত্ৰত ল’ব লগা পদক্ষেপ গ্ৰহণ কৰাত অসন্তোষ ব্যক্ত কৰি সকলো চৰকাৰী জাননী অসমীয়া ভাষাত দিবলৈ আহ্বান জনায় ৷

আনহাতে উপ-সভাপতি ড৹ গিৰিশ সন্দিকৈয়ে যুৱ-উশৃংখলতাৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে শিক্ষকক ঠিয় কৰাই মন্ত্ৰীয়ে যদি অপমান কৰে সেয়া দেখি শিক্ষকৰ প্ৰতি ছাত্ৰ বা সমাজে বিৰূপ মনোভাৱ প্ৰকাশ কৰাতো স্বাভাৱিক ৷ তেওঁ মনৰ ক্ষোভ উজাৰি কয় সেইসকলে মনত ৰখা উচিত যে তেওঁলোকৰো জ্ঞানৰ দুৱাৰ শিক্ষকেই মুকলি কৰি দিছিল ৷

লগতে পঢ়ক: হৰিনাৰায়ণ দত্তবৰুৱা স্মাৰক বক্তৃতা

যোৰহাটত ড৹ প্ৰদীপ কুমাৰ বৰুৱাক কাব্যশ্ৰী হাজৰিকা বঁটা প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.