ETV Bharat / state

ক্ৰমান্বয়ে নিশকতীয়া কৰা হৈছে পৰিবহন নিগমক: ব্যক্তিগত খণ্ডক গতোৱাৰ চক্রান্ত নেকি ? - ASTC Voluntary Retirement Scheme - ASTC VOLUNTARY RETIREMENT SCHEME

Assam State Transport Corporation : এমাহতে ৮৩ গৰাকী কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ পৰিবহণ নিগমৰ । নিজৰ বাছ নিলাম কৰি ব্যক্তিগত বাছ চলাই সংগ্ৰহ কৰিছে কমিছন ৷ পৰ্যায়ক্ৰমে কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ প্ৰদানৰ নীতি কাৰ্যকৰী কৰিছে পৰিবহণ নিগমে । বিগত বৰ্ষত স্বেচ্ছামূলক অৱসৰ লৈছিল ২৬০ গৰাকী কৰ্মচাৰীয়ে । স্থায়ী কৰ্মচাৰীৰ বিপৰীতে ২,৩০০ গৰাকী কৰ্মচাৰী আছে ঠিকাভিত্তিত ।

Assam State Transport Corporation
অসম ৰাজ্যিক পৰিবহণ নিগম (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 9:49 PM IST

পৰিবহন নিগমক ব্যক্তিগত খণ্ডক গতাব নেকি ? (ETV Bharat Assam)

গুৱাহাটী, ১৮ মে’ : অসম ৰাজ্যিক পৰিবহণ নিগমৰ সৈতে অসমবাসীৰ আবেগ জড়িত হৈ আছে । দূৰন্ত গঁড়ৰ প্ৰতীক চিহ্নৰে ৰঙা ৰঙৰ বাছসমূহৰে এটা সময়ত অসম ৰাজ্যিক পৰিবহণ নিগম এটা লাভজনক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আছিল । অসমৰ গ্ৰামাঞ্চলক চহৰ-নগৰৰ সৈতে সংযোগ কৰা যাতায়াতৰ সেতু ৰঙা বাছৰ আৱেগ সম্বলিত অসম ৰাজ্যিক পৰিবহণ নিগম বন্ধ হ'বলৈ যেন আৰু বেছি দিন নাই ।

উন্নয়নৰ জয়গান গোৱা বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকালত মৃত্যুমুখী হ’বলৈ ধৰিছে অসম ৰাজ্যিক পৰিবহণ নিগম । নিজৰ বাছ নিলাম কৰি ব্যক্তিগত বাছ চলাই কমিছন সংগ্ৰহ কৰা ৰাজ্যিক পৰিবহণ নিগমে শেহতীয়াকৈ পৰ্যায়ক্ৰমে কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ প্ৰদানৰ নীতি কাৰ্যকৰী কৰিছে । সেই অনুসৰি ৩১ মাৰ্চত পৰিবহণ নিগমে ৮৩ গৰাকী কৰ্মচাৰীক প্ৰদান কৰিছে স্বেচ্ছামূলক অৱসৰ ।

লগতে পঢ়ক: কোনে অন্ধকাৰলৈ ঠেলিছে পৰিবহন নিগমৰ ১২৫০ গৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ ভৱিষ্যৎ ?

ইয়াৰ পূৰ্বে বিগত বৰ্ষত নিগমৰ পৰা স্বেচ্ছামূলক অৱসৰ লৈছিল ২৬০ গৰাকী কৰ্মচাৰীয়ে । একমাত্ৰ লোকচানৰ দোহাই দি কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰৰ দিশে ঠেলি দিছে নিগম কৰ্তৃপক্ষই । ইফালে নিজৰ অধীনত ব্যক্তিগত খণ্ডৰ বাছ চলাই কমিছন আদায় কৰা পৰিবহণ নিগমে স্বেচ্ছামূলক অৱসৰ লোৱা কৰ্মচাৰীসকলক এককালীন পাঁচ লাখ টকা প্ৰদানৰ নীতি লৈছে । ইয়াৰ পৰৱৰ্তী সময়ত এই কৰ্মচাৰীসকলক অন্যান্য অৱসৰকালীন ভাত্তা প্ৰদান কৰিব বুলি আশ্বাস দিছে ।

পিচে এইদৰে পৰ্যায়ক্ৰমে কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ প্ৰদান কৰা কাৰ্যই নিগমৰ ভৱিষ্যতক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে । কাৰণ শেহতীয়াকৈ ৮৩ গৰাকী কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ প্ৰদান কৰাৰ পিচত অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীৰ সংখ্যা ৫০০ জনলৈ হ্ৰাস পাইছে । চলিত বছৰতে নিগমে আৰু একাংশ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ প্ৰদান কৰিব বুলি জনা গৈছে । ইয়াৰ বাবে এককালীন অৱসৰৰ ভাত্তা দিবলৈয়ো সাজু হৈছে নিগম ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত পৰিবহন নিগমত সৰ্বাধিক লোকচান

উল্লেখ্য যে স্থায়ী কৰ্মচাৰীৰ বিপৰীতে পৰিবহণ নিগমত বৰ্তমান ঠিকাভিত্তিত ২,৩০০ গৰাকী কৰ্মচাৰী আছে । লক্ষ্যণীয় বিষয় যে অসম ৰাজ্যিক পৰিবহণ নিগমে ইয়াৰ পূৰ্বে ৭৭১ গৰাকী কৰ্মচাৰীক অবৈধ নিযুক্তিৰ দোহাই দি আঁতৰ কৰিছিল । সম্প্ৰতি এই ৭৭১ গৰাকী কৰ্মচাৰীৰ ভৱিষ্যৎ ন্যায়ালয়ৰ মজিয়াত ওলমি আছে ।

লক্ষ্যণীয়ভাৱে ৭৭১ গৰাকী কৰ্মচাৰীক ছাটাই কৰাৰ পিচত একপ্ৰকাৰ নিগমৰ ৰূপনগৰত থকা কাৰখানা আৰু অন্যান্য কেবাটাও শাখা অচল হৈ পৰিছিল । কৰ্মচাৰীৰ অভাৱ পূৰণৰ বাবে পৰিবহণ নিগমে অতি আশ্চর্যজনকভাৱে ব্যক্তিগত প্ৰতিষ্ঠানৰ জৰিয়তে ২৮৮ গৰাকী কৰ্মচাৰীক নিগমৰ কাম-কাজ চলাবলৈ নিয়োগ কৰিছে ।

কিন্তু এনে ব্যক্তিগত প্ৰতিষ্ঠানক নিয়োগ কৰাৰ ক্ষেত্ৰতো নিগমে কোনোধৰণৰ নীতি-নিয়ম অনুসৰণ নকৰাৰ গুৰুতৰ অভিযোগ উঠিছে । গুৱাহাটীৰ ৰাজপথত চলা পৰিবহণ নিগমৰ চি এন জি বাছ, ইলেক্ট্রিক বাছসমূহ পৰিচালনাৰ দায়িত্বও ইতিমধ্যে ব্যক্তিগত প্ৰতিষ্ঠানক গতাইছে । কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ প্ৰদান, গুৱাহাটীৰ ৰাজপথত চলা নিজৰ বাছকেইখনো আনক গতোৱা পৰিবহণ নিগমৰ মাটি-সম্পত্তিৰো এফালৰ পৰা চিন-মোকাম নাইকিয়া হ'ব ধৰিছে ।

লগতে পঢ়ক: ৰঙা বাছৰ প্ৰতীক চিহ্নৰ সৃষ্টিকৰ্তাই উদযাপন কৰিলে শতবৰ্ষ

পল্টনবজাৰ ৰে'ল ষ্টেচনৰ কাষতে থকা পৰিবহণ নিগমৰ বৃহৎ ভূমি ইতিমধ্যে উত্তৰ-পূব সীমান্ত ৰে'লৱেক প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে । ইয়াৰ বাবে ৰে'ল বিভাগে নিগমক যাৱতীয় ধনো আদায় দিছে । পল্টনবজাৰৰ কোটিটকীয়া মাটি-সম্পত্তি ৰে'ল বিভাগক দিয়াৰ বিনিময়ত ৰে'ল বিভাগে পৰিবহণ নিগমক জালুকবাৰীৰ বৃহৎ পিটনি এলেকা প্ৰদান কৰিছে ।

ইফালে এই পিটনি আছে বেদখলকাৰীৰ কবলত । তদুপৰি উক্ত দ’ পিটনি পুতি পৰিবহণ নিগমে তাত আস্থান গঢ়িবলৈ কেবাকোটি টকাৰ প্ৰয়োজন হ'ব । যিটো নিগমে লোকচানৰ দোহাই দি কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ প্ৰদান কৰি আছে, বাছ নিলাম কৰি আছে, সেইটো পৰিবহণ নিগমে বৃহৎ পিটনি পুতিবলৈ কোটি কোটি টকা ক'ৰ পৰা পাব সেয়াও এক ডাঙৰ প্ৰশ্ন । উন্নয়ন আৰু সফলতাৰ জয়গান গোৱা চৰকাৰখনে অসম ৰাজ্যিক পৰিবহণ নিগমক লোকচানৰ পৰা উদ্ধাৰ কৰি স্বয়ংসম্পূৰ্ণ কৰাৰ বিপৰীতে এইদৰে কৰ্মচাৰীক ছাটাই কৰি, স্বেচ্ছামূলক অৱসৰ প্ৰদান কৰি একপ্ৰকাৰ নিশকতীয়া কৰি আনিছে অসমৰ ৰাইজৰ আৱেগজড়িত নিগমটোক ।

স্বেচ্ছামূলক অৱসৰ প্ৰদানেৰে কৰ্মচাৰীৰ সংখ্যা শূন্য কৰি হয়তো এদিন ব্যক্তিগত কোম্পানী নাইবা কোনো বিভাগৰ সৈতে চামিল কৰিব পৰিবহণ নিগমক ।

লগতে পঢ়ক: বিশাল ভূ-সম্পত্তি থাকিও মৃত্যুৰ দুৱাৰদলিত থিয় হৈ আছে ৰাজ্যৰ পৰিবহন বিভাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.