ETV Bharat / state

কাৰ্যকাল উকলিল কিন্তু গাদী নলৰিল পঞ্চায়ত প্ৰতিনিধিৰ

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 12:55 PM IST

Tezpur Panchayat corruption : কাৰ্যকালৰ ম্যাদ উকলি যোৱা তেজপুৰৰ পঞ্চায়তে পঞ্চায়তে অৰাজকতাই বিৰাজ কৰিছে । পঞ্চায়তৰ প্ৰতিনিধিসকলে ৰূপায়ণ হ'বলগীয়া আঁচনিত হস্তক্ষেপ কৰাৰ অভিযোগ । একাংশ জিপিচিয়ে নীতি বহিঃৰ্ভূতভাৱে চৰকাৰী ধন মোকলোৱাৰ অভিযোগ ৰাইজৰ ।

Tezpur Panchayat corruption
কাৰ্যকাল উকলিল কিন্তু গাদী নলৰিল পঞ্চায়ত প্ৰতিনিধিৰ

তেজপুৰ, ২৫ জানুৱাৰী : অসমত পঞ্চায়তৰ নিৰ্বাচনৰ ৫ বছৰ অতিক্ৰম কৰিছে । ইয়াৰ লগে লগে পঞ্চায়তৰ প্ৰতিনিধিসকলৰ ম্যাদও উকলিল । কিন্তু তেওঁলোকে এতিয়ালৈ চকী এৰি দিয়া নাই । ২০১৯ চনত শোণিতপুৰ জিলাৰ মুঠ ৮২ টা পঞ্চায়ত আৰু ৭ টা আঞ্চলিক পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলে সেই বছৰৰ জানুৱাৰীতে শপত গ্ৰহণ কৰিছিল ৷

মনকৰিবলগীয়া যে, জিলাখনত ২০১৯ৰ জানুৱাৰীৰ দ্বিতীয় সপ্তাহৰ পৰা পৰ্যায়ক্ৰমে পঞ্চায়ত প্ৰতিনিধিসকলৰ শপত গ্ৰহণ আৰম্ভ কৰি ২৩ জানুৱাৰীত এই প্ৰক্ৰিয়াৰ অন্ত পৰিছিল ৷ অৱশ্যে তদানীন্তন অবিভক্ত শোণিতপুৰৰ মুঠ ১৯ টা জিলা পৰিষদৰ নিৰ্বাচিত প্ৰতিনিধিসকলে ফেব্ৰুৱাৰীতহে শপত গ্ৰহণ কৰিছিল ৷ ইয়াৰ বিপৰীতে পঞ্চায়ত প্ৰতিনিধিসকলৰ কাৰ্যকাল যোৱা ২৩ জানুৱাৰীত উকলি যোৱাৰ পাচত পঞ্চায়ত ভংগ হ'ব লাগে যদিও শোণিতপুৰত সেয়া হোৱা নাই ৷

পঞ্চায়ত প্ৰতিনিধিসকলৰ কাৰ্যকাল ইতিমধ্যে উকলি যোৱা স্বত্বেও সম্প্ৰতি সেইসকল পঞ্চায়ত প্ৰতিনিধিয়ে নতুনকৈ পঞ্চায়তৰ জৰিয়তে ৰূপায়ণ হ'বলগীয়া আঁচনিৰ অনুমোদন নিজাববীয়াকৈ কৰাৰ বাবে অপ্ৰাণ চেষ্টা অব্যাহত ৰখাৰ অভিযোগ উঠিছে ৷

উল্লেখ্য যে, শোণিতপুৰত অধিকাংশ পঞ্চায়ত আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ব্যাপক কমিচনৰাজ চলোৱাৰ লগতে একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে নিজেই ঠিকাদাৰ হৈ পৰাৰ উপৰিও পৰিয়ালৰ সদস্যক ঠিকাদাৰ সজাই চৰকাৰী ধন আত্মসাৎ কৰাৰো অভিযোগ উঠিছে । এই ক্ষেত্ৰত একাংশ পঞ্চায়ত সচিবো জড়িত হৈ পৰাৰ অভিযোগ উঠাৰ লগতে একাংশ পঞ্চায়ত সচিবে ৰঙাপৰাকে ধৰি বিভিন্ন পঞ্চায়তত ঘনিষ্ঠ একাংশৰ নামত ঠিকা কৰাৰো অভিযোগ উঠিছে ৷

উল্লেখ্য যে, ৰঙাপৰাৰ একাংশ জিপিচিয়ে নীতি বহিঃৰ্ভূতভাৱে চৰকাৰী ধন মোকলোৱাৰ অভিযোগ উঠাৰ বিপৰীতে উপাৰ্জনতকৈ অধিক পৰিমাণৰ সম্পত্তিৰ গৰাকী হৈ পৰিছে ৷ একেদৰে তেজপুৰৰো নপাম, পাঁচমাইল, ভোমোৰাগুৰি, বিহগুৰি তথা ৰঙাপৰা আৰু ঢেকিয়াজুলিৰ বিভিন্ন পঞ্চায়ততো ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে ।

কিন্তু ইয়াৰ বিৰুদ্ধে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত পঞ্চায়তৰ ক্ষমতা লাভৰে মাটিত ভৰি নপৰা হোৱা পঞ্চায়ত প্ৰতিনিধিসকলে সম্প্ৰতি তেওঁলোকৰ কাৰ্যকাল অন্তপৰা স্বত্বেও ক্ষমতা বাহাল ৰাখি পঞ্চায়ত আঁচনিসমূহ তেওঁলোকৰ ইচ্ছা অনুসৰি ৰূপায়ণ কৰিবলৈ উঠিপৰি লাগিছে ৷

এনে ক্ষেত্ৰত ইতিমধ্যে কাৰ্যকালৰ ম্যাদ উকলা পঞ্চায়ত প্ৰতিনিধিসকলৰ এনে অযথা হস্তক্ষেপ কেতিয়া বন্ধ হ'ব তাক লৈ ৰাইজৰ মাজত চৰ্চা চলিছে ৷

লগতে পঢ়ক : অমীমাংসিত হৈ পৰি আছে অসম বিধানসভাত গৃহীত ১৬ খন বিধেয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.