তিনিচুকীয়া, ৭ মে’ : পুনৰ চতুৰ্থ বাৰলৈ আদালতত মুখ থেকেঁচা খালে আই পি এল জুৱাৰ সম্ৰাট তিনিচুকীয়াৰ বিকাশ বেৰিয়াই ৷ ২৬ এপ্ৰিলত পুৱা তিনিচুকীয়াৰ বাসগৃহৰ পৰা তিনিচুকীয়া আৰক্ষীয়ে আটক কৰাৰ পাচত জামিন আবেদন কৰিছিল যদিও তিনিবাৰকৈ তিনিদিন তিনিদিনকৈ আদালতৰ পৰা তিনিচুকীয়া আৰক্ষীয়ে নিজৰ জিন্মাত লৈ মাৰাথন জেৰা চলাইছিল বিকাশ বেৰিয়াক ৷ তাৰ পাচত সোমবাৰে আৰক্ষীৰ জিন্মাৰ ম্যাদ উকলাত আদালতত হাজিৰ কৰোৱাই তিনিচুকীয়া আৰক্ষীয়ে ৷

আদালততে বেৰিয়াৰ জামিন আবেদন নাকচ কৰি বিকাশ বেৰিয়া আৰু নিখিল আগৰৱালাক ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে তিনিচুকীয়া আদালতে ৷ নটাকৈ দিন তিনিচুকীয়া আৰক্ষীয়ে নিজৰ জিন্মাত লৈ চলোৱা অভিযানৰ সময়তে নিখিল আগৰৱালাৰ বাসগৃহত জব্দ কৰিছিল ৬২ লাখ ৮০ হাজাৰ ৮৯০ টকা ৷
সমান্তৰালভাৱে বিকাশ বেৰিয়াৰ ঘৰৰ পৰা ১০ লক্ষাধিক, নিতিন বেৰিয়াৰ ঘৰৰ পৰা ৮.৫০ লাখ আৰু আন এজন ঘনিষ্ঠৰ ঘৰৰ পৰা ১.৫০ লাখ টকা জব্দ কৰে তিনিচুকীয়া আৰক্ষীয়ে ৷ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীয়ে তদন্ত চলাই যোৱাৰ সমান্তৰালভাৱে বিকাশ বেৰিয়া আৰু ভাতৃ নিতিন বেৰিয়াৰ সম্পত্তিৰ তদন্তৰ বাবে ই ডি আৰু আয়কৰ বিভাগক তদন্তৰ বাবে পত্ৰ প্ৰেৰণ কৰে ৷
তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলিপে আৰু দুয়োটা বিভাগলৈ লিখা পত্ৰৰ বিষয়েও আদালতক অৱগত কৰে তিনিচুকীয়া আৰক্ষীয়ে ৷ ইফালে আই পি এল জুৱাৰ চক্ৰৰ সৈতে জড়িত অভিযুক্ত বিকাশ বেৰিয়া, সুপ্ৰিত বিশ্বাসৰ লগতে টকা উদ্ধাৰ হোৱা নিখিল আগৰৱালাক লৈ তিনিচুকীয়া আৰক্ষীয়ে তিনিগৰাকী লোকক ন্যায়িক জিম্মালৈ ইতিমধ্যে প্ৰেৰণ কৰিছে ৷
প্ৰথম পৰ্যায়ত সুপ্ৰিত বিশ্বাসক তিনিচুকীয়া আৰক্ষীয়ে ১২২/২৪ নম্বৰৰ গোচৰৰ ভিত্তিত আটক কৰি মাৰাথন জেৰা চলাই প্ৰেৰণ কৰে ন্যায়িক জিম্মালৈ আৰু পৰৱৰ্তী সময়ত সেই গোচৰৰ ভিত্তিতেই তিনিচুকীয়া আৰক্ষীয়ে ২৬ এপ্ৰিলত কাহিলি পুৱাতেই নিজ বাসগৃহৰ পৰা আটক কৰে বিকাশ বেৰিয়াক ।

তথ্য অনুসৰি বিকাশ বেৰিয়াই বহিঃৰাজ্যৰ পৰা নিশা আহি নিজ বাসগৃহত প্ৰৱেশ কৰি শুই থকাৰ সময়তে আৰক্ষীয়ে প্ৰৱেশ কৰে বাসগৃহত ৷ চৰ্চিত যে, বেৰিয়া ভাতৃত্বই বিদেশত বহিয়েই ৰাজ্যত বুকীসকলৰ জৰিয়তে পৰিচালনা কৰে দুটাকৈ ম’বাইল এপচ্ৰ আই পি এল জুৱা ৷ কিন্তু বিকাশ বেৰিয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মালৈ প্ৰেৰণ কৰে যদিও এই পৰ্যন্ত পলাতক হৈ আছে আন এজন মূল অভিযুক্ত নিতিন বেৰিয়া ৷
সমান্তৰালভাৱে পলাতক বেৰিয়া ভাতৃত্বৰ সেনাপতি ভোলা আৰু সন্তুষ ৷ তিনিচুকীয়া আৰক্ষীয়ে আটাইকে আটক কৰিবলৈ অভিযান চলোৱা বুলি উল্লেখ কৰে যদিও কেতিয়ালৈ আৰক্ষীয়ে আটক কৰিব পাৰিব সেয়াহে হ’ব লক্ষণীয় ৷ কিয়নো ইতিমধ্যে বেৰিয়া দলৰ সকলো সদস্যই বিভিন্ন স্থানত আত্মগোপন কৰা বুলি তথ্যত প্ৰকাশ ৷
লগতে পঢ়ক : পুনৰ তিনিদিনৰ আৰক্ষীৰ জিম্মালৈ আই পি এল জুৱাৰ সম্ৰাট বিকাশ বেৰিয়াক - IPL Gamblers In Tinsukia