ETV Bharat / state

প্ৰসংগ জোনমণি ৰাভাৰ মৃত্যু : চি বি আইৰ প্ৰতিবেদনৰ ভিত্তিত আৰম্ভ বিভাগীয় তদন্ত - Junmoni Rabha Death Case

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Investigation of Junmoni Rabha death case : এছ আই জোনমণি ৰাভাৰ মৃত্যু প্ৰসংগত তদন্তৰ প্ৰতিবেদন দাখিল চি বি আইৰ । চি বি আইৰ প্ৰতিবেদনৰ ভিত্তিত বিভাগীয় তদন্ত আৰম্ভ 7 গৰাকীকৈ আৰক্ষী বিষয়াৰ বিৰুদ্ধে । দুজনৰ বিৰুদ্ধে ৰুজু অপৰাধৰ গোচৰ ।

Investigation of Junmoni Rabha death case
জোনমণি ৰাভাৰ মৃত্যু তদন্তৰ নতুন গতি (ETV Bharat Assam)

নগাঁও, ২২ ছেপ্টেম্বৰ : এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি এটা বছৰ পূৰ্বে সমগ্ৰ ৰাজ্যজুৰিয়েই সৃষ্টি হৈছিল চাঞ্চল্য । বিগত বৰ্ষৰ 15 মে’ৰ নিশা নগাঁৱৰ জখলাবন্ধাত এক ৰহস্যজনক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল সেই সময়ৰ নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এছ আই জোনমণি ৰাভাৰ । কিন্তু জোনমণি ৰাভাৰ মৃত্যুক পৰিয়ালৰ লগতে সাধাৰণ ৰাইজেও যেন ল’ব পৰা নাছিল সহজভাৱে ।

কৰ্মৰত অৱস্থাত এগৰাকী আৰক্ষী বিষয়াৰ মৃত্যুৰ পিচত পৰিয়ালৰ লগতে বিভিন্ন দল-সংগঠনে জনোৱা দাবীৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত গোচৰটোৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছিল কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইক । লগে লগে চি আই ডিৰ পৰা তদন্তৰ সকলো দায়িত্ব গ্ৰহণ কৰি গোচৰটোৰ তদন্ত আৰম্ভ কৰিছিল চি বি আয়ে ৷

সেই সময়ৰ চি বি আইৰ ডি আই জি লাভলী কাটিয়াৰৰ নেতৃত্বত নগাঁৱত উপস্থিত হোৱা চি বি আইৰ এটা দলে প্ৰাৰম্ভিকভাৱে জোনমণি ৰাভাৰ মৃত্যুৰ লগতে ঘটনাৰ সৈতে সাঙোৰ খোৱা আন এটা গোচৰো ৰুজু কৰি আৰম্ভ কৰিছিল তদন্ত । জোনমণি ৰাভাৰ মৃত্যুৰ পিচতেই উত্থাপন হৈছিল লখিমপুৰৰ নকল সোণ আৰু জালনোটৰ বেহাৰ সৈতে জড়িত ব্যৱসায়ীৰ লগত একাংশ আৰক্ষীৰ মিতিৰালি থকাৰ অভিযোগ । চি বি আইৰ দলে পৃথকে পৃথকে গোচৰ ৰুজু কৰি প্ৰথমে জোনমণি ৰাভাৰ মৃত্যুৰ চূড়ান্ত প্ৰতিবেদন নগাঁও আদালতৰ দাখিল কৰাৰ পিচত অৱশেষত নকল সোণ আৰু জালনোটৰ গোচৰৰ তদন্তৰ প্ৰতিবেদনো দাখিল কৰিছে চি বি আয়ে ।

চি বি আইৰ শেহতীয়া প্ৰতিবেদনৰ ভিত্তিত অসম আৰক্ষীৰ সাতগৰাকীকৈ বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে । সেই সময়ত জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা সাতগৰাকীকৈ বিষয়াৰ নাম চি বি আইৰ প্ৰতিবেদনত উল্লেখ কৰাৰ পিচতেই বিষয়াকেইগৰাকীৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে ।

ইয়াৰোপৰি গোচৰটোত সাঙোৰ খোৱা আন দুজনকৈ লোকৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে ৰুজু কৰিছে অপৰাধৰ গোচৰ । আৰক্ষীৰ এক বিশেষ সূত্ৰে জানিব পৰা মতে ৰচিদুল হক আৰু ৰাজু বাস্ফৰৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে চি বি আইৰ প্ৰতিবেদনৰ ভিত্তিত ৰুজু কৰিছে গোচৰ । ইয়াৰে ৰচিদুল হকৰ নগাঁও সদৰ আৰক্ষী থানাত 933/2024 নম্বৰত 120B/489A/511 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰাৰ লগতে ৰাজু বাস্ফৰৰ বিৰুদ্ধে নগাঁও আৰক্ষী থানাত 934/ 2024 নম্বৰত 379/406 ধাৰাৰ অধীনত ৰুজু কৰা হৈছে গোচৰ ।

লগতে পঢ়ক : কলিয়াবৰ ন্যায়িক আদালতত জোনমণি ৰাভাৰ মাতৃ, গোচৰ প্ৰত্যাহাৰ

জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত : চি বি আইৰ পৰা চূড়ান্ত প্রতিবেদনৰ প্ৰতিলিপি বিচাৰিছে অসম আৰক্ষীয়ে

২০২৩ বর্ষই কেৱল চকুপানী-দুখ-যন্ত্ৰণা উপহাৰ দিয়া এগৰাকী দুৰ্ভগীয়া মাতৃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.