ETV Bharat / state

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে গুৱাহাটীত আয়োজন বিভিন্ন কাৰ্যসূচী

International Womens Day: ৮ মাৰ্চ, আন্তৰ্জাতিক নাৰী দিৱস । এই বিশেষ দিৱসৰ লগত সংগতি ৰাখি মহানগৰীত আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচী । আন্তৰ্জাতিক নাৰী দিৱসৰ উপলক্ষে শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হ'ব মহিলাৰ দ্বাৰা এখনি বিশেষ ভাওনা । আনহাতে বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত হৈ সফলতা লাভ কৰা ১০ গৰাকী মহিলাক সম্বৰ্ধনা জনোৱা হয় ।

author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 8:41 AM IST

Various programmes on the occasion of International Women's Day in Guwahati
আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী
আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে গুৱাহাটীত আয়োজন বিভিন্ন কাৰ্যসূচী

গুৱাহাটী, ৮ মাৰ্চ : আজি আন্তৰ্জাতিক নাৰী দিৱস । সমগ্ৰ বিশ্বতে ৮ মাৰ্চৰ দিনটোত উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস হিচাপে । ব্য়তিক্ৰম নহয় অসমতো । অসমৰ বিভিন্ন প্ৰান্তত আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচী । এই বিশেষ দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে গুৱাহাটী মহানগৰীতো আয়োজন কৰা হৈছে বহু কাৰ্যসূচী ।

নাৰী যে পুৰুষতকৈ কোনোগুণে কম নহয় তাকে প্ৰমাণিত কৰিব মহানগৰীৰ এদল উদ্য়মী মহিলাই । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টিক জীয়াই ৰখাৰ স্বাৰ্থত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে মঞ্চস্থ কৰা হ'ব ওম চাই গণেশ প্ৰডাকচনৰ বেনাৰত সম্পূৰ্ণ ব্ৰজাৱলী ভাষাত 'সতী' শীৰ্ষক এখন ভাওনা ।

শ্ৰীমন্ত বৰাই পৰিচালনা কৰা 'সতী' নামৰ ভাওনাখন আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি অহা ১০ মাৰ্চত সন্ধিয়া ৬ বজাত পাঞ্জাবাৰীস্থিত শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হ'ব । ভাওনাখন সঠিক ৰূপত মঞ্চস্থ কৰিবলৈ পাঞ্জাবাৰীস্থিত বিপনন ক্ষেত্ৰত ইতিমধ্যে আখৰাত ব্যস্ত হৈ পৰিছে শিল্পী তথা কলা-কুশলীসকল ।

মন কৰিবলগীয়া কথা এই যে মঞ্চস্থ হ’বলগীয়া 'সতী' নামৰ ভাওনাখনত অভিনয় কৰা আটাইকেইগৰাকী শিল্পীয়েই মহিলা । 'সতী' নামৰ ভাওনাখনত দক্ষৰ চৰিত্ৰত পল্লী কোঁচ, শিৱৰ চৰিত্ৰত অঞ্জনাময়ী শইকীয়া, সতীৰ চৰিত্ৰত মিমন মহন্ত আদিকে ধৰি ২১ গৰাকী মহিলা শিল্পীয়ে অভিনয় কৰিছে ।

ইফালে, আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰা হয় এক বিশেষ আলোচনা চক্ৰ আৰু সম্বৰ্ধনা অনুষ্ঠান । ৰাইটাৰ্চ ফ'ৰাম অসমৰ উদ্যোগত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত হৈ সফলতা লাভ কৰা ১০ গৰাকী মহিলাক সম্বৰ্ধনা জনোৱা হয় । লগতে নাৰী দিৱসৰ প্ৰাসংগিকতাৰ সন্দৰ্ভত আলোচনা কৰা হয় ।

ৰাইটাৰ্ছ ফ'ৰাম অসমৰ উদ্যোগৰ আয়োজিত এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন দিশত কাম কৰা ১০ গৰাকী হল ক্ৰমে ড৹ হিৰণ্য বৰা, পূৰবী দাস কলিতা, ৰুবী ৰঞ্জনা, ৰাজিয়া বেগম, প্ৰিয়ংকা মজুমদাৰ, সোমা বৰুৱা, ববী বৰঠাকুৰ, অনামিকা বৰ্মন, হিৰণময়ী দেৱী, কল্পনা কলিতা ড৹ বৰ্ণালী চৌধুৰীক সম্বৰ্ধনা জনোৱা হয় ।

উল্লেখযোগ্য যে বিগত কেইবাবছৰে ৰাইটাৰ্চ ফ'ৰাম অসমে নাৰী দিৱস উপলক্ষে ৰাজ্য ভিন্ন প্ৰান্তৰ পৰা সফল মহিলাসকলক সম্বৰ্ধনা জনাই আহিছে ।

লগতে পঢ়ক: আন্তৰ্জাতিক নাৰী দিৱস 2024; 10 সফল ভাৰতীয় মহিলা খেলুৱৈৰ সংগ্ৰামৰ কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.