ETV Bharat / state

এইবাৰ অসম সাহিত্য সভাৰ অধিবেশনত বাণিজ্য মেলাৰ পৰিৱৰ্তে হ'ব বিজ্ঞান মেলা - Assam Sahitya Sabha

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2024, 9:31 PM IST

Science fair in Assam Sahitya Sabha: অসম সাহিত্য সভাৰ অধিবেশনত এতিয়াৰ পৰা বাণিজ্য মেলাৰ পৰিৱৰ্তে হ'ব বিজ্ঞান মেলা ৷ অসম চৰকাৰৰ বিজ্ঞান-প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই উল্লেখ কৰিছে এই কথা ৷

Science fair in Assam Sahitya Sabha
মন্ত্ৰী কেশৱ মহন্ত (ETV Bharat Assam)

গুৱাহাটী, ২৮ আগষ্ট : অসম সাহিত্য সভাৰ অধিৱেশন বুলিলে আপোনাৰ বাৰু মনলৈ কেনে এখন ছবি আহে ? ভিন ভিন প্ৰকাশক গোষ্ঠী তথা ব্যক্তিগত বিক্ৰেতাৰ গ্ৰন্থ বিপণি, একোখন মঞ্চ, মঞ্চত উপবিষ্ট হৈ নিজৰ জ্ঞানগৰ্ভ ভাষণেৰে শ্ৰোতা-দৰ্শকক আপ্লুত কৰা সাহিত্য-সংস্কৃতিৰ সৈতে জড়িত ব্যক্তি বিশেষ আৰু সীমিত সংখ্যক দৰ্শকৰ উপস্থিতিৰে এটা প্ৰেক্ষাগৃহ ৷ তাৰ বিপৰীত ছবি এখনো কিন্তু অধিবেশনত সুলভ ৷ পানীপুৰী, পপক’ৰ্ণ, ভিন্ন স্বাদৰ লঘু আহাৰ, আনন্দ মেলা আদিৰে পৰিৱেষ্টিত এক পৰিবেশ ৷ য’ত সাহিত্য আলোচনাৰ মঞ্চতকৈ স্বভাৱগতভাৱেই মানুহৰ ভিৰ বেছি হয় ৷ আমি এই প্ৰতিবেদনত সকলোকে সাঙুৰিব খোজা নাই ৷ প্ৰায়েই সাহিত্য সভাৰ অধিবেশনৰ সময়ত চৰ্চা পোৱা আৰু পাছলৈ নিতাল মৰা বিষয়টোৰ সন্দৰ্ভতহে উল্লেখ কৰিব খুজিছো ৷

অসম সাহিত্য সভাৰ অধিবেশনত বিজ্ঞান মেলা (ETV Bharat Assam)

বিজ্ঞানে আনিব জোৱাৰ:

এইবাৰ ৰেহৰূপ সলনি হ’ব অসম সাহিত্য সভাৰ অধিবেশনৰ ৷ কিয়নো অসম চৰকাৰৰ বিজ্ঞান-প্ৰযুক্তি বিভাগে গ্ৰহণ কৰিছে এক পদক্ষেপ ৷ এইবাৰ পাঠশালাত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ ৭৭ সংখ্যক দ্বিবার্ষিক অধিবেশনখনত বিজ্ঞান মেলাৰ জৰিয়তে বাণিজ্য মেলাৰ অৱসান ঘটোৱাৰ পৰিকল্পনা কৰিছে চৰকাৰে । এই ঘোষণা মন্ত্ৰী কেশৱ মহন্তৰ ৷

বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলা :

অসম সাহিত্য সভাৰ অধিবেশনত বাণিজ্য মেলাৰ পৰিৱৰ্তে হ'ব বিজ্ঞান মেলা । বিধানসভাৰ বাহিৰত বুধবাৰে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী কেশৱ মহন্তই কয়, ‘‘প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাৰ অধিবেশনত বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলা হ'ব । বিজ্ঞানৰ লগত সাহিত্য-সংস্কৃতি কিদৰে জড়িত সেয়া প্ৰতিষ্ঠা কৰা হ'ব । অসম বিজ্ঞান প্ৰযুক্তি বিভাগৰ পৰা তেওঁলোকক সহযোগিতা আগবঢ়াই নৱপ্ৰজন্মৰ নিদৰ্শন হিচাপে আগুৱাই লৈ যাব বিচাৰিছো । বিজ্ঞান মেলাৰ দিনে দিনে পৰিৱৰ্তন হৈছে । এই মেলাত দৃশ্য-শ্ৰব্যয়েই নহয় ছাত্ৰ-ছাত্ৰীসকলক জড়িত কৰা হ'ব । মহাকাশ বিজ্ঞানকে ধৰি সকলো কথা এই বিজ্ঞান মেলাত থাকিব ।’’

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে এই মেলা সন্দৰ্ভত কয়, ‘‘বিজ্ঞান মেলাত IIT গুৱাহাটী, Regional Science Center গুৱাহাটী, যোৰহাট, গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ ল’ব ।’’

উল্লেখ্য যে, অসম সাহিত্য সভাৰ অধিবেশনত প্ৰচলিত বাণিজ্য মেলাক লৈ সময়ে সময়ে বিতৰ্ক হৈ আহিছিল । এতিয়া অসম চৰকাৰৰ এই বিজ্ঞানপ্ৰসূত চিন্তাই জোৱাৰ আনিব পাৰে নে নাই সেয়া লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক: উজনিৰ ৰাইজক কেনেকৈ মাছ খুৱাব মীন মন্ত্ৰীয়ে ? - Miya controversy

অসম চুক্তি ৰূপায়ণ আৰু এন আৰ চি প্ৰক্ৰিয়া শীঘ্ৰে আৰম্ভ কৰাৰ দাবী বিৰোধী দলপতিৰ - Assam Assembly Autumn Session

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.