ETV Bharat / state

সঁজাল ধৰা ধাননিত শুৰ পোকে ভাগিছে কৃষকৰ সপোন

Pests damage paddy field : শুৰ পোকে তহিলং কৰিছে সেউজীয়া পথাৰ । নিদ্ৰামগ্ন কৃষি বিভাগৰ বিৰুদ্ধে অসহায় কৃষকৰ ক্ষোভ ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Pests damage paddy field
শুৰ পোকে তহিলং কৰিছে পথাৰ (ETV Bharat Assam)

আমগুৰি, ৮ অক্টোবৰ: শুৰ পোকে লগাইছে আউল । কৃষকৰ টোপনি ভাঙিছে শুৰ পোকে । সজাল ধৰা পথাৰ শুৰ পোকে নষ্ট কৰিছে । নিশাৰ ভিতৰতে সেউজীয়া ধাননি পথাৰ কৰিছে তহিলং । ফলত কৃষকসকলে নষ্ট হোৱা ধাননি পথাৰলৈ চাই হুমুনিয়াহ কাঢ়িছে । ইয়াৰ পিচতো নিদ্ৰামগ্ন কৃষি বিভাগ ।

এনেকৈয়ে ভাগিল কৃষকৰ সপোন

লেউ-লেউ কৈ থকা শুৰ পোকে তহিলং কৰিছে কৃষকৰ সেউজীয়া পথাৰ । গেৰ ধৰিবলৈ লওতেই শুৰ পোকে নিশাটোৰ ভিতৰতে বিঘাই বিঘাই সেউজীয়া পথাৰ তহিলং কৰিছে । শিৱসাগৰ কৃষি বিভাগৰ অন্তৰ্গত পানবেচাৰত এতিয়া শুৰ পোকৰ বাবে কৃষকসকলে ত্রাহি মধুসূদন দেখিছে । পানবেচাৰ তাঁতী পথাৰৰ শ শ বিঘাৰ ভূমিৰ সঁজাল ধৰা ৰোৱা শুৰ পোকে খাই নষ্ট কৰাত মূৰে কপালে হাত দিবলগীয়া হৈছে খেতিয়কসকলে । ৰোৱা সমূহত গেৰ ধৰাৰ সময়তে এই পোকে খাই নষ্ট কৰি থকাত এইবাৰ শ শ পৰিয়ালে ধান লাভ যে নকৰে নিশ্চিত হৈছে ।

নিদ্ৰামগ্ন কৃষি বিভাগ

ইয়াৰ পৰিপ্ৰেক্ষিতত উদ্বিগ্ন হৈ পৰিছে ধান খেতিৰ ওপৰতে নিৰ্ভৰশীল খেতিয়ক । ইপিনে, শুৰ পোকৰ উপদ্ৰৱৰ কথা জিলা কৃষি বিভাগক অৱগত কৰিছে যদিও সমস্যা সমাধান কৰিব নোৱৰা বুলি ক্ষোভ প্ৰকাশ কৰিছে খেতিয়কসকলে । জিলা কৃষি বিভাগৰ বিষয়াই কৃষকৰ সমস্যা সমাধানত গুৰুত্ব প্ৰদান নকৰা বুলি ভুক্তভোগী কৃষকে উল্লেখ কৰিছে ।

ৰাজ্যত কিছুদিন খৰাং বতৰে কৃষকক জ্বলা-কলা দেখুওৱাৰ পিছত দুদিনমান বৰষুণ হৈছে যদিও এইবাৰ শুৰ পোকে টোপনি হৰণ কৰাত হাহাকাৰ লাগিছে । কৃষকৰ সমস্যা সমাধানৰ কথা কোৱা কৃষি বিভাগ এই বিপদৰ সময়ত নিদ্ৰামগ্ন হৈ থকাত ক্ষুব্ধ হৈছে খেতিয়কসকল । কৃষকসকলে শীঘ্ৰেই এই সমস্যা সমাধান কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:চৰহা লগা ধাননিত মন্ত্ৰী অতুল বৰা - paddy fields hit by insects

সজাল ধৰা ধাননিত অচিন পোকৰ আক্ৰমণ: বছৰৰ ভাতমুঠিক লৈ চিন্তিত কৃষক - Pests destroy paddy fields

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.