ETV Bharat / state

ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ গোচৰ: দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ অভিমন্যুসহ ৫ দুৰ্বৃত্ত

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 10:40 PM IST

Abhimanyu Das Arrested : এইবাৰ চক্ৰবেহুত সোমাল অভিমন্যু । সৰুপথাৰ আৰক্ষীৰ জালত অভিমন্যুসহ পাঁচজনীয়া দুৰ্বৃত্তৰ দল ।

আৰক্ষীৰ জালত অভিমন্যুসহ ৫ দুৰ্বত্ত
আৰক্ষীৰ জালত অভিমন্যুসহ ৫ দুৰ্বত্ত
আৰক্ষীৰ জালত অভিমন্যুসহ ৫ দুৰ্বত্ত

সৰুপথাৰ, ৪ মাৰ্চ : চক্ৰবেহুত অভিমন্যু ৷ সৰুপথাৰ আৰক্ষীৰ জালত অভিমন্যুসহ পাঁচজনীয়া দুৰ্বৃত্তৰ দল । আনহাতে, সৰুপথাৰত গ্ৰেপ্তাৰ হোৱা অভিমন্যু দাসক ২ দিনৰ বাবে আৰক্ষীৰ জিম্মা প্ৰদান কৰা হয় । উল্লেখ্য যে ৪ দিনৰ জিম্মা বিচাৰি সৰুপথাৰ আৰক্ষীয়ে আদালতত আবেদন কৰিছিল । এতিয়া ২ দিনৰ আৰক্ষীৰ জিম্মাৰ অন্তত চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব অভিমন্যু দাসক । সোমবাৰে অভিমন্যুসহ ৫ জনীয়া দলটোক স্বাস্থ্য পৰীক্ষা কৰি ধনশিৰি মহকুমাৰ ন্যায়িক দণ্ডাধীশৰ আদালতত আৰক্ষীয়ে বিয়লিৰ সময়ত হাজিৰ কৰায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰে নাম সাঙোৰ খাইছিল অভিমন্যু দাসৰ । অৱশেষত সৰুপথাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিমন্যু দাসক । কিন্তু এইজনেই যে অসম আৰক্ষীৰ ৱাণ্টেড অভিমন্যু দাস সেই কথা আৰক্ষীয়ে গম পোৱা নাছিল । চেহেৰাৰ ৰূপ সলনি কৰি তেওঁ আৰক্ষীৰ চকুত ধূলি দি ফুৰিছিল । অৱশেষত আৰক্ষীৰ চক্ৰবেহুত সোমায় অভিমন্যুসহ ৫ জনীয়া দলটো ।

শনিবাৰে সৰুপথাৰৰ ইকৰাণিত এক গুলীচালনাৰ ঘটনা সংঘটিত কৰিছিল অভিমন্যুসহ ৫ জনীয়া দলটোৱে । অভিযোগ অনুসৰি, মদ বিচাৰিল 'আইছেং ধাবা' নামৰ ধাবাখনত প্ৰৱেশ কৰিছিল দলটো । কিন্তু মদ নোপোৱাৰ বাবেই তেওঁলোকে গুলীচালনাৰ ঘটনাটো সংঘটিত কৰে । ধনশিৰি মহকুমাৰ সৰুপথাৰত শনিবাৰে নিশা সংঘটিত হৈছিল উক্ত গুলীচালনাৰ ঘটনা । দুৰ্বৃত্তৰ দলটোৱে শূন্যলৈ ৩ জাঁই গুলী ফুটাই আতংকৰ সৃষ্টি কৰিছিল বুলি ধাবাখনৰ স্বত্ত্বাধিকাৰীয়ে জানিবলৈ দিয়ে ।

এএছ-০৬-এডি-৬৫৬৬ নম্বৰৰ এখন ফৰছুনাৰ আৰু আৰজে-৪৫-চিৱাই-৭১৭৮ নম্বৰৰ এখন টয়টা হাই লাক্স ইছুজুত অহা পাঁচজনীয়া যুৱকৰ দলটোৱে নিশা আইছেং ধাবাত উপস্থিত হৈ মদ বিচাৰি সংঘটিত কৰিছিল ঘটনাটো । বৰ্তমান সৰুপথাৰ আৰক্ষীৰ জিম্মাত আছে দুয়োখন বাহন । সোমবাৰে অভিমন্যুসহ ৫ জনীয়া দলটোক স্বাস্থ্য পৰীক্ষা কৰি ধনশিৰি মহকুমাৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় ।

আটকাধীন দুৰ্বৃত্তকেইটা হৈছে গজেন বৰা, দশৰথ সিং, শচীন শৰ্মা, উত্তম দাস আৰু অভিমন্যু দাস । পিছত হীৰকজ্যোতি বৈশ্য নামৰ অন্য এজন লোকক গ্ৰেপ্তাৰ কৰে । ইয়াকে লৈ মুঠ ৬ জনকৈ লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

লগতে পঢ়ক :জাহাজত ৰিলছ বনাই থাকোতে পিছলি পৰিল ব্ৰহ্মপুত্ৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.