মৰাণ, 22 জুন: অসম চৰকাৰৰ অন্যতম লাভজনক উদ্যোগ অসম পেট্ৰ’কেমিকেল লিমিটেড । কিন্তু শেহতীয়াকৈ প্ৰাকৃতিক গেছৰ মূল্যবৃদ্ধিয়ে এই উদ্যোগটোক সমস্যাত পেলাইছে ৷ উল্লেখ কৰা প্ৰয়োজন যে, অসম পেট্ৰ’কেমিকেল লিমিটেডক অধিক কাৰ্যক্ষম কৰাৰ লগতে সম্প্ৰসাৰণ কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিশেষভাবে ব্যৱস্থা গ্ৰহণ কৰিছিল ।
যোৱা 14 এপ্ৰিলৰ দিনা সৰুসজাই ষ্টেডিয়ামত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ বাবে উচৰ্গা কৰিছিল প্ৰায় 18 শ কোটি টকাৰে নিৰ্মিত অসম পেট্ৰ’কেমিকেল লিমিটেডৰ বৰ্ধিত মিথানল প্ৰকল্পটো । উদ্বোধনৰ পাছৰে পৰা দৈনিক 500 টন মিথানল উৎপাদন কৰি অহা হৈছে প্ৰকল্পটোত ।
পূৰ্বৰে পৰা এ পি এলৰ পুৰণি প্ৰকল্পটোত উৎপাদিত হৈ আহিছে মিথানল ৷ ভাৰতবৰ্ষৰ লগতে ভূটান, নেপাল, বাংলাদেশলৈ ৰপ্তানি হৈ আহিছে যদিও নতুন প্ৰকল্পত এই পৰিমাণ দুগুণলৈ বৃদ্ধি পাব আৰু আৰ্থিকভাৱে লাভাম্বিত হ’ব বুলি আশা কৰা হৈছিল । কিন্তু কাৰ্যতঃ মিথানলৰ বজাৰত সন্মুখীন হোৱা তীব্ৰ প্ৰত্যাহ্বান আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মিথানলৰ মূল্য হ্ৰাস হোৱাৰ পৰিপেক্ষিতত অসম চৰকাৰৰ অন্যতম লাভজনক উদ্যোগ অসম পেট্ৰ’কেমিকেল লিমিটেড এতিয়া লোকচানৰ সন্মুখীন হ'ব লগা হৈছে ।
লগতে পঢ়ক: Methanol export started from APL:শনিবাৰে মিথানল ৰপ্তানি প্ৰক্ৰিয়া শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে
উদ্যোগটো চলাই নিয়াৰ ক্ষেত্ৰত সমস্যাত পৰিছে অসম পেট্ৰ’কেমিকেল লিমিটেড কৰ্তৃপক্ষ । ইয়াৰ পৰিপেক্ষিতত মিথানলৰ নতুন বজাৰ বাংলাদেশত স্থাপনৰ চেষ্টা কৰিছে অসম পেট্ৰ’কেমিকেল লিমিটেডে ।
শুকুৰবাৰে নামৰূপৰ অসম পেট্ৰ’কেমিকেল লিমিটেডৰ অধ্যক্ষ বিকুল ডেকাই এখন সংবাদমেল সম্বোধন কৰি কয় যে নামৰূপৰ অসম পেট্ৰকেমিকেল লিমিটেডে বৰ্তমান দৈনিক 600 টন মিথানল আৰু 125 টন ফৰমেলিন উৎপাদন কৰে ৷ সেই হিচাপত প্ৰতি মাহে কোম্পানীটোৱে গড়ে 1500 মেট্ৰিকটন মিথানল উৎপাদন কৰে ।
বিগত বৰ্ষৰ 21 জুলাইত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ বাবে এ পি এলৰ উৎপাদিত মিথানল বাংলাদেশলৈ ৰপ্তানিৰ শুভাৰম্ভ কৰাৰ পাছত আজি পৰ্যন্ত 1300 মেট্ৰিকটন মিথানল বাংলাদেশলৈ ৰপ্তানি কৰি থকা হৈছে । আশা কৰা ধৰণেৰে দেশৰ আন ৰাজ্যৰ তুলনাত বাংলাদেশত মিথানলৰ এখন ভাল বজাৰ আছে ।
এই বজাৰ নিজৰ দখললৈ আনিব পাৰিলে উপকৃত হ'ব অসম পেট্ৰ’কেমিকেল লিমিটেড । সেয়ে এই ৰপ্তানিৰ পৰিমাণ বৃদ্ধি কৰিবৰ বাবে এ পি এলৰ অধ্যক্ষ, উপাধ্যক্ষ, পৰিচালন সঞ্চালক সহিতে এটা বৃহৎ সঁজাতি দল চলিত বৰ্ষত বাংলাদেশ ভ্ৰমণ কৰি বজাৰ পৰ্যবেক্ষণ কৰে ।
লগতে পঢ়ক: Methanol export process started in Assam: আজিৰে পৰা ভূটান, নেপাল আৰু বাংলাদেশলৈ ৰপ্তানি হ’ব মিথানল
"সঁজাতি দলটোৱে ভ্ৰমণৰ সময়ছোৱাত বাংলাদেশত 12000 মেট্ৰিকটনৰ এখন বজাৰ প্ৰত্যক্ষ কৰে । বৰ্তমানলৈকে বাংলাদেশলৈ ৰপ্তানি কৰা মিথানলৰ প্ৰত্যেক টনত দেশীয় বজাৰখনতকৈ প্ৰায় 6 হাজাৰ অধিক লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে । সেয়ে কোম্পানীটোৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে বাংলাদেশক লক্ষ্য কৰি লোৱা হৈছে ।
বাংলাদেশলৈ ৰপ্তানিত গুৰুত্ব আৰোপ কৰি সীমান্তৰ কেইবাটাও পথেদি ব্যৱসায়িক পথ প্ৰস্তুত কৰিছে । পথসমূহেদি যাতে মিথানল ৰপ্তানি কৰাত কোনো সমস্যা নহয় তাৰ বাবে ইতিমধ্যে আলোচনা কৰা হৈছে । বাংলাদেশে ছিংগাপুৰ আৰু ডুবাইৰ পৰা প্ৰয়োজনীয় মিথানল সাগৰীয় জলপথেৰে ব্যয়বহুলভাবে ৰপ্তানি কৰোতে যথেষ্ট সময় খৰচ হয় ।
কিন্তু নামৰূপৰ পৰা স্থলপথৰে এটা সপ্তাহৰ ভিতৰতে বাংলাদেশে মিথালন লাভ কৰিব আৰু সেয়েহে বাংলাদেশ চৰকাৰ তথা কোম্পানীসমূহেও যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছে অসমত উৎপাদিত মিথানল ল'বৰ বাবে । যদিহে বাংলাদেশৰ মিথালনৰ বৃহৎ বজাৰখন এ পি এলে দখল কৰিব পাৰে তেন্তে কোম্পানীটোৱে বৰ্তমান সন্মুখীন হোৱা প্ৰত্যাহ্বান বহুখিনি হ্ৰাস পাব " অধ্যক্ষগৰাকীয়ে কয় ।
সংবাদমেলত অধ্যক্ষ বিকুল ডেকাই জানিবলৈ দিয়া অনুসৰি প্ৰাকৃতিক গেছৰ বৰ্দ্ধিত মূল্যই সমস্যাত পেলাইছে উদ্যোগটোক । আন্তঃৰাষ্ট্ৰীয় বজাৰত মিথালনৰ মূল্য হ্ৰাসৰ বিপৰীতে প্ৰাকৃতিক গেছৰ দাম বৃদ্ধিৰ বাবে অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে অসম পেট্ৰ’কেমিকেল লিমিটেড । সেয়ে প্ৰাকৃতিক গেছৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক অসম পেট্ৰ’কেমিকেল লিমিটেডে দিব লগা ভেট ৰেহাই দিবলৈ আহ্বান জনাই কোম্পানীটোৰ অধ্যক্ষগৰাকীয়ে ।
লগতে পঢ়ক: PM Modi inaugurate methanol plant : প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে নামৰূপৰ 500 টন মিথানল প্ৰকল্প