ETV Bharat / state

লোকসভাৰ মজিয়াত উন্মোচিত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ পয়ালগা ছবি

author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 9:20 PM IST

Assam Health Department : মেডিকেল কলেজকেইখনক বাদ দি জিলা, মহকুমা তথা প্রাথমিক স্বাস্থ্য কেন্দ্রসমূহত থকা চিকিৎসকৰ সংখ্যা হৈছে মাত্র ২২৭৬ গৰাকী। লোকসভাৰ মজিয়াত উন্মোচিত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ পয়ালগা ছবি। ৫৯৫১ টা কেন্দ্ৰত কিন্তু ২২৭৬ গৰাকী চিকিৎসকৰ বিপৰীতে আছে ৯৬৯৫ গৰাকী নাৰ্ছ, ৪২০৩ জন পেৰা মেডিকেল ষ্টাফ আৰু ৩১৯২জন প্রগ্রেম মেনেজমেণ্টৰ লোক।

Assam Health Department
ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ পয়ালগা ছবি

গুৱাহাটী, 17 ফেব্ৰুৱাৰী : ৰাজ্যৰ চিকিৎসা খণ্ডৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণৰ লগতে এখনৰ পাছত আনখনকৈ মেডিকেল কলেজ স্থাপন কৰিছে ৷ এক কথাত চিকিৎসাৰ বাবে যাতে ৰাইজে দূৰ-দূৰণিলৈ গৈ হাবাথুৰি খাব নালাগে তাৰ বাবে জিলাই জিলাই উন্নত মানৰ চিকিৎসা ব্যৱস্থা কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে ৷ কিন্তু চৰকাৰখনৰ এনে পদক্ষেপৰ পাছতো সৰ্বসাধাৰণ ৰাইজে মানবিশিষ্ট চিকিৎসা সেৱা লাভৰ পৰা এতিয়াও বঞ্চিত হৈ আছে ৷ কংক্ৰিটৰ বিল্ডিং নিৰ্মাণ কৰা হৈছে যদিও চিকিৎসা সেৱা প্ৰদান কৰা চিকিৎসকৰ এতিয়াও বহু অভাৱ আছে ৷ এক কথাত ক'বলৈ গ'লে ৰাজ্যখনত জনসংখ্যা অনুপাতে চিকিৎসকৰ যথেষ্ট অভাৱ আছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ৰাজ্যৰ চৰকাৰী চিকিৎসালয় সমূহত কেৱল আন্তঃগাঁথনিৰ অভাৱেই নহয় প্ৰয়োজনীয় চিকিৎসকৰো অভাৱ হোৱাত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ সেই কথা আমি কোৱা নাই, সেই কথা উন্মোচিত হৈছে লোকসভাৰ মজিয়াত ৷ ৰাজ্যৰ চৰকাৰী চিকিৎসালয় সমূহত ৰোগীয়ে চিকিৎসাৰ বাবে হাবাথুৰি খোৱাৰ অভিযোগ নতুন নহয় যদিও লোকসভাৰ মজিয়াত সেই কথা তথ্য সহকাৰে প্ৰমাণিত হৈছে ৷ উল্লেখ্য যে চাৰে তিনি কোটি জনসংখ্যাৰ অসমত মেডিকেল কলেজকেইখনক বাদ দি জিলা, মহকুমা তথা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহত থকা চিকিৎসকৰ সংখ্যা হৈছে মাত্ৰ 2,276 গৰাকী ৷ ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ এই পুতৌজনক ছবিখন অলপতে উন্মোচিত হৈছে সংসদৰ মজিয়াত ৷

সাংসদ বদৰুদ্দিন আজমলে অসমৰ স্বাস্থ্য খণ্ডৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী ভাৰতী প্ৰবীণ পাৱাৰে জনাই যে অসমত 24 খন জিলা চিকিৎসালয়, 14 খন মহকুমা চিকিৎসালয়, 201 টা কমিউিনিটি হেল্থ চেণ্টাৰ, 1010 টা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু 4,701 টা উপ-স্বাস্থ্য কেন্দ্ৰ আছে ৷ অর্থাৎ জিলা অসামৰিক চিকিৎসালয়ৰ পৰা উপ-স্বাস্থ্য কেন্দ্ৰলৈকে মুঠ 5951 টা স্থানত স্বাস্থ্য সেৱা উপলব্ধ ৷ কিন্তু ইয়াৰ বিপৰীতে ৰাজ্যখনত মাত্ৰ 2,276 গৰাকী চিকিৎসক আছে ৷ সেইদৰে নিয়োজিত হৈ আছে 9695 গৰাকী নাৰ্ছ, 4203 জন পেৰা মেডিকেল ষ্টাফ আৰু 3192 জন প্ৰগ্ৰেম মেনেজমেণ্টৰ লোক ৷ অর্থাৎ জিলা অসামৰিক চিকিৎসালয়ৰ পৰা উপ-স্বাস্থ্য কেন্দ্ৰলৈকে নিয়োজিত মুঠ লোকৰ সংখ্যা হৈছে 19,366 জন ৷

উল্লেখ্য যে ৰাজ্যৰ ভিতৰতে সৰ্বাধিক চিকিৎসক আছে কামৰূপ গ্ৰাম্য জিলাত ৷ জিলাখনত 193 গৰাকী চিকিৎসক থকাৰ বিপৰীতে মাজুলীত 16 গৰাকী, ডিমা হাছাও আৰু দক্ষিণ শালমাৰাত 29 গৰাকী, পশ্চিম কাৰ্বি আংলং জিলাত 30 গৰাকী, চৰাইদেউত 34 গৰাকী, হোজাইত 36 গৰাকী, চিৰাঙত 40 গৰাকী, হাইলাকান্দিত 43 গৰাকী, শিৱসাগৰত 48 গৰাকী, ধেমাজিত 53 গৰাকী, বিশ্বনাথ জিলাত 54 গৰাকী চিকিৎসক নিয়োজিত হৈ আছে ৷ লক্ষণীয় বিষয় যে ৰাজ্যখনত বৰ্তমান এখন এইমছৰ লগতে আছে বাৰখনকৈ মেডিকেল কলেজ ৷

ইফালে চৰকাৰে ঢাক-ঢোল বজালেও ৰাজ্যৰ মেডিকেল কলেজসমূহৰ অৱস্থাও বৰ উন্নত নহয় ৷ প্ৰায়সংখ্যক মেডিকেল কলেজৰ বৃহৎ বৃহৎ গৃহ আছে যদিও চিকিৎসাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ আছে ৷ আনকি বহুকেইখন মেডিকেল কলেজত নাই প্ৰয়োজনীয় শিক্ষকো ৷ ইফালে গ্ৰামাঞ্চলসমূহত থকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহৰ অৱস্থা অত্যন্ত শোচনীয় ৷ এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহত চিকিৎসক অথবা নাৰ্ছ থকাৰ বাবে উপযুক্ত চৰকাৰী আৱাস নথকাৰ অভিযোগো নতুন নহয় ৷ বহু স্বাস্থ্য কেন্দ্ৰত চৰকাৰী আৱাস আছে যদিও মেৰামতিৰ অভাৱত জহি-খহি যোৱাত বসবাসৰ অনুপযোগী হৈ পৰিছে ৷ এনে পৰিস্থিতিত স্বাস্থ্য বিভাগে চিকিৎসক সকলক প্ৰয়োজনীয় সা-সুবিধা নিদিয়াৰ বাবেই গ্ৰামাঞ্চলত চাকৰিত যোগদান কৰিয়েই বহু কনিষ্ঠ চিকিৎসকে চাকৰিৰ পৰা অব্যাহতি ল’বলৈ বাধ্য হৈছে ৷

আনকি চাকৰি লাভ কৰিও গ্ৰামাঞ্চলত সেৱা আগবঢ়াবলৈ বহু যুৱ চিকিৎসকে অনীহা প্ৰকাশ কৰি যোগদানৰ পৰা বিৰত থকাৰো উদাহৰণ আছে ৷ একেদৰে বহুসংখ্যক জ্যেষ্ঠ চিকিৎসকেও ব্যক্তিগত অজুহাত দেখুৱাই স্বেচ্ছামূলক অৱসৰ লোৱা দেখা যায় ৷ যাৰ ফলত ৰাজ্যৰ স্বাস্থ্য খণ্ডত অভাৱনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে ৷ এনে পৰিস্থিতিত চৰকাৰী চিকিৎসালয়ত অভাৱ-অভিযোগ থাকিলেও ৰাজ্যৰ লাখ লাখ জনতাৰ বাবে বিকল্প কোনো উপায় নাই ৷ সমস্যাৰ মাজতো উপশম বিচাৰি সকলো চৰকাৰী চিকিৎসালয়লৈ যাবলৈ বাধ্য ৷

লগতে পঢ়ক : কৃষি শিক্ষাৰ জৰিয়তে অসীম সম্ভাৱনাৰ দুৱাৰ মুকলি হয় : গুলাব চান্দ কটাৰীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.