ETV Bharat / state

উচ্চ ন্যায়ালয়ত বটদ্ৰৱাকাণ্ডৰ শুনানী : ছফিকুল ইছলামৰ মৃত্যুৰ ঘটনাৰ শপতনামা দাখিলৰ নিৰ্দেশ - Batadrava demolition case

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 8:21 PM IST

Gauhati High Court : বটদ্ৰৱাকাণ্ড সন্দৰ্ভত বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ শুনানী ৷ অভিযুক্ত তিনিগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা বুলি চৰকাৰী পক্ষই আদালতত অৱগত কৰে ৷

BATADRAVA DEMOLITION CASE
বটদ্ৰৱা কাণ্ড সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানী (Etv Bharat Assam)

গুৱাহাটী, 26 জুন : ৰাজ্যজুৰি জোকাৰণি তোলা বটদ্ৰৱাকাণ্ড সন্দৰ্ভত বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ শুনানী হয় ৷ বট্টদ্ৰৱাত নগাঁও আৰক্ষীয়ে বাসগৃহ উচ্ছেদ কৰা সন্দৰ্ভত অভিযুক্ত তিনিগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা বুলি চৰকাৰী পক্ষই আদালতত অৱগত কৰে ৷ লগতে 22 মে'ৰ শুনানীত আদালতৰ নিৰ্দেশ মৰ্মে আৰক্ষীয়ে উচ্ছেদ কৰা প্ৰতিটো পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ কথা আদালতত অৱগত কৰিছিল ৷

উচ্চ ন্যায়ালয়ত বটদ্ৰৱা কাণ্ডৰ শুনানী (ETV BHARAT ASSAM)

ইতিপূৰ্বে ন্যায়ালয়ে ৰাজ্য চৰকাৰক এই ঘটনাত দোষী আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ এই ঘটনাত দোষী সাব্যস্ত কৰা তিনিগৰাকী আৰক্ষী হ'ল ক্ৰমে তদানীন্তন নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা, তদানীন্তন নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিদিপ প্ৰতীম কুমবাং আৰু নগাঁও সদৰ আৰক্ষী থানাৰ তদানীন্তন আৰক্ষী বিষয়া মনোজ ৰাজবংশী ৷

আদালতত এই তিনিগৰাকী দোষী আৰক্ষীৰ নাম আৰু ব্যৱস্থা গ্ৰহণ কৰাৰ কথা চৰকাৰী পক্ষই আদালতত অৱগত কৰে ৷ ইফালে চৰকাৰী পক্ষই ছফিকুল ইছলামৰ মৃত্যুৰ বাবে আৰক্ষী দায়ী নহয় বুলি আদালতত অৱগত কৰে ৷ ছফিকুল ইছলামৰ মৃত্যু আৰক্ষীৰ জিম্মাত অত্যাচাৰৰ দ্বাৰা মৃত্যু হোৱা নাই বুলি চৰকাৰী পক্ষই আদালতত অৱগত কৰে ৷ আদালতে এই সন্দৰ্ভত ৰাজ্য চৰকাৰক শপতনামা দাখিল কৰাৰ বাবে নিৰ্দেশ দিয়ে ৷ 1 আগষ্টৰ ভিতৰত এই শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিয়ে আদালতে ৷ উল্লেখযোগ্য যে, বটদ্ৰৱাকাণ্ডৰ পিচত গুৱাহাটী উচ্চ ন্যায়ালয়ে 3/2022 নং আবেদনখন গ্ৰহণ কৰিছিল ৷ সমগ্ৰ ৰাজ্য জোকাৰি যোৱা ঘটনাটোক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুনেইদ খালিদে দাখিল কৰা ৰাজহুৱা স্বাৰ্থজনিত আবেদনখনৰ ভিত্তিত নিজাববীয়া গোচৰ গ্ৰহণ কৰিছিল ৷

লগতে পঢ়ক : বটদ্ৰৱা কাণ্ড: ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ প্ৰদান ৰাজ্য চৰকাৰৰ, আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ন্যায়ালয়ৰ - Batadraba police station attack

উল্লেখ্য যে 2022 চনৰ মে’ত নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাত সংঘটিত হৈছিল উত্তেজনাময় পৰিস্থিতি ৷ একাংশ লোকে বটদ্ৰৱা আৰক্ষী থানা জ্বলাই দিয়াৰ পিচতে থানা জ্বলাই দিয়াৰ অভিযোগত একাংশৰ বাসগৃহত আৰক্ষীয়ে বুলড’জাৰ চলাই উচ্ছেদ কৰাৰ ঘটনা সংঘটিত হৈছিল ৷ নগাঁৱৰ বটদ্ৰৱা আৰক্ষী থানাত আৰক্ষীৰ জিম্মাতে মৃত্যু হৈছিল শালনাবড়িৰ ছফিকুল ইছলাম নামৰ এজন ব্যক্তিৰ ৷ ছফিকুল ইছলামৰ মৃত্যুৰ পিচত একাংশ লোকে বটদ্ৰৱা আৰক্ষী থানাত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি অগ্নিসংযোগ কৰিছিল থানাখনত ৷ পৰৱৰ্তী সময়ত নগাঁও আৰক্ষীয়ে ছফিকুল ইছলামৰ লগতে আন কেবাজনৰো ঘৰত বুলড’জাৰ চলাই কেবাটাও বাসগৃহ উচ্ছেদ কৰিছিল ৷

সমগ্ৰ ৰাজ্য জোকাৰি যোৱা ঘটনাটোক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তা জুনেইদ খালিদে উল্লিখিত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছিল ৷ আজি একেটা শুনানিতে একেটা প্ৰসংগতে গুৱাহাটী উচ্চ ন্যায়ালয়ে WPC 239/24 ৰিট আবেদনৰ ভিত্তিত মৃত ছফিকুলৰ পত্নী ৰচিদা খাতুনক ক্ষতিপূৰণ দিয়াৰ কথা ৰাজ্য চৰকাৰে আদালতত অৱগত কৰে ৷ উল্লেখযোগ্য যে, ৰচিদা খাতুনে তেওঁৰ স্বামীৰ আৰক্ষীৰ জিম্মাত মৃত্যুক লৈ এখন এজাহাৰ দাখিল কৰিছিল আহোম গাঁও আউট পোষ্টত ৷ কিন্তু আহোম গাঁও আউট পোষ্টৰ বিপৰীতে ধিং থানালৈ পঠিওৱা হয় ৰছিদাক ৷ পুনৰ ধিং থানাই ৰছিদাক বটদ্ৰৱা থানালৈ পঠিয়ায় ৷ ৰহস্যজনকভাবে এই এজাহাৰৰ ভিত্তিত আজি পৰ্যন্ত ৰুজু নহ’ল গোচৰ ৷ এই সন্দৰ্ভত 1 আগষ্টত হ'ব লগা আদালতৰ পৰৱৰ্তী শুনানীত সকলো কথা স্পষ্ট হ'ব ৷

লগতে পঢ়ক : এ পি এছ চি কেলেংকাৰী : মুখ্য তদন্তকাৰী বিষয়াক দায়িত্বৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ আদালতৰ - APSC Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.