ETV Bharat / state

শীঘ্ৰে কাছাৰত আশ্ৰয় গ্ৰহণ কৰা মণিপুৰৰ লোকসকলৰ কৰা হ'ব জৰীপ : আৰক্ষী মহাপৰিদৰ্শক পি কে ভূঞা - IGP P K Bhuyan on Manipuri refugees

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 12:37 PM IST

Manipur refugees in Cachar: অন্ত পৰা নাই মণিপুৰৰ উত্তেজনাময় পৰিস্থিতিৰ ৷ যাৰ বাবে মণিপুৰৰ শৰণাৰ্থীসকলে দীৰ্ঘদিন ধৰি বাহৰ পাতি আছে অসমৰ কাছাৰ জিলাত । মণিপুৰৰ শৰণাৰ্থী সন্দৰ্ভত সোমবাৰে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় অসম আৰক্ষীৰ মহাপৰিদৰ্শক প্ৰশান্ত কুমাৰ ভূঞাই । সীমান্ত অঞ্চল পৰিদৰ্শন কৰাৰ উপৰিও নিৰাপত্তা ব্যৱস্থা পৰ্যবেক্ষণ কৰে মহাপৰিদৰ্শকগৰাকীয়ে ।

Manipur refugees in Cachar
শীঘ্ৰে কাছাৰত আশ্ৰয় গ্ৰহণ কৰা মণিপুৰৰ লোকসকলৰ কৰা হ'ব জৰীপ: অসম আৰক্ষীৰ মহাপৰিদৰ্শক (ETV Bharat Assam)

শিলচৰ, 25 জুন: চুবুৰীয়া মণিপুৰৰ হিংসাত্মক ঘটনাৰ প্ৰভাৱ যাতে অসমত নপৰে, তাৰ বাবে সীমান্তৰ কাছাৰ জিৰিঘাটত উপস্থিত হ’ল অসম আৰক্ষীৰ মহাপৰিদৰ্শক প্ৰশান্ত কুমাৰ ভূঞা । সীমান্ত অঞ্চল পৰিদৰ্শন কৰি নিৰাপত্তা ব্যৱস্থা পৰ্যবেক্ষণ কৰে মহাপৰিদৰ্শকগৰাকীয়ে । গোষ্ঠী সংঘৰ্ষৰ ফলত কাছাৰত আহি আশ্ৰয় গ্ৰহণ কৰা মণিপুৰৰ লোকসকলৰ জৰীপ কৰা হ’ব বুলি উল্লেখ কৰে মহাপৰিদৰ্শক ভূঞাই ।

উল্লেখ্য যে, বিগত কেইবাদিন ধৰি গোষ্ঠী সংঘৰ্ষত উত্তপ্ত হৈ আছে চুবুৰীয়া মণিপুৰ ৰাজ্যৰ জিৰিবাম জিলা । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এতিয়াও জিলাখনত জাৰি হৈ আছে সান্ধ্য আইন ৷ গোষ্ঠী সংঘৰ্ষৰ ফলত আতংকিত হৈ এতিয়ালৈকে জিৰিবামৰ পৰা কাছাৰত আহি আশ্ৰয় গ্ৰহণ কৰিছে প্ৰায় দুই হাজাৰ লোকে ।

ইপিনে, অসমৰ সীমান্ত জিলা জিৰিবাম উত্তপ্ত হৈ থকাৰ বাবে সীমান্তত যথেষ্ট তৎপৰ হৈ আছে অসম আৰক্ষী । অসমৰ কাছাৰ জিলাৰ জিৰিঘাট অঞ্চলত জিৰিবামৰ ঘটনাৰ পাছত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে কাছাৰ আৰক্ষীয়ে ৷ সীমান্তৰ ঠায়ে ঠায়ে নিয়োজিত কৰা হৈছে অসম আৰক্ষীসহ অসম আৰক্ষীৰ কমাণ্ডো-বেটালিয়ান । মণিপুৰৰ জিৰিবামৰ গোষ্ঠী সংঘৰ্ষৰ প্ৰভাৱ যাতে অসমৰ সীমান্ত অঞ্চলত নপৰে তাৰ বাবে যথেষ্ট সক্ৰিয় হৈ আছে অসম আৰক্ষী ৷

সীমান্ত অঞ্চলৰ নিৰাপত্তা ব্যৱস্থা চোৱাচিতাৰ লগতে পৰিস্থিতিৰ বুজ লোৱাৰ বাবে সোমবাৰে কাছাৰত উপস্থিত হয় অসম আৰক্ষীৰ মহাপৰিদৰ্শকগৰাকী । মহাপৰিদৰ্শকগৰাকী কাছাৰত উপস্থিত হৈ পোনে পোনে যায় অসম-মণিপুৰ সীমান্তৰ কাছাৰৰ জিৰিঘাটত । জিৰিঘাটত উপস্থিত হৈ সীমান্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে নিৰাপত্তা ব্যৱস্থা পৰ্যবেক্ষণ কৰে আইজিপিগৰাকীয়ে ।

আইজিপিগৰাকীৰ সৈতে উক্ত সময়ত উপস্থিত আছিল ডি আই জি কংকনজ্যোতি শইকীয়া, কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাসহ কাছাৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল ।

লগতে পঢ়ক: মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ কনভয়ক লক্ষ্য কৰি গুলীচালনা; এজন আহত - MANIPUR VIOLENCE

সীমান্ত অঞ্চল পৰিদৰ্শন কৰি আইজিপি প্ৰশান্ত কুমাৰ ভূঞাই কয়, "মণিপুৰৰ জিৰিবামৰ সংঘৰ্ষৰ প্ৰভাৱ যাতে কাছাৰৰ সীমান্ত অঞ্চলত নপৰে তাৰ বাবে যথেষ্ট সক্ৰিয় হৈ আছে অসম আৰক্ষী । সীমান্ত অঞ্চলত বিশাল সংখ্যক অসম আৰক্ষীসহ অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়ন নিয়োগ কৰা হৈছে । সমান্তৰালভাবে জলপথ আৰু স্থলপথত তহল চলিছে । কাছাৰৰ সীমান্ত অঞ্চলত কোনো অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই তথাপি যাতে কোনো দুষ্কৃতিকাৰীয়ে এই শান্তি বিঘ্নিত কৰিব নোৱাৰে তাৰ বাবে সক্ৰিয় হৈ আছে অসম আৰক্ষী" ৷

লগতে পঢ়ক: কুকি-মেইটেইৰ মাজত পুনৰ সংঘৰ্ষৰ ফলত অগ্নিগৰ্ভা মণিপুৰ, কাছাৰত আশ্ৰয় বিচাৰি প্ৰৱেশ ৫ শতাধিকৰ - MANIPUR VIOLENCE

আনহাতে, মহাপৰিদৰ্শক প্ৰশান্ত কুমাৰ ভূঞাই এক গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰি কয়, গোষ্ঠী সংঘৰ্ষৰ ফলত কাছাৰত আহি আশ্ৰয় গ্ৰহণ কৰা মণিপুৰৰ লোকসকলৰ জৰীপ কৰা হ’ব ৷ কাছাৰৰ যি ঠাইত তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিছে এজন এজন লোকক আৰক্ষীয়ে জৰীপ কৰিব । জৰীপৰ অন্তত যিসকল অবাঞ্ছিত লোক আছে তেওঁলোকক ঘূৰাই পঠোৱা হ’ব" ৷

লগতে পঢ়ক: Manipur crisis : নিয়ন্ত্ৰণহীন পৰিস্থিতি; কাছাৰত মণিপুৰৰ শৰণাৰ্থীৰ ভিৰ

মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত জিৰিবাম আৰু কাছাৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক - Manipur violence

মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ আহ্বান ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰমুখ মোহন ভাগৱতৰ - Mohan Bhagwat on Manipur Violence

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.