ETV Bharat / state

অনলাইনত কেনেদৰে আয় কৰ প্রদান কৰিব ? জানক কৰ কনছালটেণ্টৰ মুখেৰে - IT return

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 10:43 AM IST

How To Return IT : আপুনি বাৰু আয়কৰ আদায় দিবলগীয়া হৈছে নেকি ? আয়কৰ প্ৰদান কৰাত অসুবিধা হৈছে নেকি ? তেনেহ'লে আপোনালোকে অনুসৰণ কৰক আয়কৰ সহায়কৰ এই নিয়মসমূহ ।

How To Return IT
অনলাইনত কেনেদৰে আয় কৰ প্রদান কৰিব ? (ETV Bharat Assam)

তেজপুৰ, ১১ ছেপ্টেম্বৰ: ভাৰতীয় নাগৰিক হিচাপে আপুনি যদি আয়কৰ প্ৰদানৰ সীমাৰ অধীনত পৰে তেনেহ'লে আপুনি এই কৰ প্ৰদান নকৰাকৈ নাথাকিব । কাৰণ কৰ নিদিয়াটো বা ফাঁকি দিয়াটো এটা অপৰাধ । সাধাৰণতে যিসকল লোকে বা চৰকাৰী আৰু বেচৰকাৰী কৰ্মচাৰীয়ে কৰ প্ৰদান কৰে বা নতুনকৈ চৰকাৰক কৰ প্ৰদান কৰিবলগীয়া হৈছে, তেওঁলোকে কৰ প্ৰদানৰ ক্ষেত্ৰত কেতিয়াবা সমস্যাৰ সন্মুখীন হোৱা দেখা যায় ৷ কেনেদৰে সহজতে এই কাম সম্পূৰ্ণ কৰিব ? এই বিষয়ে জনাইছে কৰ কনছালটেণ্ট শ্যেমল শ্বাহে ।

অনলাইনত কেনেকৈ কৰ পৰিশোধ কৰিব

প্ৰথম কথাটো হৈছে আপুনি নিজেই অনলাইনত চৰকাৰক কৰ পৰিশোধ কৰিব পাৰে । তাৰ বাবে আপুনি নিজাববীয়াকৈ এটা একাউণ্ট খুলিব লাগিব । আপোনাৰ কম্পিউটাৰ বা লেপটপত গুগল ব্ৰাউজত গৈ e-filing বেৱছাইট খুলিব লাগিব । তাত গৈ আপুনি আপোনাৰ নাম, পেন কাৰ্ড, আধাৰ কাৰ্ডৰ নথি-পত্ৰ দাখিল কৰি পঞ্জীয়ন কৰিব লাগিব ।

এই পৰ্যায় সম্পূৰ্ণ হোৱাৰ পিচত লগ ইন কৰি নিজৰ আয় অৰ্থাৎ income অনুসৰি ৰিটার্ণ ফর্মখন বাছনি কৰক । অৱশ্যে যদি আপুনি কৰ ঘূৰাই পায় বা প্ৰদান কৰিব লাগে আপুনি Tax Refund বা Payable-ত গৈ বাছনি কৰি ল’ব লাগিব । এয়া আপুনি সম্পূৰ্ণ নিজাববীয়াকৈ কৰিব পাৰে ।

কিমান আয় হ'লে কৰ দিব লাগে ?

চৰকাৰে নতুন কৰ পৰিসীমা অনুসৰি কিছুমান বিশেষ সুবিধা প্ৰদান কৰিছে । প্ৰথম কথা হৈছে আপুনি কৰ পৰিশোধক হয়নে নহয় সেইটো জানি লোৱা । কিমান উপাৰ্জন কৰিলে আপুনি কৰ প্ৰদান কৰিব লাগিব সেইটো জানি লোৱাটো প্ৰয়োজন । এজন কৰ্মচাৰী বা ব্যৱসায়ীয়ে আয়কৰ ৰিটাৰ্ণ ফাইল খোলাটো অত্যন্ত গুৰুত্বপূৰ্ণ । বহুতৰে আকৌ ফর্ম ১৬-ৰ জৰিয়তে এই কৰ ঘূৰাই পোৱাৰ সুবিধা আছে ।

যদি মাহিলি আয় ৭ লাখ টকালৈকে হয়, তেনেহ'লে কোনো কৰ পৰিশোধ কৰিব নালাগে । কাৰণ চৰকাৰে কৰ আইন 87 (A) অনুসূচীৰ জৰিয়তে ৭ লাখ টকাৰ ভিতৰত এই কৰ লাঘৱ কৰাৰ ব্যৱস্থা কৰিছে । কিন্তু ৭ লাখৰ অধিক হ'লে আপুনি কৰ প্ৰদান কৰাটো জৰুৰী ।

কিমান আয়ত কিমান কৰ

শূন্যৰ পৰা ৩ লাখ টকালৈ : শূন্য

৩ লাখৰ পৰা ৭ লাখ টকা: ৫ শতাংশ

৭ লাখ টকাৰ পৰা ১০ লাখ টকা: ১০ শতাংশ

১০ লাখৰ পৰা ১২ লাখ টকাঃ ১৫ শতাংশ

১২ লাখ টকাৰ পৰা ১৫ লাখ টকা: ২০ শতাংশ

১৫ লাখ টকাৰ ওপৰত: ৩০ শতাংশ

পেনাল্টি

ইতিমধ্যে যোৱা ৩১ জুলাইত কৰ পৰিশোধৰ সময়সীমা উকলি গৈছে । এতিয়া যিসকল লোকে এই কৰ পৰিশোধ কৰা নাই, তেওঁলোকে ৫ লাখ টকাৰ ভিতৰত ১০০০ টকা পেনাল্টি দিব লাগিব । অৱশ্যে ৫ লাখ টকাৰ কোনো কৰ নাই, কিন্তু আয় কৰ টেক্স ৰিটাৰ্নৰ ফাইল যদি থাকে তেন্তে এই টকা দিব লাগে ।

আনহাতে, আয় ৫ লাখ টকাৰ অধিক হ'লে যিসকলে পোনপটীয়াকৈ কৰ পৰিশোধ কৰে তেওঁলোকে ৫০০০ টকা জৰিমনা দিব লাগিব । সেয়ে সময়মতে আয় কৰ প্ৰদান কৰিলে অতিৰিক্ত ধন বা পেনাল্টি দিয়াৰ পৰা হাত সাৰিব পাৰিব । পৰৱৰ্তী সময়ত নতুন কৰ আৰু পুৰণি কৰৰ বিষয়ে আলোচনা কৰা হ'ব ।

লগতে পঢ়ক :ঋণৰ বোজাত ভাৰতীয় ষ্টাৰ্টআপ, আগবঢ়াৰ পথ কি ? - Indian Startups
লগতে পঢ়ক :যদি আপুনি প্ৰথম চাকৰি কৰিছে, তেন্তে EPFO একাউণ্ট খোলোতে এইকেইটা ভুল নকৰিব - Responsibilities Of UAN Holder

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.