ETV Bharat / state

বিশ্বকৰ্মা পূজাৰ প্ৰসাদ খাবলৈ অহা মহিলাক ৰক্তাক্ত অৱস্থাত উদ্ধাৰ - LADY ATTACK BY HOUSEMAID

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2024, 9:01 PM IST

Crime in Tezpur: এক আক্ৰমণৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে তেজপুৰত ৷ বনকৰা মহিলাৰ আক্ৰমণত গুৰুতৰভাৱে আহত আন এগৰাকী মহিলা ৷ বিশ্বকৰ্মা পূজাৰ প্ৰসাদ গ্ৰহণৰ বাবে আহিছিল প্ৰতিবেশী মহিলাগৰাকী ৷ ইফালে আক্ৰমণৰ কথা অস্বীকাৰ বনকৰা মহিলাগৰাকীৰ ৷ ভৰি পিছলি প্ৰতিবেশী মহিলাগৰাকী আহত হোৱাৰ কথা উল্লেখ বনকৰা মহিলাগৰাকীৰ ৷

Neighbour Lady Attack by House maid
ত্ৰিদিশাক কিয় আক্ৰমণ কৰিলে আচমাই (ETV Bharat Assam)

তেজপুৰ, ১৭ ছেপ্টেম্বৰ: বিশ্বকৰ্মা পূজাৰ উৎসৱমুখৰ পৰিৱেশৰ মাজতে তেজপুৰত মঙলবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা । বনকৰা মহিলাৰ চোকা অস্ত্ৰৰ আক্ৰমণত এগৰাকী মহিলা গুৰুতৰভাৱে আহত হোৱাৰ অভিযোগ উঠিছে । তেজপুৰৰ ধনোৱা নগৰৰ খেজুৰী পথৰ নিবাসী নিপ বৰাৰ ঘৰত সংঘটিত হৈছে এই ঘটনা ।

বিশ্বকৰ্মা পূজাৰ প্ৰসাদ খাবলৈ অহা মহিলাক ৰক্তাক্ত অৱস্থাত উদ্ধাৰ (ETV Bharat)

অভিযোগ অনুসৰি, আচমা খাতুন নামৰ এগৰাকী বনকৰা মহিলাই মাজে সময়ে নিপ বৰাৰ ঘৰত কাম কৰিবলৈ আহে ৷ আনদিনাৰ দৰে আজি পুৱাও ৮ বজাত আচমা নিপ বৰাৰ ঘৰত উপস্থিত হয় ৷ বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছিল ঘৰখনত ৷ বৰাৰ ভাই বোৱাৰীৰ লগতে কাষৰীয়া ভাৰাঘৰৰ নিবাসী ত্ৰিদিশা ওৰফে টিনা কাশ্যপো (৩২) প্ৰসাদ গ্ৰহণৰ উদ্দেশ্যে নিপ বৰাৰ ঘৰত উপস্থিত হয় ৷ বিয়লি প্ৰায় ১-৪৫ বজাত বৰাৰ ঘৰৰ বাৰাণ্ডাত বহি ত্ৰিদিশাই প্ৰসাদ গ্ৰহণৰ কৰা পাছত খোৱাপানীৰো যোগান ধৰে আচমাই ৷

লগতে পঢ়ক: চিকিৎসালয়ৰ ভিতৰতে কৰ্তব্যৰত চিকিৎসকক আক্ৰমণ; পাঁচ লাখ টকা দাবী আক্ৰমণকাৰীৰ - Miscreants attack on doctor

নদীত গা ধুবলৈ যোৱা অসমীয়া যুৱকৰ দলক অৰুণাচলীৰ আক্ৰমণ - Attack on Assamese youth

ইয়াৰ মাজতে আচমাই বৰাৰ ভাই বোৱাৰীয়েকক কৌশলেৰে ঘৰৰ ভিতৰলৈ প্ৰেৰণ কৰে ৷ কিন্তু তেওঁ ঘৰৰ ভিতৰলৈ যোৱাৰ পাছতে বাৰাণ্ডাত হুলস্থূলৰ সৃষ্টি হয় ৷ লগে লগে বৰাৰ পৰিয়ালৰ লোক ভিতৰৰ পৰা ওলাই আহি ত্ৰিদিশা কাশ্যপক ৰক্তাক্ত অৱস্থাত প্ৰত্যক্ষ কৰে ৷ তেতিয়া আচমা উক্ত স্থান নাছিল ৷ টিনাক আক্ৰমণ কৰি আচমাই পলায়ন কৰা বুলি অভিযোগ কৰে চুবুৰীয়াই ৷ ইফালে মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ত্ৰিদিশাক লৰালৰিকৈ চুবুৰীয়া ৰাইজৰ সহযোগত সমীপৰ এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত ভৰ্তি কৰোৱা হয় ৷

ইফালে ঘটনাস্থলীৰ সমীপত এখন দা পৰি থকা প্ৰত্যক্ষ কৰে গৃহস্থৰ লগতে স্থানীয় লোকে ৷ আচমাই পলায়ন কৰা হেতু সেই দাৰে আচমাই ত্ৰিদিশাক আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷ এই ঘটনাৰ পাছতে স্থানীয় মহাভৈৰৱ আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই আচমাক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, অঞ্চলটোত ভাৰাতীয়া হিচাপে থকা ত্ৰিদিশা কাশ্যপৰ স্বামী কৰ্মসূত্ৰে বৰপেটাত থাকে ৷

লগতে পঢ়ক: অস্ত্ৰধাৰী দুৰ্বৃত্তৰ আক্ৰমণত একেটা পৰিয়ালৰে শিশুসহ ৪ জন গুৰুতৰভাৱে আহত - 4 Family Members injured

উদণ্ড যুৱকৰ প্ৰহাৰত প্ৰাণ গ’ল গীটাৰিষ্ট জিয়াউৰ ৰহমানৰ - Veteran guitarist Jiyaur Rahman

ত্ৰিদিশা ওৰফে টিনাৰ সৈতে আচমাৰ পূৰ্বৰে পৰা কিবা কথাক লৈ সংঘাত বা মনোমালিন্য আছিল নেকি ? কি কাৰণত আচমাই মহিলাগৰাকীক চোকা অস্ত্ৰৰে অতৰ্কিতে আক্ৰমণ কৰিলে ? সেইয়া এই বাতৰি যুগুতোৱা পৰলৈকে জানিব পৰা হোৱা নাই ৷ আৰক্ষী তদন্ততে সমগ্ৰ ঘটনাৰ ৰহস্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.