ETV Bharat / state

হৰি নামৰ ধ্বনিৰে মুখৰিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ - Holy Bhada Month

author img

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 7:20 PM IST

Sri Sri Athkheliya Namghar:আজি অসমীয়াৰ পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন । অসমৰ সকলো সত্ৰ, নামঘৰৰ লগতে শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ প্ৰাঙ্গনত মাহজোৰা কাৰ্যসূচীৰে নাম মহোৎসৱ আৰম্ভ ৷

Sri Sri Athkhelia Namgha
শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ (ETV Bharat Assam)

গোলাঘাট, ১৮ আগষ্ট: আজি পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন । অসমৰ সকলো সত্ৰ, নামঘৰৰ লগতে গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ প্ৰাঙ্গনত মাহজোৰা কাৰ্যসূচীৰে পবিত্ৰ ভাদ মাহৰ নাম মহোৎসৱ আৰম্ভ হৈছে । দেওবাৰে প্ৰথম দিনটোতে নামঘৰ প্ৰাঙ্গনত উপস্থিত হৈ প্ৰভুৰ চৰণত চাকি-ধূপ জ্বলাই সেৱা আগবঢ়ায় মন্ত্ৰী অজন্তা নেওগ, অতুল বৰা, কেশৱ মহন্ত, কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়ক বিশ্বজিৎ ফুকনে ।

উন্নয়নমূলক আচঁনিৰ শুভ উদ্বোধন :

মন্ত্ৰী তিনিগৰাকীয়ে প্ৰথমে নামঘৰত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা পুঁজিৰে নিৰ্মাণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ শুভ উদ্বোধন কৰে । তাৰ পাছতে প্ৰভুৰ শ্ৰীচৰণত সেৱা আগবঢ়াই মন্ত্ৰী অজন্তা নেওগে কয়," আজি ভাদ মাহৰ প্ৰথম দিনটোত মই অসমৰ সকলো ভকত বৈষ্ণৱ ৰাইজক সেৱা আগবঢ়াইছো । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা পুঁজিৰে নামঘৰ ভাগ আটকধুনীয়াকৈ সজাই পৰাই আজি ৰাইজৰ বাবে আগবঢ়ালো । এই আঠখেলীয়া নামঘৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱ আহিব আৰু তেওঁলোকৰ যি আস্থা আৰু বিশ্বাস তাক আঠখেলীয়া প্ৰভুৱে নিৰাময় কৰিব ।"

ইপিনে, নামঘৰত সেৱা আগবঢ়াই কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই কয়, "মই এজন নিমিত্ত মাত্ৰ । এই হাজাৰ হাজাৰ ভক্তৰ মাজৰে মই এজন । আঠখেলীয়া নামঘৰৰ প্ৰতি জনসাধাৰণৰ যি আস্থা আৰু বিশ্বাস আছে তাক ঈশ্বৰৰ ওচৰত অৰ্পণ কৰে । আজি পহিলা ভাদ মাহৰ দিনটোত আহি সেৱা লৈ গৌৰৱ অনুভৱ কৰিছো । ইয়াৰ উপৰি ১৬০০ চনৰ পৰাই এই ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ এই ধাৰা অব্যাহত আছে আৰু যুগ যুগান্তৰৰ লৈকৈ চলি থাকিব ।"

আনহাতে, নামঘৰত সেৱা আগবঢ়াই বিধায়ক বিশ্বজিৎ ফুকনে কয়," আজি ভাদ মাহৰ প্ৰথম দিন আৰু গুৰুজনাৰ তিথি যাৰবাবে আমি এই ভাদ মাহটোক পবিত্ৰ মাহ হিচাপে গণ্য কৰো । লগতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা পুঁজিৰে নিৰ্মাণ অৰি উদ্বোধন কৰা হ'ল । আজি আমি সকলোৱে ইয়াত উপস্থিত হৈ প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সেৱা আগবঢ়ায় দেশবাসীৰ মংগলৰ বাবে কামনা কৰিছো । "

প্ৰথমটো দিনতেই ভক্তৰ ভিৰ:

উল্লেখ্য যে আজি প্ৰথম দিনটোতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম হয় আঠখেলীয়া নামঘৰ প্ৰাঙ্গনত । ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা সমাগম হ'বলগীয়া ভকত বৈষ্ণৱক আদৰিবলৈ নামঘৰৰ ভিতৰে-বাহিৰে ন-ৰূপত সজাই তুলিছে নামঘৰৰ পৰিচালনা সমিতিয়ে । যাৰবাবে পৰিচালনা সমিতিয়ে পবিত্ৰ ভাদ মাহৰ বাবে এখন উদযাপন সমিতি গঠন কৰিছে য'ত ১৬ খন শাখা সমিতি আছে আৰু সেই শাখা সমিতিসমূহে বিভিন্ন দিশ পৰিচালনা কৰিব ।

বিগত বৰ্ষৰ দৰে এইবাৰো নামঘৰত সেৱকীৰ সমাগম বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে পৰিচালনা সমিতিয়ে । উল্লেখযোগ্য যে অদৃশ্যজনৰ চৰণত সেৱা ল'বলৈ বুলি ঐতিহ্যমণ্ডিত নামঘৰটোলৈ আগমণ ঘটিব বহু ভক্তপ্ৰাণ ৰাইজৰ । নামঘৰ পৰিচালনা সমিতিয়ে সকলো ৰাইজৰ সুবিধাৰ্থে এইবাৰ কিছু নতুন নিয়মৰো প্ৰৱৰ্তন কৰিছে ৷ ভকত বৈষ্ণৱৰ সমগমৰ প্ৰতি লক্ষ্য ৰাখি মুঠ চাৰি প্ৰহৰ নামৰ ব্যৱস্থা কৰিছে । নামঘৰত পুৱা ৪ বজাত প্ৰথম প্ৰসঙ্গ, ১১ বজাত দুপৰীয়া প্ৰসঙ্গ ,দিনৰ ৩ বজাত বিয়লি প্ৰসঙ্গ আৰু সন্ধিয়া ৬ বজাত নাম প্ৰসঙ্গ চলিব । ইয়াৰ উপৰি নিশা ১০ বজালৈকে নামঘৰৰ দুৱাৰ খোলা থাকিব বুলি সদৰী কৰিছে পৰিচালনা সমিতিৰ বিষয়ববীয়া অসীম বৰাই ।

লগতে পঢ়ক:ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰলৈ ভকত-বৈষ্ণৱৰ লানি নিচিগা সোঁত - Holy Bhada month

পবিত্ৰ ভাদ মাহ আৰম্ভ: ভক্তি ৰসত বিলীন সত্ৰ নগৰী মাজুলী - holy Bhada month

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.