গুৱাহাটী, ২২ মাৰ্চ : চাওঁতে চাওঁতে আহি পালে হেঁপাহৰ ৰঙালী । বিহুলৈ মাজত আৰু কেইটামান দিন বাকী । গাঁৱৰ জীয়াৰী-বোৱাৰী ব্যস্ত এতিয়া তাঁতৰ শালত । আখৰাত ব্যস্ত বিহুৱা-নাচনী । ইয়াৰ সমান্তৰালকৈ সাজু হৈছে বিহু সমিতিসমূহো ।
বিহু মঞ্চৰ পৰা ৰাইজক মনোৰঞ্জন দিবলৈ সাজু হৈছে ৰাজ্যৰ কণ্ঠশিল্পী শিল্পীসকলো । ইতিমধ্যে ঠায়ে ঠায়ে বহু কণ্ঠশিল্পীয়ে আৰম্ভ কৰিছে আখৰা । প্ৰতিগৰকী কণ্ঠশিল্পীয়ে ইতিমধ্যে নিৰ্ধাৰণ কৰিছে নিজা নিজা মাননিৰ পৰিমাণ ।
এইবাৰ প্ৰতিখন বিহুমঞ্চৰ বাবে কণ্ঠশিল্পীসকলৰ মাননিৰ পৰিমাণ তলত উল্লেখ কৰা হ’ল -
- জুবিন গাৰ্গৰ ১০ লাখ টকা
- অংগৰাগ পাপন মহন্তৰ ১৫ লাখ টকা
- দীক্ষুৰ ৪ ৰ পৰা ৫ লাখ টকা
- কৃষ্ণমণি চুতীয়াৰ ৩.৫০ লাখ টকা
- বিপিন চাউদাঙৰ ২ লাখ ২০ হাজাৰ টকাৰ পৰা ২.৫০ লাখ টকা
- আচুৰ্য বৰপাত্ৰৰ ৭ৰ পৰা ৭.৫০ লাখ টকা
- দীপলিনা ডেকাৰ ৪ লাখ ৫০ হাজাৰ টকা
- প্ৰিয়ংকা ভৰালীৰ ৩ লাখ ৫০ হাজাৰৰ টকাৰ পৰা ৫ লাখ টকা
- জুবলী বৰুৱাৰ ৪ লাখৰ পৰা ৪.৫০ লাখ টকা
- সুৱাসনা দত্তৰ ৩ লাখ ৫০ হেজাৰৰ পৰা ৫লাখ টকা
- বর্ণালী কলিতাৰ ৩.৫০ পৰা ৪.৫০ লাখ টকা
- শংকুৰাজ কোঁৱৰৰ ৫ ৰ পৰা ৬ লাখ টকা
- ৰূপম ভূঞাৰ ২ ৰ পৰা ২.৫ লাখ টকা
- ভৃগু কাশ্যপৰ ৪.৫০ ৰ পৰা ৬ লাখ টকা
- মন্টুমণিৰ ৩ লাখৰ পৰা ৪ লাখ টকা
- মৌচম গগৈৰ ২.৫০ লাখ টকাৰ পৰা ৩ লাখ টকা
- নীল আকাশ ৬.৫০ লাখ টকা
- বাবু বৰুৱাৰ ২.৫০ লাখৰ পৰা ৩.৫০ লাখ
- কুসুম কৈলাশ ৫ ৰ পৰা ৫.৫০ লাখ
- প্ৰবীণ বৰাৰ ৩ লাখ টকাৰ পৰা ৪.৩০ লাখ
- দেৱজিৎ বৰাৰ ৩ লাখৰ পৰা ৩.৫০ লাখ টকা
- ৰাকেশ ৰিয়ানৰ ৪.৫০ লাখৰ পৰা ৫ লাখ টকা
- নির্মালি দাসৰ ২ ৰ পৰা ৩ লাখ টকা
- জীনা ৰাজকুমাৰী ১ লাখ ২০ হাজাৰৰ পৰা ২.৫০ লাখ টকা
- গায়ত্ৰী হাজৰিকা ২.৫০-৩ লাখ টকা
- ময়ূৰী দত্ত ২.৫০ লাখৰ পৰা ৩.৫০ লাখ টকা
- ভাস্বতী ভাৰতী ৪০ হাজাৰৰ পৰা ১.৫০ লাখ টকা ৷
লগতে পঢ়ক : ৰাংঢালিৰ সৈতে বিহু নচাত ব্যস্ত ক্লাওৰিয়া-লিটা-আয়েস্কা