কৰিমগঞ্জ, ১৪ অক্টোবৰ: ৰাজ্যত দুৰ্গোৎসৱ উছাহ অব্যাহত থকাৰ মাজতে নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই ৷ কৰিমগঞ্জত দেওবাৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ হোৱা ঘটনাই উদঙাই দিছে এই বিষয়টো ৷ আৰক্ষীৰ অভিযানত জব্দ হৈছে এই নিচাজাতীয় দ্ৰব্যখিনি ৷ অতি কৌশলেৰে ড্ৰাগছ সৰবৰাহকাৰীয়ে উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ সৰবৰাহ কৰি আহিছে ড্ৰাগছ ।
শেহতীয়াকৈ কৰিমগঞ্জৰ বদৰপুৰত কৰিমগঞ্জ আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত ড্ৰাগছসহ জালত পৰিছে এটা সৰবৰাহকাৰী চক্ৰ ৷ আৰক্ষীয়ে লাভ কৰা খবৰৰ ভিত্তিত চলাইছিল তালাচী অভিযান ৷ কেবাকোটি টকাৰ ড্ৰাগছ সেই পথেৰে সৰবৰাহকাৰীয়ে লৈ যোৱাৰ চেষ্টা চলাব বুলি এক সূত্ৰই খবৰ দিছিল আৰক্ষীক । সষ্টম হৈ পৰিছিল কৰিমগঞ্জ আৰক্ষী । খাকী পোছাকৰ লগতে অসামৰিক পোছাকতো তালাচী চলোৱা স্থানৰ পৰা কিছু দূৰৈত ৰৈ আছিল আৰক্ষীৰ জোৱান । যাতে অধিক খাকী পোছাকধাৰী দেখি সৰবৰাহকাৰীয়ে পথ সলনি নকৰে ।
আৰক্ষী বিষয়ালৈ আহিছিল ফোনকল:
দেওবাৰে হঠাৎ এজন আৰক্ষী বিষয়ালৈ আহিল এটা ফোনকল । ফোনত সিমূৰৰ পৰা সূত্ৰই খবৰ দিলে যে ড্ৰাগছ সৰবৰাহকাৰীৰ এটা দলে বহু কোটি টকাৰ ড্ৰাগছ লৈ আহি আছে । লগে লগে সষ্টম হৈ পৰিল সকলো । MZ 01D 7755 নম্বৰৰ এখন Maruti Wagon-R বাহনৰ ওপৰত নজৰ আছিল আৰক্ষীৰ । যথাসময়ত আহি আৰক্ষীৰ সন্মুখত ৰ’লহি গাড়ীখন । তালাচীৰ সময়তে গাড়ী এৰি পলায়নৰ চেষ্টা কৰে ড্ৰাগছ সৰবৰাহকাৰীকেইটাই ।
Based on reliable input,an anti-narcotics ops was conducted by @karimganjpolice at Chewali Beel where a vehicle coming from a neighbouring State was intercepted & 548.82 gms of heroin was recovered.
— Himanta Biswa Sarma (@himantabiswa) October 13, 2024
Four persons have been apprehended.
Good job @assampolice #AssamAgainstDrugs pic.twitter.com/vKM25SVaAV
আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰিলে ৪ টা সৰবৰাহকাৰীক । গাড়ীখনত তালাচী চলাওঁতে জব্দ হ’ল প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ । মিজোৰামৰ পৰা ড্ৰাগছখিনি কৰিমগঞ্জলৈ আনিছিল সৰবৰাহকাৰীকেইটাই । বদৰপুৰৰ বৰাক ভেলী চিমেণ্ট ফেক্টৰীৰ নিলগৰ ছেৱালি বিলৰ কাষতে কৰিমগঞ্জৰ আৰক্ষীয়ে ৪৮ টা চাবোনৰ বাকচত জব্দ কৰে ৫৪৮.৮২ গ্ৰাম হেৰ’ইন ।
কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসৰ নেতৃত্বত চলিছিল এই অভিযান । আৰক্ষীৰ জালত পৰে ড্ৰাগছ সৰবৰাহকাৰী আব্দুল বাচিত, ফইজুল হক, তাজউদ্দিন, নাহিম উদ্দিন । কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীকেইটাৰ ঘৰ কৰিমগঞ্জৰ পাথাৰকান্দি এলেকাত । সম্প্ৰতি কৰিমগঞ্জ আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে সৰবৰাহকাৰীকেইটাক ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ X হেণ্ডেলত এক পোষ্টযোগে এই সফলতাৰ বাবে কৰিমগঞ্জ আৰক্ষীক প্ৰশংসা কৰে ৷ যোৱা ৯ অক্টোবৰতো কৰমিগঞ্জ আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই প্ৰায় ৮০,০০০ য়াবা টেবলেটসহ দুজন লোকক আটক কৰে ৷ তাৰ আগদিনা অৰ্থাৎ ৮ অক্টোবৰতো আৰক্ষীৰ অভিযানত ১০,০০০ য়াবা টেবলেটসহ আটক কৰে এজন লোকক ৷
লগতে পঢ়ক: ড্ৰাগছৰ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা