ETV Bharat / state

অহা ৪-৫ দিনলৈ ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা: কেইবাখনো জিলাত অৰেঞ্জ এলাৰ্ট - Assam weather report

author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 12:21 PM IST

Assam weather report: পুৱাৰে পৰা গুৱাহাটীকে ধৰি কেইবাখনো জিলাত নেৰানেপেৰা বৰষুণ হোৱা দেখা গৈছে । এনে পৰিস্থিতিত বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে আগন্তুক ৪-৫ দিনলৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ধুমুহা আৰু বৰষুণ হোৱাৰ সম্ভাৱনা আছে । বঙাইগাঁও, ধুবুৰী আৰু কোকৰাঝাৰ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে ।

Assam weather report
অহা ৪-৫ দিনলৈ ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা (IMD)

গুৱাহাটী, ২০ আগষ্ট : নামনি আৰু মধ্য অসমত প্রচণ্ড ধুমুহা-বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান বিভাগে । নামনি অসমৰ আটাইকেইখন জিলাতেই সতর্কতা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে । ২৪ ঘণ্টাত উজনি অসমৰো কেইবাটাও প্ৰান্তত হ'ব পাৰে ধুমুহা-বৰষুণ ।

৩ খন জিলাত অৰেঞ্জ এলাৰ্ট

ইফালে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বঙাইগাঁও, ধুবুৰী আৰু কোকৰাঝাৰ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে । গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য মতে, মঙলবাৰে বঙাইগাঁও, ধুবুৰী আৰু কোকৰাঝাৰ জিলাত প্ৰৱলৰ পৰা অতি প্ৰৱল বৰষুণ হ'ব । গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, পশ্চিম অসমৰ পৰা উত্তৰ ওড়িশালৈকে গড় সমুদ্র পৃষ্ঠৰ ৯.৮-১২ কিলোমিটাৰ ওপৰত নিম্ন চাপৰ বিস্তৃত ৰেখা বিৰাজমান । তদুপৰি দক্ষিণ বাংলাদেশ আৰু দাঁতিকাষৰীয়া অঞ্চলৰ ওপৰত বায়ুৰ নিম্নচাপ সক্ৰিয় হৈ আছে ।

ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

ইয়াৰ ফলত অহা ২২ আগষ্টলৈকে ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে মধ্যমীয়া বৰষুণ হ'ব । কোনো কোনো অঞ্চলত বিজুলী-ঢেৰেকনিৰে প্ৰৱল বৰষুণ অহাৰ সম্ভাৱনা আছে । অসমৰ কেইবাখনো জিলাত মঙলবাৰে আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে ইতিমধ্যে বহু অঞ্চলত বৰষুণ আৰম্ভ হৈছে ।

সোমবাৰে ৰাজ্যৰ কেইখনমান চহৰত হোৱা বৰষুণৰ পৰিমাণ আছিল- গোলাঘাট ১২ মিঃমিঃ, শিলচৰ ৬ মিঃমিঃ, গুৱাহাটী ১৬ মিঃমিঃ, দুধনৈ ৩ মিঃমিঃ, ধুবুৰী ০.৬ মিঃমিঃ, গোৱালপাৰা ৩ মিঃমিঃ, যোৰহাট ০.৮ মিঃমিঃ আৰু নগাঁও ১ মিঃমিঃ । আনহাতে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, গুৱাহাটীত অহা ২৫ আগষ্টলৈ বৰষুণ অব্যাহত থাকিব । এই সময়ছোৱাত গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা গড়ে ৩৫ ডিগ্ৰী আৰু সৰ্বনিম্ন তাপমাত্ৰা ২৭ ডিগ্ৰী চেলচিয়াছ থাকিব ।

লগতে পঢ়ক :নেদাৰলেণ্ডৰ কোম্পানীয়ে ল’ব গুৱাহাটীক বানমুক্ত কৰাৰ দায়িত্ব - Flood in Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.