ETV Bharat / state

দুর্গোৎসৱৰ সময়ত মহানগৰীৰ কোন কোন পথেৰে কৰিব পাৰিব যাতায়ত; কোনবোৰ পথ থাকিব বন্ধ ? - TRAFFIC RESTRICTIONS FOR DURGA PUJA

Traffic Restrictions For Durga Puja: শাৰদীয় দুর্গোৎসৱক কেন্দ্ৰ কৰি মহানগৰ আৰক্ষীয়ে যানবাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নির্দেশনা জাৰি কৰিছে ৷

Traffic Restrictions For Durga Puja
দুর্গোৎসৱৰ সময়ত মহানগৰীৰ কোন কোন পথেৰে কৰিব পাৰিব যাতায়ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 9, 2024, 10:19 AM IST

গুৱাহাটী, ৯ অক্টোবৰ: ৰাজ্যজুৰি আৰম্ভ হৈছে শাৰদীয় দুর্গোৎসৱ ৷ দুৰ্গোৎসৱৰ সময়ত জনসাধাৰণৰ সুবিধাৰ বাবে মহানগৰ আৰক্ষীয়ে যানবাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নির্দেশনা জাৰি কৰিছে । দুর্গা পূজাৰ সময়ছোৱাত হ'বলগীয়া তীব্র যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়ে আজিৰে পৰা অৰ্থাৎ ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ যানবাহন চলাচলৰ বাবে কিছু নীতি-নির্দেশনা জাৰি কৰিছে ।

কি কি নীতি-নিৰ্দেশনা ?

  • সামগ্রী কঢ়িওৱা গধুৰ যানবাহন মহানগৰীৰ মাজেৰে পুৱা ৪ বজাৰ পৰা দিনৰ ১২ বজাৰ ভিতৰত চলাচল কৰিব পাৰিব ।
  • চিটীবাছৰ চলাচলৰ ক্ষেত্ৰতো কেতবোৰ সালসলনি কৰা হৈছে । এই অনুসৰি বশিষ্ঠ মন্দিৰৰ পৰা ধাৰাপুৰ অভিমুখে যোৱা চিটীবাছসমূহ বশিষ্ঠ চাৰিআলি, কইনাধৰা পইন্ট হৈ খানাপাৰা ৰ'টাৰীৰ দিশেৰে জিএছ ৰোড হৈ ধাৰাপুৰ যাব পাৰিব ।

লগতে পঢ়ক: পূজা উপলক্ষে যান-বাহন চলাচলত লখিমপুৰ আৰক্ষীৰ বিশেষ নিৰ্দেশাৱলী

  • একেদৰে আদাবাৰী বাছষ্টেণ্ডৰ পৰা লালগণেশ অভিমুখে যোৱা চিটীবাছৰ ক্ষেত্ৰতো মালিগাঁও, কাছাৰী, ৰবীন্দ্র ভবন, গুৱাহাটী ক্লাব, চানমাৰি, জু-ৰোড ফ্লাই অভাৰ হৈ ৰাজধানী মছজিদ, গণেশ মন্দিৰেৰে লালগণেশ যাব পাৰিব ।
  • পাঞ্জাবাৰীৰ পৰা ধাৰাপুৰ অভিমুখী গাড়ীসমূহ ভিআইপি ৰোড হৈ নুনমাটি, চানমাৰি হৈ যাব লাগিব ।
  • একেদৰে হাতীগাঁৱৰ পৰা ধাৰাপুৰ অভিমুখী চিটীবাছ উভতি অহাৰ ক্ষেত্ৰত ধাৰাপুৰ এম জি ৰোড চানমাৰি হৈ গণেশগুৰি উৰণীয়া সেতুৰে চুপাৰ মার্কেট, লাষ্টগেট হৈ হাতীগাঁও চাৰিআলি অভিমুখে যাব লাগিব ।
  • আনহাতে দূৰণিবটীয়া বাণিজ্যিক যাত্রীবাহী বাছৰ ক্ষেত্ৰত নামনি অসমৰ পৰা অহা বাছসমূহ আদাবাৰীৰ বাছ আস্থানতে ৰখাব লাগিব ।
  • উজনি অসমৰ পৰা অহা বাছসমূহ আই এছ বি টি বেটকুছিত ৰখাব লাগিব ।

লগতে পঢ়ক: গুৱাহাটীৰ পূজা সমিতিৰ বাবে স্বচ্ছতা প্ৰতিযোগিতাৰ নীতি-নিয়ম ঘোষণা জি এম চিৰ

  • একেদৰে তিনিওখন আৰক্ষী জিলাৰ অন্তর্গত বিভিন্ন অঞ্চলৰ সৰু-বৰ বাহনসমূহৰ চলাচলৰ ক্ষেত্ৰতো কেতবোৰ নিষেধাজ্ঞা যানবাহন আৰক্ষীয়ে আৰোপ কৰিছে । পূজাৰ কেইদিনত দিনৰ ২ বজাৰ পৰা নিশা ২ বজালৈ এই নিষেধাজ্ঞা বলবৎ হ'ব । এই নিষেধাজ্ঞা অনুসৰি দিছপুৰ আৰক্ষী এলেকাত বিভিন্ন স্থানত প্রবেশ নিষিদ্ধ এলেকা ঘোষণা কৰি হৈছে ।
  • পূজাৰ কেইদিনত জু-ৰোডৰ দিশৰ পৰা দিছপুৰৰ গণেশ মন্দিৰ এলেকালৈ কোনো ধৰণৰ বাহনত প্রৱেশত নিষেধাজ্ঞা জাৰি কৰা হৈছে ।
  • একেদৰে বশিষ্ঠ আৰক্ষী এলেকাৰ অন্তৰ্গত বিভিন্ন স্থানত যানবাহনৰ চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে । বশিষ্ঠ চাৰিআলিৰ পৰা বেলতলা তিনিআলি দিশলৈ যানবাহনৰ চলাচল বন্ধ কৰা হৈছে ।
  • ভৰলুমুখ এলেকাৰ ক্ষেত্ৰতো কেইবাটাও দিশত যানবাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা বলবৎ কৰা হৈছে । এ টি ৰোড আৰু দিনেশ গোস্বামী পথত কোনো ধৰণৰ যানবাহনৰ পার্কিং নিষিদ্ধ কৰা হৈছে ।
  • ফটাশিল চাৰিআলিৰ পৰা কুমাৰপাৰা পাঁচআলি অভিমুখে যানবাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে ।
  • জালুকবাৰী এলেকাৰ ক্ষেত্ৰত জালুকবাৰী ৰটাৰীৰ পৰা পল্টনবজাৰ, পাণবজাৰ, ফটাশিল আৰু ভৰলুমুখ অভিমুখী সামগ্রী কঢ়িওৱা গধুৰ যানবাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে । একেই নির্দেশনা পাণ্ডুঘাট পর্যন্তলৈ বাহাল থাকিব ।

লগতে পঢ়ক: অনন্য অসমখন চাবলৈ আহক যাওঁ এখন বিশেষ পূজাথলীলৈ

আনহাতে দেবী বিসর্জনৰ দিনাখনো পাণবজাৰ, চানমাৰি, গীতানগৰ, নুনমাটি আৰু লতাশিল থানা এলেকাত যানবাহনৰ চলাচলৰ ক্ষেত্ৰত কেতবোৰ নিধেযাজ্ঞা আৰোপ কৰিছে মহানগৰ আৰক্ষীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.