ETV Bharat / state

আপোনাৰ চুৰি হোৱা ম'বাইলটো ঘূৰাই পোৱা নাই নেকি ? আহক মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়লৈ - Guwahati City Police - GUWAHATI CITY POLICE

Crime in Guwahati : গুৱাহাটী মহানগৰীত চোৰে থপিয়াই লৈ গৈছিল নেকি আপোনাৰ ম'বাইল ? আপুনি ঘৰত নথকাৰ সুযোগতে চোৰে আপোনাৰ কোঠাত সোমাই লৈ গৈছিল নেকি আপোনাৰ লেপটপটো ? তেনেহ'লে আজি আহক মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়লৈ আৰু উপযুক্ত নথি-পত্ৰ দেখুৱাই লৈ যাওক আপোনাৰ ম'বাইল অথবা লেপটপ ।

Stolen mobiles, laptops to be displayed at CP office in Guwahati
মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত চুৰি ম'বাইল লেপটপৰ প্ৰদৰ্শন (Google)
author img

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 11:03 AM IST

গুৱাহাটী, ১৪ জুন : মহানগৰ আৰক্ষীৰ সফলতা । ৬৫০ টা চুৰি ম'বাইলৰ লগতে ১৬ টা চুৰি লেপটপ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষী । গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা বিগত সময়ত চুৰি হোৱা ৬৫০ টা ম'বাইলৰ লগতে ১৬ টা লেপটপ মহানগৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে । সম্প্রতি এই ম'বাইল আৰু লেপটপ মহানগৰখনৰ থানাই থানাই মজুত হৈ আছে ।

উপযুক্ত নথি-পত্ৰৰ অভাৱত আৰক্ষীয়ে ম'বাইল, লেপটপ গৰাকীক গতাব পৰা নাই । সেয়ে শুকুৰবাৰে দিনৰ ১১ বজাত গুৱাহাটীৰ পাণবজাৰস্থিত মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত এইসমূহ চুৰি ম'বাইল, লেপটপ প্রদর্শন কৰা হ'ব । এই কথা প্রকাশ কৰে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই । আৰক্ষী আয়ুক্তগৰাকীয়ে জনোৱা অনুসৰি গৰাকীয়ে উপযুক্ত প্রমাণ দি নিজৰ ম'বাইল লেপটপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব ।

উল্লেখ্য যে, বিগত সময়চোৱাত গুৱাহাটীত চিলনী চোৰৰ লগতে আন বহু আবাসিক অঞ্চলৰ পৰা চোৰে ম'বাইল-লেপটপ আদি চোৰ কৰি সন্ত্রাসৰ সৃষ্টি কৰিছে । দিন দুপৰতে চলাইছে লুটপাত । মহানগৰীত সঘনাই সংঘটিত হোৱা এনেবোৰ ঘটনাৰ বিৰুদ্ধে ইতিমধ্যে ভুক্তভোগীয়ে নিজৰ নিজৰ এলেকাৰ থানাত এই সন্দর্ভত দাখিল কৰিছে এজাহাৰ ।

এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত চলাই যোৱাৰ সময়তে উদ্ধাৰ হৈছে বহু ম'বাইল-লেপটপ । ইয়াৰে বহুসংখ্যক ইতিমধ্যে গৰাকীয়ে উপযুক্ত তথ্য প্রমাণ দি থানাৰ পৰা সংগ্রহ কৰিছে যদিও ৬৫০ টা চুৰি ম'বাইল আৰু ১৬ টা লেপটপ গুৱাহাটীৰ বিভিন্ন থানাত আছে । গতিকে এই সামগ্ৰীসমূহ যাতে উপযুক্ত প্ৰমাণৰ ভিত্তিত গৰাকীক গতাই দিব পাৰে তাৰবাবেই এই ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক: চোৰে লুটিলে ২৫ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ-নগদ ধন - Theft Incident In Guwahati

চোৰে লুটিলে ৩০ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ - Theft Incident In Guwahati

ধন-সোণ চুৰি কৰি দুমহলীয়া অট্টালিকা নির্মাণ কৰিছে কোনে ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন - Guwahati City Police

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.