ETV Bharat / state

পাইকাৰী বজাৰক লৈ গুৱাহাটীৰ মাছ বেপাৰীৰ সংঘাত

author img

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 7:45 PM IST

Illegal wholesale fish market of Bhetapara: বেতকুছি পাইকাৰী মাছ বজাৰ আৰু অবৈধভাৱে গঢ় লৈ উঠা ভেটাপাৰা পাইকাৰী বজাৰক লৈ সংঘাত ৷ অবৈধ বজাৰখন উৎখাত নতুবা চৰকাৰী বৈধতা প্ৰদান কৰি পাইকাৰী বজাৰখনৰ সৈতে একলগ কৰাৰ দাবী জনাই বৃহত্তৰ গুৱাহাটী পাইকাৰী মাছ বেচা কিনা সমবায় সমিতি লিমিটেডে ।

Guwahati fish trader press meet
ভেটাপাৰাৰ অবৈধ মাছৰ বজাৰখনক চৰকাৰী বৈধতা প্ৰদান কৰক
ভেটাপাৰাৰ অবৈধ পাইকাৰী বজাৰক লৈ গুৱাহাটীৰ মাছ বেপাৰীৰ সংঘাতবজাৰখনক চৰকাৰী বৈধতা প্ৰদান কৰক

গুৱাহাটী, ২৮ ফেব্ৰুৱাৰী : বুধবাৰে কেইবাটাও দাবী উত্থাপন কৰি বৃহত্তৰ গুৱাহাটী পাইকাৰী মাছ বেচা-কিনা সমবায় সমিতি লিমিটেডে এক সংবাদমেল আয়োজন কৰে ৷ বেতকুছি পাইকাৰী মাছ বজাৰ থকাৰ স্বত্বেও অবৈধভাৱে ভেটাপাৰাত গঢ়ি উঠা পাইকাৰী বজাৰখনৰ বৈধতা নাইবা বেতকুছি পাইকাৰী মাছ বজাৰৰ লগত একত্ৰিত কৰিবলৈ সংবাদমেলখনত দাবী উত্থাপন কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

সংবাদমেলখনত সভাপতি জিতু বৰ্মন আৰু সম্পাদক কাজল পাল চৌধুৰী কয় যে, ভেটাপাৰাত গঢ় লৈ উঠা মাছৰ বজাৰখনৰ থাকিব লগা কোনো অনুজ্ঞাপত্ৰ নাই । লগতে অতি অস্বাস্থ্যকৰ পৰিৱেশত বেচা কিনা হয় বজাৰখনত । অবৈধভাৱে ১০-১২ চকীয়া গাড়ীৰে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থকা বজাৰখনলৈ অনা হয় মাছ ।

বজাৰখনত অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটকৰ পৰা মাছ আনি এনেদৰে ব্যৱসায় কৰাত "বৃহত্তৰ গুৱাহাটী পাইকাৰী মাছ বেচা কিনা সমবায় সমিতি লিমিটেড"ৰ ব্যৱসায়ীসকলে যথেষ্ট লোকচানৰ সন্মুখীন হোৱা বুলি সদৰী কৰে । অবৈধ বজাৰখনৰ লগত কোনো বিভাগীয় উচ্চ পদস্থ বিষয়াৰ হাত থকাৰ সন্দেহ প্ৰকাশ কৰে বৃহত্তৰ গুৱাহাটী পাইকাৰী মাছ বেচা কিনা সমবায় সমিতি লিমিটেডৰ সদস্যসকলে ।

বজাৰখনৰ সন্দৰ্ভত বৃহত্তৰ গুৱাহাটী পাইকাৰী মাছ বেচা কিনা সমবায় সমিতি লিমিটেডৰ সদস্যসকলে বাৰম্বাৰ GMC ক জনোৱাৰ পিচতো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে । এবাৰ দুবাৰ বজাৰখন উচ্ছেদ কৰিছে কিন্তু পুনৰ বজাৰখন গঢ়ি উঠিছে । কিন্তু এটা বিশেষ সম্প্ৰদায়ে বজাৰখন চলাই থকা বুলি অভিযোগ কৰে সংবাদমেলখনত । ভেটাপাৰাত অবৈধভাৱে গঢ় লৈ উঠা বজাৰখনৰ বাবে লিমিটেডৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত প্ৰায় ২০,০০০ লোকৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে ।

এই সংবাদ মেলখনত অবৈধ বজাৰখন উৎখাত নতুবা চৰকাৰী বৈধতা প্ৰদান কৰি পাইকাৰী বজাৰখনৰ সৈতে এক লগ কৰাৰ দাবী জনায় বৃহত্তৰ গুৱাহাটী পাইকাৰী মাছ বেচা কিনা সমবায় সমিতি লিমিটেডে ।

লগতে পঢ়ক: ধলাই পানীভৰা পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনা ৰূপায়ণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.