ETV Bharat / state

ৰাইজৰ সঁহাৰি-আশীৰ্বাদ আমাৰ লগত আছে : বিজুলী কলিতা মেধি - LOK SABHA ELECTIONS

author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 4:06 PM IST

Updated : Mar 22, 2024, 7:34 PM IST

Lok Sabha Election 2024 : দলীয় টিকট নিবলৈ আহি বাজপেয়ী ভৱনত গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু সাংসদ কুইন ওজাই পূজাৰ আয়োজন কৰে ৷

BJP CANDIDATE BIJULEE KALITA MEDHI
ৰাইজৰ সঁহাৰি আৰু আশীৰ্বাদ আমাৰ লগত আছে : বিজুলী কলিতা মেধি

গুৱাহাটী, ২২ মাৰ্চ : 'এয়া বিজেপিৰ আদৰ্শ। আমি একেলগে আছো আৰু সদায় থাকিম । ৰাইজৰ সঁহাৰি আৰু আশীৰ্বাদ আছে আমাৰ লগত।' - এই মন্তব্য প্ৰকাশ কৰে গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে । সাংসদ কুইন ওজাৰ পৰিৱৰ্তে মেধিক প্ৰাৰ্থিত্ব দিয়াৰ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিজুলী কলিতা মেধিয়ে।

শুকুৰবাৰে বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত সাংসদ কুইন ওজাক লগত লৈ সংবাদ মাধ্যমৰ আগত বিজুলী কলিতা মেধিয়ে কয় যে, প্ৰাৰ্থিত্ব লাভৰ পাচত প্ৰথম ফোনটো তেওঁ কুইন ওজাকে কৰিছিল। কুইন ওজাৰ পৰামৰ্শ আৰু শুভেচ্ছাৰে কাম কৰি যাম বুলি সদৰী কৰে মেধিয়ে ৷ এই যুদ্ধৰ কাৰণে দল সদায় সাজু । কুইন ওজা বৰ্ত্তমানেও সাংসদ বুলি সদৰী কৰে প্ৰাৰ্থীগৰাকীয়ে ।

মেধিয়ে লগতে কয় যে, সকলোকে লগত লৈ মিলা-প্ৰীতিৰে আগুৱাই যোৱাটো বিজেপিৰ আদৰ্শ । ৰাজনীতিত বিশ্বাস কৰা সকলোৱে ভাৰতীয় জনতা পাৰ্টীত যোগ দিছে ৷ ৰাইজ উন্নয়নৰ লগত আছে।

লগতে প্ৰাৰ্থীগৰাকীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীকো শুভেচ্ছা জ্ঞাপন কৰে।

আনহাতে বিজেপিৰ বাবে নিৰ্বাচন বুলি বিশেষ ৱাৰ ৰূমৰ প্ৰয়োজন নাই বুলি মেধিয়ে কয় যে, বিজেপি সদায়ে ৰাইজৰ লগত আছে। বিজেপিৰ কৰ্মকৰ্তা সদায় যুদ্ধৰ বাবে সাজু হৈয়েই থাকে। বিজেপি দলটো নিয়মত চলা দল ৷

উল্লেখ্য যে, শুকুৰবাৰে বাজপেয়ী ভৱনত বিজেপিৰ প্ৰাৰ্থীসকলক দলীয় টিকট প্ৰদান কৰা হয় । বিজেপিৰ গুৱাহাটীৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিকে ধৰি কেইবাগৰাকী প্ৰাৰ্থী আৰু প্ৰাৰ্থীৰ প্ৰতিনিধিয়ে বাজপেয়ী ভৱনৰ পৰা দলীয় টিকট আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে।

লগতে পঢ়ক: অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘনৰ অভিযোগ কংগ্ৰেছৰ - model code of conduct violation

Last Updated : Mar 22, 2024, 7:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.