ETV Bharat / state

লাগিলে খেতিয়েই নকৰোঁ ! ডাউকজনীয়ে শান্তিৰে পোৱালি জগাওক: এজন খেতিয়কৰ সিদ্ধান্ত - Love for nature

Sivasagar farmer stays away from cultivation: ডাউকজনীৰ সপোন পূৰণ হওক ৷ উমনি দি থকা কণীকেইটা ফুটি পোৱালি হওক ৷ লাগিলে খেতিয়েই নকৰোঁ সেই পথাৰত ৷ এগৰাকী কৃষকে ল’লে সিদ্ধান্ত

author img

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 7:47 PM IST

Sivasagar farmer stays away from cultivation
ডাউকজনীৰ সপোন পূৰণ হওক বুলিয়েই নুজুৰিলে হাল (ETV Bharat Assam)

শিৱসাগৰ, 14 জুন: ‘‘তাই যাতে খাদ্য বিচাৰি বেছি দূৰলৈ যাব নালাগে, তাৰ বাবে সৰু সৰু মাছকেইটামান তাইৰ ওচৰত থৈ আহোঁ ৷ বেছিকৈ উমনি দি পোৱালিকেইটা যাতে তাই সোণকালে জগাব পাৰে ৷’’- প্ৰকৃতিৰ সৈতে একাত্ম হৈ থাকিব বিচৰা এজন লোকৰ মন্তব্য এয়া ৷

এতিয়া খেতিৰ ভৰপক সময় ৷ বাৰিষাৰ আগমনৰ লগেলগে কৃষিজীৱি অসমীয়া হাল-কোৰ লৈ পথাৰত নামিল ৷ সোনকালে পথাৰখন চহাই কঠিয়া সিঁচিব লাগে, বছৰটোৰ বাবে ভাতমুঠি যোগাৰ কৰিব লাগে ৷ নিজৰ পেটটোৰ বাবে এইখিনি চিন্তা সকলোৱে কৰে অথবা কৰিবই লাগিব ৷ তাৰ মাজতে এগৰাকী লোকৰ এক সিদ্ধান্তই লাভ কৰিছে চৰ্চা ৷

শিৱসাগৰৰ সীমান্ত বৰুৱাই বন্ধকত মাটি লৈ ধানখেতি কৰাৰ কথা এইবাৰ ৷ সেয়ে হাল বাবলৈ বুলি টেক্টৰ মাতিলে ৷ কিন্তু পথাৰলৈ গৈ দেখিলে যে তাত ডাউকে বাহ লৈছে ৷ কণী আছে সৰ্বমুঠ ছটা ৷ কিন্তু পথাৰলৈ টেক্টৰখন নমাৰ লগেলগে শংকিত হৈ বাহটোৰ পৰা ডাউকজনী উৰি যায় ৷ এই দৃশ্যই আঘাত দিলে নিজকে প্ৰকৃতিৰ সন্তান বুলি স্বীকাৰ কৰা সীমান্ত বৰুৱাক ৷

ডাউকজনীৰ সপোনৰ সংসাৰখনত যাতে খেতিডৰাই আউল নলগায়, তাৰ প্ৰতি লক্ষ্য ৰাখি সীমান্ত বৰুৱাই ল’লে প্ৰশংসনীয় সিদ্ধান্ত ৷ বৰুৱাই কোৱা মতে কণীকেইটাৰ পৰা পোৱালী ওলাবলৈ আৰু 15-20 দিন লাগিব ৷ সেয়ে এতিয়া খেতি নকৰাৰ সিদ্ধান্ত ল’লে সীমান্ত বৰুৱাই ৷ কেৱল খেতি নকৰি ডাউকৰ সংসাৰখনক সহায় কৰাই নহয়, ডাউকজনীয়ে যাতে খাদ্যৰ সন্ধানত দূৰলৈ যাবলগীয়া নহয়, তাৰ বাবে মাজে-সময়ে সৰু-সৰু মাছ নি যোগান ধৰে বিশেষ লোকজনে ৷

এনেদৰেই প্ৰকৃতিৰ লগত জীয়াই থাকিবলৈ চেষ্টা কৰাৰ কথা ক’লে সীমান্ত বৰুৱাই ৷ প্ৰকৃতিৰ লগত একাত্ম হৈ নাথাকে মানৱ জাতি ধ্বংস হ’বলৈ বেছিদিন নালাগিব বুলি ক’লে বিশেষ লোকজনে ৷ ডাউকৰ সংসাৰ বচাবলৈ গৈ নিজেই খেতি নকৰাটো এটা উদাহৰণহে, এনেদৰে বিভিন্ন সময়ত প্ৰকৃতি ৰক্ষাৰ স্বাৰ্থত বিভিন্ন কাম কৰি আহিছে দুই দশকৰো অধিক সময় ধৰি খেতি কৰি অহা সীমান্ত বৰুৱাই ৷

উল্লেখ্য যে বৰুৱাৰ অনুপম প্ৰকৃতিপ্ৰেমৰ এই কাহিনীয়ে ছ’চিয়েল মিডিয়া ব্যৱহাৰকীৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷ য’ত ব্যৱহাৰকাৰীসকলে তেওঁৰ কাহিনী #ProtectNature ৰ জৰিয়তে শ্বেয়াৰ কৰিছে ।

লগতে পঢ়ক: বাথৰূমৰ পৰা ওলাল ৩০ টাতকৈও অধিক সাপৰ পোৱালি : খাৱন-শোৱন নাই ঘৰখনত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.