ETV Bharat / state

চৰকাৰে লাভ কৰিছে তথ্য: আঁচনিৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰীয়ে শীঘ্ৰে লাভ কৰিব অনুদান - CM Himanta on Govt schemes

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 10:18 AM IST

CM Himanta Biswa Sarma: চৰকাৰী আঁচনি বঞ্চিত লোকসকলক প্ৰদান কৰা হ’ব চৰকাৰী সুবিধা ৷ যাৰ সন্দৰ্ভত চৰকাৰে প্ৰকৃত তথ্য লাভ কৰাৰ দাবী মুখ্যমন্ত্ৰীৰ ৷ চাওক সবিশেষ খবৰ...

ASSAM CM VISITS STATE BJP OFFICE
ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

গুৱাহাটী, 19 জুলাই: লোকসভা নিৰ্বাচনত চৰকাৰী আঁচনি লাভৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰীসকলক চিহ্নিত কৰাৰ পাছত চৰকাৰে এই তথ্যৰ ভিত্তিত অতি শীঘ্ৰে কাম কৰা আৰম্ভ কৰিব ৷ এই‌ কথা বৃহস্পতিবাৰে মহানগৰীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে ৷

গুৱাহাটীত সাংবাদিকক সম্বোধন‌ কৰি‌ মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, বিগত লোকসভা নিৰ্বাচনৰ সময়ত অসমৰ বিভিন্ন আঁচনিৰ সন্দৰ্ভত সমীক্ষা চলোৱা হৈছিল ৷ বৃহস্পতিবাৰে এই বৈঠকতে প্ৰভাৰীসকলে নিযুত মইনা আঁচনিৰো তথ্য আনি মুখ্যমন্ত্ৰীগৰাকীৰ আগত দাখিল কৰে ৷

চৰকাৰৰ হাতত আছে হিতাধিকাৰীৰ প্ৰকৃত তালিকা (ETV Bharat Assam)

লগতে পঢ়ক: উপ-নিৰ্বাচন : পাঁচটাৰ তিনিটাত অকলে যুঁজিব বিজেপিয়ে - CM on By election

তথ্য অনুসৰি, ৰাজ্যৰ প্ৰায় ২১ লাখ পৰিয়ালে ৰেচন কাৰ্ড থকা স্বত্বেও লাভ কৰা নাই অৰুণোদয় আঁচনি ৷ তাৰোপৰি বান বিধ্বস্ত অসমত এতিয়া ২১ হাজাৰ ৰাস্তা মেৰামতি বা নিৰ্মাণ কৰিব লাগে ৷ ৩৬ হাজাৰ নামঘৰে ঢুকি পোৱা নাই চৰকাৰৰ আঁচনি ৷

তেওঁ লগতে কয় যে, চৰকাৰী অনুদানৰ বাবে ৰাজ্যৰ ৩৬ হাজাৰ নামঘৰে আবেদন কৰাৰ বিপৰীতে ৩ লাখ ছোৱালীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিছে ৷‌ তদুপৰি ৰাজ্যৰ প্ৰায় ২১ লাখ জনসাধাৰণে আবেদন কৰিছে স্বাস্থ্য বীমাৰ বাবে ৷ এই সকলোবোৰ তথ্য সমীক্ষা পত্ৰ ঘূৰি অহাৰ পাচত প্ৰভাৰীসকলৰ পৰা লাভ কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷

এই সকলোবোৰ তথ্য দলৰ কাৰ্যকৰ্তাসকলে চৰকাৰক স্কেনিং কৰি দাখিল কৰাৰ পিছতে চৰকাৰে যাৱতীয় কামসমূহ কৰি দিব বুলিও ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মুখ্য সচিবক নাম-ঠিকনা আদি প্ৰদান কৰিলে ভৱিষ্যতে চৰকাৰী আঁচনিৰে এই সকলোবোৰ সামৰি লোৱাৰ বাবে চৰকাৰে চেষ্টা চলাব বুলিও মুখ্যমন্ত্ৰীয়ে কয় ৷

লগতে পঢ়ক: গ’ণ্ডাৰ ৰে’ল দুৰ্ঘটনাত শোক প্ৰকাশ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ; বিচাৰিলে উচিত তদন্ত - TRAIN ACCIDENT IN UP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.