ETV Bharat / state

আজিৰে পৰা দেশজুৰি বলৱৎ হ’ল নাগৰিকত্ব সংশোধনী আইন-2019

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 6:44 PM IST

Updated : Mar 11, 2024, 10:09 PM IST

Citizenship Amendment Act : সোমবাৰৰ পৰা দেশজুৰি বলৱৎ হ’ল নাগৰিকত্ব সংশোধনী আইন 2019 চমুকৈ 'কা' ৷ গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় চৰকাৰে লোকসভা নিৰ্বাচনৰ পূৰ্বে 'কা' কাৰ্যকৰী কৰা হ’ব বুলি ঘোষণা কৰিছিল ৷

Citizenship Amendment Act
বলৱৎ হ’ল নাগৰিকত্ব সংশোধনী আইন 2019

নিউজ ডেস্ক, 11 মাৰ্চ : প্ৰৱল প্ৰতিবাদৰ মাজতে সোমবাৰৰ পৰা দেশজুৰি বলৱৎ হ’ল নাগৰিকত্ব (সংশোধনী) আইন 2019 চমুকৈ 'কা'ৰ বিধি ৷ লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণাৰ কিছুদিন পূৰ্বে সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নাগৰিকত্ব (সংশোধনী) আইন (কা) কাৰ্যকৰী কৰাৰ নিয়মসমূহ অধিসূচীত কৰিছে ৷ কেন্দ্ৰই বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) আইন, 2019 ৰূপায়ণৰ বাবে নিয়মাৱলীৰ বিষয়ে 11 মাৰ্চত অধিসূচনা জাৰী কৰে বুলি গৃহ মন্ত্ৰালয়ে ঘোষণা কৰে ৷ ইয়াৰ পূৰ্বে গৃহমন্ত্ৰী অমিত শ্বাহে একাধিকবাৰ কৈছিল যে, এপ্ৰিল-মে’ মাহত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে 'কা'ৰ নিয়মসমূহ অৱগত কৰা হ’ব ৷

  • " class="align-text-top noRightClick twitterSection" data="">

নৰেন্দ্ৰ মোদী চৰকাৰে প্ৰৱৰ্তন কৰা আৰু 2019 চনত সংসদত গৃহীত হোৱা 'কা'ৰ নিয়মৰ লক্ষ্য হৈছে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা প্ৰব্ৰজন কৰা আৰু 31 ডিচেম্বৰ, 2014-ৰ পূৰ্বে ভাৰতত উপস্থিত হোৱা হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টানসহ নিৰ্যাতিত অ-মুছলমান প্ৰব্ৰজনকাৰীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা ৷ উল্লেখ্য যে, 2019 চনৰ ডিচেম্বৰত সংসদত 'কা' গৃহীত হোৱা আৰু ইয়াৰ পৰৱৰ্তী সময়ত ৰাষ্ট্ৰপতিৰ সন্মতিৰ পিচত, দেশৰ বিভিন্ন প্ৰান্তত প্ৰৱল প্ৰতিবাদৰ সূত্ৰপাত হয় ৷ যি প্ৰতিবাদ বৰ্তমানো ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো চলি আছে ৷

সূত্ৰ অনুসৰি গৃহ মন্ত্ৰালয়ে অধিসূচনা জাৰি কৰাৰ লগে লগে 'কা' আইন কাৰ্যকৰী কৰিব পাৰি, যাৰ ফলত যোগ্য ব্যক্তিয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰে ৷ 27 ডিচেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে দৃঢ়তাৰে কয় যে CCAৰ কাৰ্যকৰীকৰণ বন্ধ কৰিব নোৱাৰি কিয়নো ই দেশৰ আইন হিচাপে থিয় হৈ আছে ৷ তেওঁ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধেও এই বিষয়টো সন্দৰ্ভত ৰাইজক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰিছিল ৷

উল্লেখ্য যে, নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে সমগ্ৰ অসমতে ধাৰাবাহিকভাৱে চলি আছে আন্দোলন ৷ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে এই আইনৰ বিৰোধীতাৰে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ ৷ ইতিমধ্যে 2019 চনত হোৱা 'কা' বিৰোধী আন্দোলনত আৰক্ষীৰ গুলীত প্ৰাণো হেৰুৱাইছে পাঁচজনকৈ লোকে ৷ কেৱল অসমতেই নহয় দেশৰ ভিন্ন প্ৰান্তত হোৱা প্ৰৱল 'কা' বিৰোধী আন্দোলনক অৱজ্ঞা কৰি অৱশেষত সোমবাৰে কেন্দ্ৰই দেশজুৰি বলৱৎ কৰে 'কা' ৷

লগতে পঢ়ক : কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আজি ঘোষণা কৰিব CAA ৰ নিয়মাৱলী !

Last Updated : Mar 11, 2024, 10:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.