ETV Bharat / state

মেৰাপানীত বেদখলৰ বিৰুদ্ধে গোলাঘাট জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান - eviction drive in Golaghat

author img

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 5:35 PM IST

Eviction drive in Golaghat: অসম-নাগালেণ্ডৰ সীমান্তৱৰ্তী মেৰাপানীত বেদখলৰ বিৰুদ্ধে প্ৰশাসনৰ হাতোৰা ৷ মেৰাপানী আৰক্ষী থানাৰ পৰা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়লৈকে চলোৱা হয় এই এই উচ্ছেদ অভিযান ৷ অসম মালা আঁচনিৰ জৰিয়তে পথছোৱা বহলকৈ পুনৰ নিৰ্মাণৰ কাম চলি থকাৰ কথা ব্যক্ত কৰে দণ্ডাধীশে ৷

Eviction drive in Golaghat
মেৰাপানীত প্ৰশাসনৰ উচ্ছেদ অভিযান (ETV Bharat Assam)

গোলাঘাট, ১৪ আগষ্ট: অসম-নাগালেণ্ডৰ সীমান্তৱৰ্তী মেৰাপানীত বেদখলৰ বিৰুদ্ধে মঙলবাৰে গোলাঘাট জিলা প্ৰশাসনে উচ্ছেদ চলায় ৷ মেৰাপানী আৰক্ষী থানা আৰু পশু চিকিৎসালয়ৰ সন্মুখভাগত চৰকাৰী ভূমিত অবৈধভাৱে গঢ় লৈ উঠা দোকানসমূহ উচ্ছেদ কৰে গোলাঘাট জিলা প্ৰশাসনে । শেহতীয়াকৈ একাংশ বেদখলকাৰীয়ে চৰকাৰী ভূমিত অবৈধভাৱে দোকান-ঘৰ নিৰ্মাণ কৰি মেৰাপানীৰ পৰিবেশ বিনষ্ট কৰি আহিছিল । একাংশ বেদখলকাৰীয়ে আনকি মেৰাপানী পশু চিকিৎসালয়ৰ প্ৰবেশ পথটোও বেদখল কৰি একপ্ৰকাৰ বন্ধ কৰি দিছিল ।

যাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে গোলাঘাট জিলা প্ৰশাসনে দণ্ডাধীশৰ নেতৃত্বত আৰক্ষী আৰু চি আৰ পি এফৰ দল মোতায়েন কৰি অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসগৃহসমূহ উচ্ছেদ কৰে । উচ্ছেদস্থলীত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হয় ।

এই উচ্ছেদ অভিযানৰ নেতৃত্ব দিয়া দণ্ডাধীশগৰাকীয়ে কয়, "অসম চৰকাৰে অসম মালা আঁচনিৰ জৰিয়তে গোলাঘাট মেৰাপানী পথছোৱা নিৰ্মাণ কৰি থকা হৈছে ৷ যাৰ বাবে মেৰাপানী আৰক্ষী থানাৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়লৈকে এই উচ্ছেদ অভিযান চলোৱা হ’ব ৷ তদুপৰি সীমান্তৱৰ্তী অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা হাজাৰ হাজাৰ লোক ইয়ালৈ ব্যৱসায়িক কাৰণ আহে ৷ যাৰ ফলত অঞ্চলটোত তীব্ৰ যানজঁটৰ সমস্যা হোৱা পৰিলক্ষিত হয় আৰু ইয়াৰ ফলত ৰোগী কঢ়িয়াই অনা এম্বুলেন্স আদি অহা-যোৱাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয় ৷

লগতে পঢ়ক: মাছমৰীয়াৰ বিৰুদ্ধে কঠোৰ লাওখোৱাৰ বন বিভাগ বেদখলকাৰীৰ বিৰুদ্ধে কিয় নীৰৱ ? - Laokhowa Wildlife Sanctuary

তেওঁ লগতে কয়, "এই উচ্ছেদ অভিযানৰ পাছত পথছোৱা বহল কৰাৰ ফলত যানজঁটৰ সমস্যা বহু পৰিমাণে হ্ৰাস পাব বুলি আশা কৰা হৈছে । ইয়াৰ উপৰিও এই অঞ্চলত বিজ্ঞানসন্মতভাৱে এটা নলা নিৰ্মাণ কৰা হ'ব, যাৰ দ্বাৰা ভবিষ্যতে মেৰাপানী অঞ্চলত কৃত্ৰিম বানৰ সমস্যাৰ পৰাও ৰক্ষা পৰিব ৷"

উক্ত অঞ্চলটোত বাসগৃহ আৰু দোকান গৃহ নিৰ্মাণ কৰা লোকৰ সৈতে জুলাই মাহত এক আলোচনাত মিলিত হৈ যাৱতীয় নথি-পত্ৰ দেখুৱাবলৈ কোৱা হৈছিল যদিও তেওঁলোকে কোনোধৰণৰ নথি পত্ৰ দেখুৱাবলৈ সক্ষম হোৱা নাছিল বুলি দণ্ডাধীশগৰাকীয়ে জানিবলৈ দিয়ে ৷ অৱশ্যে কেইজনমান লোকে কিছু নথি-পত্ৰ দেখুৱাইছে আৰু প্ৰশাসনৰ লোকে এই নথি-পত্ৰসমূহ পৰীক্ষণ কৰি সেই অনুসৰি উচ্ছেদ অভিযান আগবঢ়াই নিব বুলি তেওঁ ব্যক্ত কৰে ৷

দণ্ডাধীশগৰাকীয়ে কয়, "এই অঞ্চলটো এটা বিবদমান এলেকা আৰু বিবদমান এলেকাত বাসগৃহ বা দোকান নিৰ্মাণ কৰিবলৈ সীমান্ত দণ্ডাধীশৰ অনুমতি ল'ব লাগে ৷ কিন্তু এই লোকসকলে কোনোধৰণৰ অনুমতি নোলোৱাকৈ অবৈধভাৱে নিৰ্মাণ কৰিছিল । অবৈধভাৱে দখল কৰি বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰি থকা লোকসকলক প্ৰশাসনে আঁতৰি যাবলৈ কৈ আহিছিল যদিও তেওঁলোকে কোনোধৰণৰ গুৰুত্ব আৰোপ কৰা নাছিল ৷ যাৰ বাবে আজি এই উচ্ছেদ অভিযান চলোৱা হৈছে ৷"

লগতে পঢ়ক: লংকাত ৰে’ল বিভাগৰ উচ্ছেদ অভিযান - Railway land encroachment

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.