ETV Bharat / state

মঙলদৈৰ বৰ আঠিয়াবাৰী গাঁৱত যুৱতীৰ মৃতদেহ উদ্ধাৰ - Deadbody recovered in Mangaldoi

author img

By ETV Bharat Assamese Team

Published : Jul 30, 2024, 5:47 PM IST

মঙলদৈত যুৱতীৰ মৃতদেহ উদ্ধাৰ । হত্যা কৰি টোপোলাত ভৰাই পেলাই থৈ গ'ল পথৰ কাষত । ঘটনাক লৈ সমগ্ৰ অঞ্চলত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য । প্ৰেমজনিত কাৰণতে হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ ।

মঙলদৈৰ বৰ আঠিয়াবাৰী গাঁৱত যুৱতীৰ মৃতদেহ উদ্ধাৰ
মঙলদৈৰ বৰ আঠিয়াবাৰী গাঁৱত যুৱতীৰ মৃতদেহ উদ্ধাৰ (ETV Bharat Assam)

মঙলদৈ,৩০ জুলাই: মঙলবাৰে পুৱাই মঙলদৈত লাগিল হুৱাদুৱা । মঙলদৈৰ সমীপৰ আঠিয়াবাৰী গাঁৱৰ পথৰ কাষত থকা এটা টোপোলাই ৰহস্যৰ সৃষ্টি কৰিলে প্ৰাতঃভ্ৰমণ কৰা ৰাইজৰ মনত । টোপোলাটোক লৈ ৰাইজৰ মনত অৱতাৰণা হ'ল বিভিন্ন প্ৰশ্নৰ । কোনো কোনোৱে সন্দেহ কৰিলে টোপোলাটোত মৃতদেহ থকা বুলি । লগে লগে খবৰ দিয়া হ'ল আৰক্ষীক । আৰক্ষী উপস্থিত হৈ অনুসন্ধান কৰি টোপোলাৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে এগৰাকী যুৱতীৰ মৃতদেহ । লগে লগে সমগ্ৰ অঞ্চলটোত লাগিল হুৱাদুৱা ।

যুৱতীৰ মৃতদেহ চিনাক্তকৰণ:

মৃতদেহটো চিনাক্ত কৰা হ'ল আঠিয়াবাৰী গাঁৱৰ গোবিন্দ ডেকাৰ কন্যা কৃষ্ণামণি ডেকা বুলি । শনিবাৰে মন্দিৰলৈ বুলি ওলাই যোৱা কৃষ্ণাৰ নিঠৰ দেহ টোপোলাত উদ্ধাৰ হোৱা বুলি খবৰ বিয়পি পৰাৰ লগে লগে শোকাকুল পৰিৱেশ বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত । মাত্ৰ ১৯ বছৰীয়া যুৱতীগৰাকীক কোনে হত্যা কৰিলে তাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ।

প্ৰেমজনিত কাৰণতে যুৱতীগৰাকীক হত্যা কৰাৰ অভিযোগ:

ইফালে যুৱতীগৰাকীক প্ৰেমজনিত কাৰণতে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে যুৱতীগৰাকীৰ মাতৃৰ লগতে পৰিয়ালৰ লোকে । মাতৃৰ ভাষ্য, "শনিবাৰে মাইনা কালী মন্দিৰলৈ যাব খোজোতে মানা কৰাত তাই নগ'ল । কিন্তু সোমবাৰে কোনেও গম নোপোৱাকৈ ওলাই গৈছিল ।" মাতৃয়ে জনোৱা অনুসৰি কৃষ্ণাৰ প্ৰথম প্ৰেমিকৰ সৈতে মনোমালিন্য আছিল যাৰ ফলত অস্পষ্টভাৱে হ'লেও প্ৰথম প্ৰেমিকলৈকে সন্দেহৰ আঙুলি টোৱাই মাতৃয়ে ।

সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত । কৃষ্ণাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে । কোনে কি কাৰণত যুৱতীগৰাকীক হত্যা কৰিলে সেয়া পোহৰলৈ আহিব আৰক্ষীৰ তদন্তৰ পাচতহে ।

লগতে পঢ়ক: প্ৰেমিকৰ ছুৰীৰ আঘাতত প্ৰাণ হেৰুৱালে প্ৰেমিকাই - Sensational murder

তিনিচুকীয়াত হত্যাকাণ্ড : ছুৰিকাঘাতত মৃত্যু এজনৰ - Murder Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.