ETV Bharat / state

মুখ্যমন্ত্ৰী আৰু তেওঁৰ ঘনিষ্ঠ মন্ত্ৰীৰ ব্যক্তিত্ব চাই এতিয়া সকলোৱে 'ইজি মানী' বিচাৰে : গৌৰৱ গগৈ - online trading scam

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2024, 7:07 AM IST

Gaurav Gogoi Slams CM : মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মন্ত্ৰীয়ে অনলাইন ট্ৰেডিং কৰিবলৈ উৎসাহিত কৰিছে । মুখ্যমন্ত্ৰীয়ে এখনো জিলা এৰি দিয়া নাই য'ত বাগান, স্কুল, ৰিজ'ৰ্ট খোলা নাই । টেঙাখাতত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ সৱ সাংসদ গৌৰৱ গগৈ ।

Gaurav Gogoi Slams CM
মুখ্যমন্ত্ৰীক সমালোচনা গৌৰৱ গগৈৰ (ETV Bharat Assam)

মৰাণ, ১৪ ছেপ্টেম্বৰ : সমাগত পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনক লৈ শাসকীয় দল বিজেপিৰ সমান্তৰালভাৱে বিৰোধী কংগ্ৰেছেও দলীয় কাম-কাজত তৎপৰ হৈ পৰিছে । বিজেপিৰ দখলত থকা উজনিৰ প্ৰতিটো বিধানসভা সমষ্টিক লক্ষ্য কৰি লৈছে কংগ্ৰেছ দলে । বিশেষকৈ উজনি অসমত কংগ্ৰেছ দলটোক শক্তিশালী কৰিবলৈ উঠি-পৰি লাগিছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈ ।

ইয়াৰে অংশ হিচাপে একেটা দিনত এখন জিলাতে দুই-তিনিখনকৈ দলীয় সভাত অংশগ্ৰহণ কৰি দলীয় কৰ্মীসকলক উৎসাহিত কৰিছে গৌৰৱ গগৈয়ে । শুকুৰবাৰৰ দিনটো ডিব্ৰুগড় জিলাৰ দুলীয়াজান সমষ্টিত দুখনকৈ সভাত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে ।

সন্মুখত থকা পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনৰ বাবে উজনি অসমত কংগ্ৰেছে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰস্তুতি । সেনাপতিৰ ৰূপত সন্মুখত থিয় হৈ স্বয়ং গৌৰৱ গগৈ নামিছে দলীয় সভা অনুষ্ঠিত কৰি সাংগঠনিক কাম-কাজ আগুৱাই নিবৰ বাবে । সেই উদ্দেশ্যে শুকুৰবাৰে দুলীয়াজান সমষ্টিৰ টেঙাখাত ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত অনুষ্ঠিত ন-পুৰণি সতীৰ্থ সন্মিলনত উপস্থিত থাকে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ।

এই অনুষ্ঠানত সাংসদ গৌৰৱ গগৈৰ সৈতে উপস্থিত থাকে কংগ্ৰেছ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডা, প্ৰণতি ফুকন, বিধায়ক ৰাজু চাহুৰ লগতে তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা । টেঙাখাতত দলীয় সভাত অংশগ্ৰহণ কৰাৰ পূৰ্বে দুলীয়াজানত আন এক অনুষ্ঠানত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে ।

মেধা এডুকেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দুলীয়াজান ক্লাবত অনুষ্ঠিত হৈছে দ্বিতীয় সংখ্যক যুৱ সাংসদ প্ৰতিযোগিতা । উক্ত অনুষ্ঠানৰ উদ্বোধক হিচাপে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে । আনহাতে, টেঙাখাতত অনুষ্ঠিত কংগ্ৰেছৰ ন-পুৰণি সতীৰ্থ সন্মিলনত শুকুৰবাৰে উপস্থিত থাকি সাংসদ গৌৰৱ গগৈয়ে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

কংগ্ৰেছ দল শক্তিশালী কৰা সম্পৰ্কত কি ক'লে গৌৰৱ গগৈয়ে

গৌৰৱ গগৈয়ে কয়, "ডিব্ৰুগড়ত কংগ্ৰেছৰ ভেটি ভাল হৈছে । পৰৱৰ্তী সময়ত ডিব্ৰুগড়ৰ প্ৰতিটো বিধানসভা সমষ্টিত কংগ্ৰেছ দল ভাল হ'ব আমি অনুমান পাইছো । ইয়াৰ মূল কাৰণ হৈছে বৰ্তমান চৰকাৰৰ অহংকাৰ, ৰাইজৰ গণতান্ত্ৰিক অধিকাৰত চৰকাৰে যি আক্ৰমণ চলাইছে তাৰ বাবে ৰাইজ এক গোট হৈছে । আৰু কংগ্ৰেছ দলৰ প্ৰতি নতুন আস্থা দেখা পাইছে ।"

অনলাইন ট্ৰেডিঙক লৈ কি ক'লে গৌৰৱ গগৈয়ে

যোৰহাটৰ সাংসদগৰাকীয়ে কয়, "মই ভাবিছো মুখ্যমন্ত্ৰী আৰু তেওঁৰ ঘনিষ্ঠ মন্ত্ৰীসকলৰ যি দামী দামী ঘড়ী আৰু গাড়ী, তেওঁলোক ব্যক্তিত্ব চাই সকলোৱে এতিয়া ইজি মানী বিচাৰিছে । মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মন্ত্ৰীয়ে অনলাইন ট্ৰেডিং কৰিবলৈ উৎসাহিত কৰিছে ।"

দেশত হ'বলগা বিধানসভা নিৰ্বাচনক লৈ কি কয় গৌৰব গগৈয়ে

লোকসভাত বিৰোধী দলৰ উপ-দলপতিগৰাকীয়ে কয়, "কংগ্ৰেছ দলে হাৰিয়ানা, মহাৰাষ্ট্ৰ, জম্মু-কাশ্মীৰ আৰু ঝাৰখণ্ডত ভাল ফলাফল কৰিব । অহা ফেব্ৰুৱাৰীত দিল্লীৰ নিৰ্বাচনতো কংগ্ৰেছ দলৰ ভাল হ'ব ।"

মুখ্যমন্ত্ৰীক সমালোচনা গৌৰৱ গগৈৰ

চৰাচৰিতভাৱে মুখ্যমন্ত্ৰীক কৰি অহা সমালোচনাৰ দৰে শুকুৰবাৰেও গৌৰৱ গগৈয়ে কয়, "আৰ এছ এছ প্ৰধান মোহন ভাগৱতে কৈছে কোনো ব্যক্তিয়ে নিজেকে ভগৱান বুলি ভাবিব নালাগে । তেওঁ এই কথা কৈ এটা ইঙ্গিত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক । আন এটা ইংগিত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আৰু ডেৰ বছৰ মুখ্যমন্ত্ৰী হৈ থাকিবনে নাথাকে তাক লৈ চিন্তা । মুখ্যমন্ত্ৰীয়ে এখনো জিলা এৰি দিয়া নাই য'ত বাগান, স্কুল, ৰিজ'ৰ্ট খোলা নাই ।"

লগতে পঢ়ক :বিয়াগোম ট্ৰেডিং কেলেংকাৰীৰ ৩২ টা গোচৰ চি বি আইক হস্তান্তৰৰ সিদ্ধান্ত চৰকাৰৰ - Assam Trading Scam
লগতে পঢ়ক :প্ৰতিষ্ঠা দিৱসত বি বৰুৱা কলেজলৈ ভূমিসহ ১০ কোটিৰ উপহাৰ মুখ্যমন্ত্রীৰ - Foundation day of B Borooah College

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.