ETV Bharat / state

আৰক্ষীৰ জিম্মাত ধিংকাণ্ডৰ অভিযুক্তৰ মৃত্যু: উচ্চ ন্যায়ালয়ত আজি প্ৰথমটো শুনানি - Dhing rape case

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 11:19 AM IST

High Court Petition For Dhing case : উচ্চ ন্যায়লয় পালেগৈ ধিংকাণ্ডৰ অভিযুক্তৰ মৃত্যুৰ প্ৰসংগ । আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা কিশোৰী ধৰ্ষণৰ অভিযুক্ত তফাজ্জুল ইছলামৰ পৰিয়ালৰ লোক দ্বাৰস্থ হৈছে উচ্চ ন্যায়লয়ৰ । ঘটনা সন্দৰ্ভত মৃত্যু হোৱা তফাজ্জুল ইছলামৰ পিতৃয়ে গোচৰ তৰিছে গুৱাহাটী উচ্চ ন্যায়লয়ত । গোচৰ চলাই নিয়াৰ দায়িত্ব বটদ্ৰৱাৰ বুলড’জাৰকাণ্ডত চৰকাৰ তথা অসম আৰক্ষীক জবাবদিহি কৰাই ক্ষতিপূৰণ আদায় কৰিবলৈ সক্ষম হোৱা উচ্চ ন্যায়লয়ৰ জ্যেষ্ঠ অধিবক্তা জোনাইদ খলিফৰ ওপৰত । আজি ইয়াৰ প্ৰথমটো শুনানি ।

High Court Petition For Dhing case
ধিংকাণ্ডৰ অভিযুক্তৰ মৃত্যু প্ৰসংগ (ETV Bharat)

নগাঁও, ১৩ ছেপ্টেম্বৰ : ৰাজ্য কঁপোৱা ধিংকাণ্ডৰ এজন অভিযুক্তৰ মৃত্যুৰ প্ৰসংগ পালেগৈ গুৱাহাটী উচ্চ ন্যায়লয়ৰ মজিয়া । বিগত ২২ আগষ্টৰ সন্ধিয়া ঘৰলৈ গৈ থকা অৱস্থাতে ধৰ্ষণৰ দৰে এক জঘন্য ঘটনাৰ বলি হৈছিল ধিঙৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী । অচেতন অৱস্থাতে কিশোৰীগৰাকীক উদ্ধাৰ কৰি প্ৰথমে ধিং এফ আৰ ইউ আৰু পৰৱৰ্তী সময়ত নগাঁও চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল কিশোৰীগৰাকীক ।

এই ঘটনাক কেন্দ্ৰ কৰিয়েই উত্তাল হৈ পৰিছিল ধিং অঞ্চলৰ লগতে সমগ্ৰ ৰাজ্য । ঘটনা সংঘটিত হোৱাৰ এটা দিন পাচতেই ধিঙৰ তফাজ্জুল ইছলাম নামৰ এটা অভিযুক্তক আৰক্ষীয়ে কৰায়ত্ত কৰি অনুসন্ধানৰ বাবে ঘটনাস্থলীলৈ লৈ যোৱাৰ সময়তেই সলিল সমাধি ঘটিছিল অভিযুক্ত তফাজ্জুল ইছলামৰ ।

লগতে পঢ়ক : ধিংকাণ্ড : দোষীক ফাঁচিৰ দাবী আলফা স্বাধীনৰ - Dhing rape case

আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই পুখুৰীত পৰি অভিযুক্ত তফাজ্জুলৰ মৃত্যু হোৱা বুলি সদৰী কৰিছিল নগাঁও আৰক্ষীয়ে । কিন্তু তফাজ্জুলৰ পৰিয়ালৰ লোকে কোনো কাৰণতেই মানি লোৱা নাছিল আৰক্ষীৰ এই দাবী । যাৰ বাবে অৱশেষত কিশোৰী ধৰ্ষণৰ অভিযুক্ত পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি উচ্চ ন্যায়লয়ৰ দ্বাৰস্থ হৈছে পিতৃ আব্দুল আউৱাল ।

লগতে পঢ়ক : আৰক্ষীৰ হাতৰ পৰা পলাবলৈ পুখুৰীত জাঁপ; ধিং-কাণ্ডৰ মূল অভিযুক্তৰ সলিল সমাধি - Dhing rape case

আৰক্ষীৰ জিম্মাত পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি ১০ ছেপ্টেম্বৰতেই গুৱাহাটী উচ্চ ন্যায়লয়ত এক গোচৰ তৰিছে তফাজ্জুলৰ পিতৃ আব্দুল আওৱালে । গুৱাহাটী উচ্চ ন্যায়লয়ত গোচৰটো চলাই নিয়াৰ বাবে তফাজ্জুলৰ পৰিয়ালৰ লোকে দায়িত্ব অৰ্পন কৰিছে বটদ্ৰৱাৰ বুলড’জাৰকাণ্ডত অসম চৰকাৰ তথা অসম আৰক্ষীক জবাবদিহি কৰাই ক্ষতিপূৰণ আদায় কৰিবলৈ সক্ষম হোৱা উচ্চ ন্যায়লয়ৰ জ্যেষ্ঠ অধিবক্তা জোনাইদ খলিফক ।

ধিংকাণ্ডৰ অভিযুক্ত তফাজ্জুল ইছলামৰ মৃত্যু প্ৰসংগত গুৱাহাটী উচ্চ ন্যায়লয়ত বিগত ১০ ছেপ্টেম্বৰত দাখিল হোৱা গোচৰ ৰুজু কৰি ১১ ছেপ্টেম্বৰতে প্ৰথম শুনানিৰ দিন ধাৰ্য কৰা হৈছিল যদিও সময়ৰ অভাৱৰ বাবেই ১১ ছেপ্টেম্বৰৰ বিপৰীতে ১৩ ছেপ্টেম্বৰ শুকুৰবাৰ অৰ্থাৎ আজি গুৱাহাটী উচ্চ ন্যায়লয়ে প্ৰথমটো শুনানি গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে গোচৰটোৰ দায়িত্বত থকা উচ্চ ন্যায়লয়ৰ জ্যেষ্ঠ অধিবক্তা জোনাইদ খলিফে ।

লগতে পঢ়ক : ধিংকাণ্ডৰ দোষীক ফাঁচি দিয়াৰ দাবী বদৰুদ্দিন আজমলৰ - Dhing Rape Case

লগতে পঢ়ক : ধিংকাণ্ডৰ ভুক্তভোগীগৰাকীৰ উচ্চশিক্ষা পৰ্যন্ত দায়িত্ব ল’বলৈ বিচাৰিছে অখিল গগৈয়ে - Dhing Rape Case

লগতে পঢ়ক : ধিংকাণ্ডক লৈ চৰকাৰ কঠোৰ হৈছে : মন্ত্ৰী কেশৱ মহন্ত - protest against Dhing Rape case

লগতে পঢ়ক : আৰক্ষীয়ে নোৱাৰিলে ! সংখ্যালঘু সংগঠনেহে আত্মসমৰ্পণ কৰোৱালে ধিঙৰ ধৰ্ষণকাণ্ডৰ দুই অভিযুক্তক - Dhing Rape Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.