ETV Bharat / state

উচ্ছেদক লৈ পুনৰ আদালতত মুখথেকেচা অসম চৰকাৰৰ, সোণাপুৰৰ উচ্ছেদত আদালতৰ‌‌ স্থগিতাদেশ - Eviction Drive in Sonapur

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Gauhati HC on Sonapur eviction : সোণাপুৰৰ উচ্ছেদ স্থগিত ৰখাৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ ১৩ অক্টোবৰৰ ভিতৰত উপযুক্ত নথি জমা দিয়াৰ নিৰ্দেশ কামৰূপ মহানগৰ জিলা উপায়ুক্তক ৷ ট্টাইবেল বেল্ট ঘোষণাৰ পূৰ্বৰ লোকক কৰিব নোৱাৰিব উচ্ছেদ‌ ৷

Gauhati HC on Sonapur eviction
গুৱাহাটী উচ্চ ন্যায়ালয় (ETV Bharat Assam)

গুৱাহাটী, ১৯ ছেপ্টেম্বৰ : সোণাপুৰৰ কচুতলীত চলোৱা উচ্ছেদক লৈ আদালতত মুখ থেকেচা খালে অসম চৰকাৰে ।‌ বটদ্ৰৱাত আৰক্ষীয়ে পূৰ্বে চলোৱা উচ্ছেদ অভিযানত আদালতত বেয়াকৈ মুখথেকেচা খাইছিল । এতিয়া শেহতীয়াকৈ সোণাপুৰত উচ্ছেদক লৈ আদালতত সমালোচনাৰ সম্মুখীন হয়‌ অসম চৰকাৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে সোণাপুৰৰ উচ্ছেদক লৈ এক গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰি উচ্ছেদ অভিযানত স্থগিতাদেশ জাৰি কৰিছে ।

উল্লেখ্য যে উচ্ছেদক কেন্দ্ৰ কৰি ১২ ছেপ্টেম্বৰত ৰণক্ষেত্ৰত পৰিণত হৈছিল সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী অঞ্চলৰ উচ্ছেদস্থলী । উচ্ছেদিত, উত্তেজিত লোকৰ ক্ষোভ আগতীয়াকৈ তৰ্কিব নোৱাৰি আৰক্ষী প্ৰশাসনে গুলীচালনা কৰিবলগীয়া হোৱাৰ ফলত দুজনকৈ লোক নিহত আৰু আন কেবাজনো আহত হয় ৷ লগতে আৰক্ষীৰ কেবাজনো আহত হৈছিল । তাৰ পিছত প্ৰশাসনে উচ্ছেদ সাময়িকভাৱে স্থগিত ৰাখি যোৱা ১৩ ছেপ্টেম্বৰত সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী অঞ্চলৰ ট্টাইবেল‌ বেল্ট আৰু ব্লক এলেকাত অবৈধভাৱে বসবাস কৰি থকা লোকক তিনিদিনৰ ভিতৰত ঘৰ খালী কৰাৰ বাবে সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই এখন জাননী জাৰি কৰিছিল ।

উক্ত জাননীখনক প্ৰত্যাহ্বান জনাই এই জাননী পোৱা ৫৫ টা পৰিয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ত বৃহস্পতিবাৰে দুখন‌ লেখ আৱেদন দাখিল কৰে । এই‌ সন্দৰ্ভত গুচৰীয়া পক্ষৰ অধিবক্তা এ আৰ‌‌ ভূঞাই কয়, ‘‘কামৰূপ মহানগৰ জিলা উপায়ুক্তই উচ্ছেদৰ পিছত যিখন জাননী জাৰি কৰিছিল, সেইখনক প্ৰত্যাহ্বান জনাই আদালতত লেখ আৱেদন দাখিল কৰা হৈছিল । এই জাননীখন আইন অনুসৰি জাৰি কৰা হোৱা নাছিল বুলি আদালতে কামৰূপ মহানগৰ জিলা উপায়ুক্তক সমালোচনা কৰে । কামৰূপ মহানগৰ জিলা উপায়ুক্তই কোনো জৰীপ নকৰাকৈ এই জাননী জাৰী কৰা বুলি আদালতে সমালোচনা ‌কৰে । আদালতে আৱেদনকাৰীক তেওঁলোকৰৰ নথিসমূহ অহা ১৩ অক্টোবৰৰ ভিতৰত কামৰূপ মহানগৰ জিলা উপায়ুক্তক জমা দিয়াৰ বাবে নিৰ্দেশ দিয়ে । কামৰূপ মহানগৰ জিলা উপায়ুক্তই এই নথিসমূহ পৰীক্ষা কৰি আৱেদনকাৰীসকলৰ এজন এজনকৈ ভাষ্য গ্ৰহণ কৰাৰ বাবে আদালততে নিৰ্দেশ দিয়ে । এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপায়ুক্তই সকলো কাৰ্য সম্পন্ন কৰাৰ পিছত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব । উচ্ছেদৰ নিদেৰ্শ দিব পাৰিব ।’’‌

তেওঁ কয়, ‘‘সোণাপুৰৰ এই অঞ্চলটো ট্টাইবেল বেল্ট ঘোষণা হোৱাৰ‌ আগতে ১৯২৩, ‌১৯২৮ চনতে এই লোকসকল আহিছে ৷ গতিকে যিসকল লোক সোণাপুৰৰ এই অঞ্চলটো ট্টাইবেল বেল্ট ঘোষণা হোৱাৰ‌ আগতে আহিছে, তেওঁলোকক তাৰ পৰা উচ্ছেদ‌ কৰিব নোৱাৰিব ।’’

লগতে পঢ়ক : আদালতৰ দ্বাৰস্থ হ'ব সোণাপুৰৰ উচ্ছেদিত পৰিয়াল; উচ্চতম ন্যায়ালয়তো তৰিব গোচৰ

কৰ্পোৰেট গোষ্ঠীক দিবলৈহে সোণাপুৰত উচ্ছেদ !

চৰকাৰে পৰিকল্পিতভাৱে ৰক্তাক্ত উচ্ছেদ কৰাটো আমি বিচৰা নাই : ৰাইজৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.