ETV Bharat / state

অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাত অভিযুক্তৰ হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড - Online Trading Scam

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 8:47 PM IST

Senior Advocate Bijan Mahajan: অনলাইন ট্ৰেডিং প্ৰৱঞ্চনা‌ৰ গোচৰত অভিযুক্তৰ বিৰুদ্ধে কি হ'ব পাৰে শাস্তি, অনলাইন ট্ৰেডিং প্ৰৱঞ্চনা‌ৰ ঘটনাত ধন হেৰুৱা লোকে ঘূৰাই পাবনে তেওঁলোকৰ ধন ! গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন‌ মহাজনে কি ক’লে জানো আহক...

TRADING FRAUD ASSAM
অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাত অভিযুক্তৰ হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড (ETV Bharat Assam)

গুৱাহাটী, ৯ ছেপ্টেম্বৰ: অনলাইন ট্ৰেডিং প্ৰৱঞ্চনা এতিয়া ৰাজ্যজুৰি চৰ্চিত বিষয় হৈ পৰিছে । অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ অভিযোগত দৈনিক এজনৰ পিছত আনজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ অভিযোগত সাঙোৰ খাই পৰা অসমৰ এতিয়া চৰ্চিত নাম চুমী বৰা আৰু তেওঁৰ সহযোগীসকল পলাতক অৱস্থাত আছে । আৰক্ষীয়ে বিচাৰি হাবাথুৰি খাইছে । অসমৰ বিভিন্ন থানাত ৰুজু হৈছে অনলাইন ট্ৰেডিং প্ৰৱঞ্চনা‌ৰ বহুত গোচৰ ।

জ্যেষ্ঠ অধিবক্তা বিজন‌ মহাজন (ETV Bharat Assam)

অনলাইন ট্ৰেডিং প্ৰৱঞ্চনা‌ৰ গোচৰত অভিযুক্তৰ বিৰুদ্ধে কি হ'ব পাৰে শাস্তি, অনলাইন ট্ৰেডিং প্ৰৱঞ্চনা‌ৰ ঘটনাত ধন হেৰুৱা লোকে ঘূৰাই পাবনে তেওঁলোকৰ ধন ! এই লৈ উত্থাপিত বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন‌ মহাজনে ।

লগতে পঢ়ক: বিশাল-চুমীৰ অনলাইন ট্ৰেডিং কেলেংকাৰীৰ তদন্তৰ ভাৰ চি আই ডিক - CM Himanta Biswa Sarma

সোমবাৰে গুৱাহাটীত সাংবাদিকক সম্বোধন কৰি জ্যেষ্ঠ অধিবক্তা বিজন‌ মহাজনে কয়, "অনলাইন ট্ৰেডিং প্ৰৱঞ্চনা‌ৰ গোচৰত সাঙোৰ খোৱা লোকজনে যদি সময়ত গ্ৰাহকৰ ধন‌ ওভতাই দিয়া‌ নাই অথবা আত্মসাৎ কৰিছে তথা বেআইনীভাৱে এই কামত জড়িত হৈ আছে বুলি আদালতত অভিযুক্ত হ'লে তেওঁৰ আইন মতে ১০ বছৰ কাৰাদণ্ড বা যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে । লগতে গ্ৰাহকজনক দুগুণ ধন জৰিমনা হিচাপে ওভতাই দিব লাগিব ।"

তেওঁ লগতে কয়, "গোচৰবোৰ চি আই ডিলৈ‌ হস্তান্তৰ কৰা হৈছে । চি আই ডিয়ে ধাৰা ৩৬৫ বি এন এছ এছৰ অধীনত গোচৰ ৰুজু কৰিছে । কোনো ব্যক্তিয়ে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত যদি ধন ঘূৰাই দিব নোৱাৰে, তেন্তে বিচাৰ মতে দোষী সাব্যস্ত হ'লে ১০ বছৰলৈ কাৰাদণ্ড হ'ব পাৰে আৰু যি পৰিমাণৰ ধন বিধি উলংঘাৰে লৈছিল দুগুণ পৰিমাণৰ ধন জৰিমনা হ'ব পাৰে বা তেওঁৰ সমস্ত টকা চৰকাৰৰ ৰাজভঁৰাললৈ যাব পাৰে ।"

লগতে পঢ়ক: জাননী পোৱাৰ পিছতো নাহিলে চুমী বৰাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব: ডি জি পি - DGP Assam GP Singh

জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে আৰু কয়, "নিয়ম অনুসৰি যিখিনি মানুহে ডিপোজিত কৰিছিল ডিপোজিটৰসকলে সেই ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে । কিন্তু যিসকলে বিধিসন্মতভাৱে ধন জমা দিয়া নাই বা জমা লৈছে তেওঁলোকে ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা উলংঘন কৰিছে । যদি ডিপোজিত লোৱা ব্যক্তিয়ে এখন ৰাজ্যৰ উপৰিও‌ বেলেগ এখন ৰাজ্যৰ পৰাও‌ ধ‌ন জমা লৈছে‌ তেন্তে সেই গোচৰ চি বি আইলৈ হস্তান্তৰ কৰাৰো আইন অনুসৰি নিয়ম আছে ।"

"পশ্চিমবংগত 'ৰ'জ ভেলী' আৰু 'সাৰদা'ৰ ওপৰত যি ধৰণৰ ধাৰা লাগিছিল একে ধৰণৰে ধাৰা এনে গোচৰত লাগিব পাৰে আৰু শাস্তিৰ প্ৰক্ৰিয়া সেইধৰণে আগবাঢ়িব পাৰে ।" জ্যেষ্ঠ অধিবক্তা বিজন‌ মহাজনে কয় ৷

লগতে পঢ়ক: চুমী বৰাক গ্ৰেপ্তাৰৰ বাবে বহিঃৰাজ্যৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে - Online Trading Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.