ETV Bharat / state

অনুকম্পামূলক নিযুক্তি বন্ধ কৰি বিপদত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ

অসম চৰকাৰে অনুকম্পামূলক নিযুক্তিৰ ক্ষেত্ৰত গ্ৰহণ কৰা এক পদক্ষেপ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰকাৰখনক জবাবদিহি কৰিছে ৷ পঢ়ক সবিশেষ-

Assam compassionate recruitment
গুৱাহাটী উচ্চ ন্যায়ালয় (File Photo)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

গুৱাহাটী: চৰকাৰৰ অনুকম্পামূলক নিযুক্তি বন্ধ কৰাৰ বাবে শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত জবাবদিহি হৈছে অসম চৰকাৰ । অনুকম্পামূলক নিযুক্তি বন্ধ কৰাৰ বাবে অসম চৰকাৰে জাৰি কৰা অফিচ মেম'ৰেণ্ডামৰ বিৰুদ্ধে বিদ্যালয় শিক্ষা বিভাগৰ ১৪ জন আবেদনকাৰীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল । অনুকম্পামূলক পদ বিলুপ্ত কৰি ন্যায়ালয়ৰ ৰোষত পৰিছে অসম চৰকাৰ ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মানস ৰঞ্জন পাঠকৰ বিচাৰপীঠৰ নিৰ্দেশ মৰ্মে কৰ্মচাৰী (বি) বিভাগে অফিচ মেম'ৰেণ্ডামৰ সন্দৰ্ভত ৮ সপ্তাহৰ ভিতৰত স্পষ্ট কৰিব লাগিব স্থিতি । যোৱা ৩০ ছেপ্টেম্বৰতে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ জাৰি কৰিছে । মুখ্য সচিব ৰবি কোটা, কৰ্মচাৰী বিভাগৰ আয়ুক্ত সচিব এম এছ মনিভান্নান, শিক্ষা সচিব নাৰায়ণ কোঁৱৰকে ধৰি ৭ গৰাকী পদকীয়া পক্ষলৈ কাৰণ দৰ্শোৱা জাননী কৰিছে উচ্চ ন্যায়ালয়ে ।

বিপক্ষৰ অধিবক্তাৰ ভাষ্য (ETV Bharat)

এই সন্দৰ্ভত বৃহস্পতিবাৰে গোচৰীয় পক্ষৰ অধিবক্তা এন হুছেইনে কয়, ‘‘বিগত ১৮ ছেপ্টেম্বৰত জাৰি কৰা অফিচ মেম'ৰেণ্ডামৰ ফলত অনুকম্পামূলক নিযুক্তিৰ বাবে কোনো আবেদন জিলা পৰ্যায়ৰ সমিতি (DLC) বা ৰাজ্যিক পৰ্যায়ৰ সমিতি (SLC) ত বিবেচনা কৰা নহ'ব । ২০১৭ চনৰ আগত মৃত্যু হোৱা কোনো কৰ্মচাৰীৰ সন্তানে লাভ নকৰে অনুকম্পামূলক নিযুক্তি । ২০১৭ চনৰ আগত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালে লাভ নকৰে সম্পূৰ্ণ পেন্সনো । কেৱল ২০১৭ চনৰ পাছত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালেহে পাব সম্পূৰ্ণ পেন্সন । প্ৰশ্ন উঠিছে ডিষ্ট্ৰিক লেভেল কমিটী আৰু ষ্টেট লেভেল কমিটীয়ে বাছনি কৰা প্ৰাৰ্থীসকলৰ এতিয়া কি হ'ব ?’’

Assam compassionate recruitment
উচ্চ ন্যায়ালয়ৰ জাননী (ETV Bharat)

অফিচ মেম'ৰেণ্ডামখনক বৈষম্যমূলক বুলি অভিহিত কৰি তেওঁ কয় যে মেম'ৰেণ্ডামখনৰ দ্বাৰা কৰ্মচাৰী সমাজক দুটা ভাগত বিভক্তকৰণেৰে সংবিধানৰ ১৪ নং অনুচ্ছেদ ভংগ কৰা হৈছে ।

Assam compassionate recruitment
উচ্চ ন্যায়ালয়ৰ জাননী (ETV Bharat)

তেওঁ লগতে কয়, ‘‘হিমন্ত বিশ্ব শৰ্মা বিত্ত বিভাগৰ দায়িত্বত থকাৰ সময়ত ২০১৭ চনৰ ১ এপ্ৰিলৰ পাছত মৃত্যু হোৱা চৰকাৰী কৰ্মচাৰীৰ আত্মীয়ৰ বাবে কৰ্মচাৰীজনৰ অৱসৰ পৰ্যন্ত সম্পূৰ্ণ দৰমহাকে ফেমিলী পেঞ্চন হিচাপে প্ৰদানৰ আঁচনি ঘোষণা কৰিছিল । ইয়াৰ বিপৰীতে ২০১৭ চনৰ ১ এপ্ৰিলৰ আগত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালৰ বাবে অনুকম্পামূলক নিযুক্তি বাহাল ৰাখিছিল ।

Assam compassionate recruitment
উচ্চ ন্যায়ালয়ৰ জাননী (ETV Bharat)

মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি মন্ত্ৰীসকলক অনুকম্পামূলক আবেদন বিবেচনাৰ কৰ্তৃত্ব দি তাৎক্ষণিকভাৱে সকলো নিযুক্তি প্ৰদানৰ নিৰ্দেশ দিছিল । কিন্তু একেজন মুখ্যমন্ত্ৰীয়ে নিযুক্তি সম্পূৰ্ণ কৰিব নোৱাৰি উচ্চতম ন্যায়ালয়ৰ পশ্চিম বংগৰ এটা গোচৰৰ ৰায়ৰ দোহাই দি অৱশেষত অনুকম্পামূলক ২২ হাজাৰ পদ গোপনে বিলুপ্তি কৰিলে ।’’

অধিবক্তাগৰাকীয়ে আৰু কয়, ‘‘অসম চৰকাৰৰ মুঠ কৰ্মচাৰীৰ সংখ্যা ৪ লাখ ৫০ হাজাৰ । ইয়াৰে ৫ শতাংশ পদ অৰ্থাৎ প্ৰায় ২২,৫০০ পদ অনুকম্পামূলক নিযুক্তিৰ বাবে সংৰক্ষিত । বিতৰ্কিত অফিচ মেম'ৰেণ্ডামখনৰ ফলত বিলুপ্ত হৈ পৰিল এই ২২,৫০০ পদ ।’’

লগতে পঢ়ক: অসমত এনকাউণ্টাৰ অতি গুৰুতৰ বিষয় : উচ্চতম ন্যায়ালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.