ETV Bharat / state

চিলিণ্ডাৰৰ বাবে কিমান আৰু দীঘলীয়া শাৰীত থিয় দিব...গুৱাহাটীত এতিয়া ছুইচ টিপিলেই পাকঘৰতে পাব ৰন্ধন গেছ

PNG project: গুৱাহাটীবাসীৰ বাবে এটা ভালখবৰ ৷ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বাবে এতিয়া আৰু হাহাকাৰ কৰিব নালাগে ৷ নিজে নিজেই ৰান্ধনীঘৰ পাবহি গেছ ৷

PNG project
PNG project in Guwahati (X handle)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

গুৱাহাটী: গুৱাহাটীত শীঘ্ৰেই মহানগৰবাসীয়ে পাইপেৰে ৰন্ধন গেছ লাভ কৰিব । গুৱাহাটীত প্ৰথম পৰ্যায়ত ৬৫ হাজাৰ গ্ৰাহকক পাইপেৰে ৰন্ধন গেছ যোগান ধৰিব পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেডে (পিবিজিপিএল) । অহা বছৰ মাৰ্চত মহানগৰীৰ একাংশ অঞ্চলত পাইপেৰে গেছ যোগান ধৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যদিও প্ৰধান গেছৰ পাইপ লাইনৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবে এই লক্ষ্যত বিলম্ব হ'ব পাৰে ।

এই বিষয়ে পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেডৰ মাৰ্কেটিং মূৰব্বী এছ ডেকাই সদৰী কৰি কয়, "বাৰাউনীৰ পৰা গুৱাহাটীলৈ গেইলে সংযোগ কৰা পাইপ লাইনৰ কাম কিছু কাৰিকৰী অসুবিধাৰ বাবে সম্পূৰ্ণ নোহোৱাৰ বাবে পাইপেৰে গেছ যোগান ধৰাৰ লক্ষ্য কিছু বিলম্ব হ'ব ।’’

গুৱাহাটীৰ কোন কোন ঠাইত দিয়া হ'ব গেছৰ যোগান:

পি বিজিপিএল হৈছে অসম গেছ কোম্পানী লিমিটেড, অইল ইণ্ডিয়া লিমিটেড আৰু গেইল গেছ লিমিটেডৰ যৌথ উদ্যোগৰ কোম্পানী । এই কোম্পানীটোৱে গুৱাহাটীত পাইপেৰে ৰন্ধন গেছ বিতৰণ কৰা বৃহৎ প্ৰকল্পটো ৰূপায়ণ কৰি আছে । পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেডৰ মাৰ্কেটিং মূৰব্বী এছ ডেকাই কয়, "প্ৰথম পৰ্যায়ত নুনমাটি, বামুনিমৈদাম, গীতা নগৰ, নাৰেংগী, ছয়মাইল, বৰবাৰী, পাঞ্জবাৰী, সাতগাঁও, হাতীগাঁও, বেলতলা, জয়ানগৰ, খানাপাৰা, বোন্দা আৰু হেঙেৰাৰাবাৰীক সামৰি লোৱা হ'ব । দ্বিতীয় পৰ্যায়ৰ অধীনত গণেশগুৰি, কাহিলিপাৰা, খ্ৰীষ্টানবস্তি, উলুবাৰী, ভঙাগড় আৰু উজান বজাৰ আদি অঞ্চল সামৰি লোৱা হ'ব । চূড়ান্ত আৰু তৃতীয় পৰ্যায়ৰ অধীনত বকো, মিৰ্জা, আজাৰা, সোণাপুৰ, ৰামপুৰ আৰু ছায়গাঁৱলৈ প্ৰকল্পটো ৰূপায়ন কৰা হ'ব ।"

তেওঁ লগতে কয়, "গেছ বাৰাউনীৰ পৰা পাইপেৰে আহিব । এই গেছ জমা কৰি বিতৰণ কৰা ষ্টেচনটো নুনমাটিত নিৰ্মাণ কৰি থকা হৈছে । বাৰাউনীৰ পৰা অহা প্ৰধান পাইপ লাইন ইতিমধ্যে পানীখাইতি আহি পাইছে । কিছু কাৰিকৰী অসুবিধাৰ বাবে প্ৰধান পাইপলাইন নুনমাটিৰ প্ৰধান ষ্টেচনটোৰ লগত সংযোগ কৰিব পৰা নাই । বৰ্তমান এই কাম চলি আছে । এই কাম সম্পূৰ্ণ হ'লে বাৰাউনীৰ পৰা গেছ যোগান হ'ব । তাৰ পিছতহে গুৱাহাটীত বিতৰণৰ কাম আৰম্ভ কৰিব পৰা যাব ।"

কেনেদৰে পাব গেছৰ যোগান :

ভাৰতী গেছ প্ৰাইভেট লিমিটেডে মাৰ্কেটিং মূৰব্বীগৰাকীয়ে উল্লেখ কৰা মতে, ইতিমধ্যে এই প্ৰকল্পৰ সুবিধা দিয়াৰ বাবে পিবিজিপিএলৰ ৱেৱছাইটৰ জৰিয়তে গ্ৰাহকৰ পঞ্জীয়ন কৰি থকা হৈছে । এতিয়ালৈকে প্ৰায় ৪০ হাজাৰ গ্ৰাহকে পঞ্জীয়ন কৰিছে । এজন গ্ৰাহকৰ পঞ্জীয়ন মাচুল ১২৭৫ টকা নিৰ্দ্ধাৰণ কৰা হৈছে । এতিয়ালৈকে গেছৰ মূল্য তথা আনুসংগিক খৰচ নিৰ্ধাৰণ কৰা হোৱা নাই ।

তেওঁ লগতে কয়, "এতিয়ালৈকে নুনমাটি, নাৰেংগী, বেলতলা আৰু জি এছৰ ৰোডৰ একাংশ এলেকাত পথৰ তলেৰে পাইপ সংযোগ কৰা হৈছে । ঘৰে ঘৰে এতিয়াও পাইপ সংযোগ কৰা হোৱা নাই ।" উল্লেখ্য যে অহা আঠ বছৰৰ ভিতৰত গুৱাহাটীৰ 3.21 লাখ গ্ৰাহকলৈ ৰন্ধন গেছ যোগান ধৰাৰ লক্ষ্য লৈছে পি বিজিপিএলে ।

লগতে পঢ়ক:চিৰাঙৰ হাতীপোতাত গেছ পাইপ লাইনৰ আধাৰশিলা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.